--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : উত্তৰ-প্ৰদেশৰ এটি বিৰল ঘটনাই সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে৷ বিয়াৰ দিনাই ৰক্তদান কৰি এযোৰ দৰা-কইনাই ৰক্ষা কৰে এগৰাকী কণমানি শিশুৰ জীৱন৷ টুইটাৰত আৰক্ষী আশিস কে আৰ মিশ্ৰাই ৰক্তদানৰ ফটো শ্বেয়াৰ কৰাৰ পাছতেই সকলোতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ বিবাহৰ এই মধুৰ সময়ছোৱাত আশীৰ্বাদ হিচাপে নৱবিবাহিত দৰা-কইনাক উপহাৰ দিয়াৰ পৰম্পৰাটো চলি থাকোতেই কিছু ব্যতিক্ৰমী অভিৰুচী দেখুৱাই এই দম্পতিয়ে।

আৰু পঢ়িব পাৰিব : অবৈধভাৱে মজুত কৰি ৰখা জিলেটিন ষ্টিকৰ বিস্ফোৰণত ৬জন লোক নিহত…

জানিব পৰা মতে, এগৰাকী কণমানি শিশুক তেজৰ অতি প্ৰয়োজন আছিল আৰু কোনেও ৰক্তদান কৰিবলৈ আগবাঢ়ি অহা নাছিল। আৰু তেনে সময়তেই নিজৰ বিবাহৰ মাজতেই নৱদম্পতিহালে আগবাঢ়ি আহি ৰক্তদান কৰে।

আৰু পঢ়িব পাৰিব : ৰাজ্যত বিদ্যালয়-বিশ্ববিদ্যলয়ত পুনৰ ক’ভিড সংক্ৰমণ !

প্ৰয়াগৰাজৰ আৰক্ষী বিষয়াজনে ছবিখনত মনোভাব প্ৰকাশ কৰি লিখিছিল, 'মোৰ ভাৰত মহান।' তেওঁ আনকি এইবুলিও বৰ্ণনা কৰিছিল যে, 'কোনো স্বেচ্ছাসেৱকে ৰক্তদান কৰিবলৈ আগবাঢ়ি নহাটো বৰ দুখৰ বিষয়! তেওঁতো কাৰোৱাৰ সন্তান!'


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ