--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ জাফৰাবাদৰ OYO হোটেলত শুকুৰবাৰে মৃত অৱস্থাত উদ্ধাৰ হয় এজন যুৱক আৰু এগৰাকী বিবাহিতা মহিলা। মৃত লোক দুজন হৈছে মীৰুটৰ বাসিন্দা সোহৰাব আৰু দিল্লীৰ বাসিন্দা আয়েছা। আয়েছা বিবাহিতা আছিল আৰু তেওঁৰ ৯ আৰু ৪ বছৰ বয়সৰ দুটা সন্তান আছিল। আয়েছাৰ স্বামীৰ নাম মহম্মদ গুলফাম যিয়ে জিম প্ৰটিন চাপ্লিমেণ্ট বিক্ৰী কৰে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, মৌজপুৰ মেট্ৰ’ ষ্টেচনৰ সমীপত অৱস্থিত অ’য়’ হোটেলৰ এটা কোঠাৰ ভিতৰত দুটা মৃতদেহ সম্পৰ্কে পিচিআৰ ফোন আহিছিল। বিষয়াজনে কয়, ‘আৰক্ষীয়ে যেতিয়া সেই স্থানত উপস্থিত হয়, তেতিয়া দেখা গ’ল যে সোহৰাব আৰু আয়েশাই দুপৰীয়া ১:০২ বজাত অ’য়’ হোটেলত চেক ইন কৰি ৪ ঘণ্টাৰ বাবে ৰুম বুকিং কৰিছিল। তেওঁলোক নিশা প্ৰায় ০৭:৪৫ বজালৈকে বাহিৰলৈ ওলাই নহাত হোটেলৰ কৰ্মচাৰীয়ে দুৱাৰত টোকৰ মাৰিলে। কোঠাটোৰ ভিতৰৰ পৰা কোনো সঁহাৰি নোপোৱাত হোটেলৰ কৰ্মচাৰীয়ে বিট কনিষ্টবলক মাতিলে।

‘আৰক্ষীৰ উপস্থিতিত কোঠাটোৰ দুৱাৰ ভঙা হয়। দুয়োকে মৃত অৱস্থাত দেখি উপস্থিত থকা লোকসকল হতচকিত হৈ উঠে। সোহৰাবৰ মৃতদেহটো নাইলনৰ ৰছীৰে চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় আৰু আয়েশা বিচনাত মৃত অৱস্থাত পৰি আছিল। ' .

আয়েছাৰ ডিঙিত কিছু আঘাতৰ চিন আছিল। আয়েছাৰ কাষৰ বিচনাখনত আধা পৃষ্ঠাৰ হাতে লিখা চুইচাইড নোট এখন পোৱা গৈছে, য’ত দুয়ো দুয়োৰে প্ৰেমত পৰা বুলি দাবী কৰা হৈছে আৰু তেওঁলোকে একেলগে জীৱনটো শেষ কৰাৰ সিদ্ধান্ত লৈছিল।

ডিচিপিয়ে ঘটনাস্থলীৰ তদন্তৰ বাবে দিল্লী আৰক্ষীৰ ক্ৰাইম টিম আৰু এফএছএলৰ দলক মাতি আনে। ৰিচেপচন আৰু চিৰিৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। আয়েছাৰ স্বামীক জেৰা অব্যাহত আছে আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ