--°C
Loading...
Listen to Article
2 min read
80%

বেংগালুৰু : কৰ্ণাটকৰ কোৱেৰি অঞ্চলত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় সোমবাৰে নিশা। এই বিস্ফোৰণত ৬জন লোক নিহত হৈছে। জানিব পৰা মতে অবৈধভাৱে মজুত কৰি ৰখা জিলেটিন ষ্টিক এখন ট্ৰাকৰ পৰা এই বিস্ফোৰণ সংঘটিত হয়৷

আৰু পঢ়িব পাৰিব : ৰাজ্যত বিদ্যালয়-বিশ্ববিদ্যলয়ত পুনৰ ক’ভিড সংক্ৰমণ !

আৰক্ষীৰ অভিযানৰ পৰা বাচিবলৈ জিলেটিন বাৰসমূহ নষ্ট কৰিবলৈ যাওতে বিস্ফোৰণ ঘটি কমেও ৬জন লোকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰি টুইটযোগে কয়, "কৰ্ণাটকৰ বিস্ফোৰণত প্ৰাণ হেৰুওৱাত মই মৰ্মাহত হৈছো। মৃতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক তাৰেই প্ৰাৰ্থনা কৰিছো।"

আৰু পঢ়িব পাৰিব : শিমলুগুৰিত বিদ্যুতৰ খুঁটাৰ ৰূপত বাঁহ-জীৱন্ত গছ

ইপিনে এই ঘটনাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বি এছ য়াডুৰাপ্পাই ঘটনাৰ শীঘ্ৰে তদন্তৰ আশ্বাস দিয়াৰ লগতে অভিযুক্তসকলৰ বিৰুেদ্ধ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ