--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ জাফৰাবাদৰ OYO হোটেলত শুকুৰবাৰে মৃত অৱস্থাত উদ্ধাৰ হয় এজন যুৱক আৰু এগৰাকী বিবাহিতা মহিলা। মৃত লোক দুজন হৈছে মীৰুটৰ বাসিন্দা সোহৰাব আৰু দিল্লীৰ বাসিন্দা আয়েছা। আয়েছা বিবাহিতা আছিল আৰু তেওঁৰ ৯ আৰু ৪ বছৰ বয়সৰ দুটা সন্তান আছিল। আয়েছাৰ স্বামীৰ নাম মহম্মদ গুলফাম যিয়ে জিম প্ৰটিন চাপ্লিমেণ্ট বিক্ৰী কৰে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, মৌজপুৰ মেট্ৰ’ ষ্টেচনৰ সমীপত অৱস্থিত অ’য়’ হোটেলৰ এটা কোঠাৰ ভিতৰত দুটা মৃতদেহ সম্পৰ্কে পিচিআৰ ফোন আহিছিল। বিষয়াজনে কয়, ‘আৰক্ষীয়ে যেতিয়া সেই স্থানত উপস্থিত হয়, তেতিয়া দেখা গ’ল যে সোহৰাব আৰু আয়েশাই দুপৰীয়া ১:০২ বজাত অ’য়’ হোটেলত চেক ইন কৰি ৪ ঘণ্টাৰ বাবে ৰুম বুকিং কৰিছিল। তেওঁলোক নিশা প্ৰায় ০৭:৪৫ বজালৈকে বাহিৰলৈ ওলাই নহাত হোটেলৰ কৰ্মচাৰীয়ে দুৱাৰত টোকৰ মাৰিলে। কোঠাটোৰ ভিতৰৰ পৰা কোনো সঁহাৰি নোপোৱাত হোটেলৰ কৰ্মচাৰীয়ে বিট কনিষ্টবলক মাতিলে।

‘আৰক্ষীৰ উপস্থিতিত কোঠাটোৰ দুৱাৰ ভঙা হয়। দুয়োকে মৃত অৱস্থাত দেখি উপস্থিত থকা লোকসকল হতচকিত হৈ উঠে। সোহৰাবৰ মৃতদেহটো নাইলনৰ ৰছীৰে চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় আৰু আয়েশা বিচনাত মৃত অৱস্থাত পৰি আছিল। ' .

আয়েছাৰ ডিঙিত কিছু আঘাতৰ চিন আছিল। আয়েছাৰ কাষৰ বিচনাখনত আধা পৃষ্ঠাৰ হাতে লিখা চুইচাইড নোট এখন পোৱা গৈছে, য’ত দুয়ো দুয়োৰে প্ৰেমত পৰা বুলি দাবী কৰা হৈছে আৰু তেওঁলোকে একেলগে জীৱনটো শেষ কৰাৰ সিদ্ধান্ত লৈছিল।

ডিচিপিয়ে ঘটনাস্থলীৰ তদন্তৰ বাবে দিল্লী আৰক্ষীৰ ক্ৰাইম টিম আৰু এফএছএলৰ দলক মাতি আনে। ৰিচেপচন আৰু চিৰিৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। আয়েছাৰ স্বামীক জেৰা অব্যাহত আছে আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক