--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ আহিব পাৰে। প্ৰতিবেদন অনুসৰি ভাৰতীয় বেংক সংস্থাই চৰকাৰী আৰু কিছুমান পুৰণি ব্যক্তিগত বেংকৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি আৰু ছুটীৰ দিন বৃদ্ধিৰ বাবে কেইবাটাও প্ৰস্তাৱ উত্থাপন কৰিছে। যদি এই প্ৰস্তাৱ  গ্ৰহণ কৰা হয়, বেঙ্ক কৰ্মচাৰীসকলে বিভিন্ন ধৰণে লাভাৱান্বিত হ'ব।

প্ৰতিবেদন অনুসৰি ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনে ৰাজ্যিক মালিকানাধীন আৰু পুৰণি ব্যক্তিগত বেংকৰ কৰ্মচাৰীসকলৰ দৰমহা ১৫ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ দিছে। ইফালে, বিভিন্ন বেংকৰ ইউনিয়নে দাবী জনাইছে যে দৰমহা আৰু অধিক বৃদ্ধি কৰিব লাগে। ইউনিয়নবোৰে দাবী কৰে যে শেহতীয়া বছৰবোৰত বেংকবোৰে ভাল প্ৰদৰ্শন কৰিছে, বিশাল  পৰিমাণৰ লাভো হৈছে।  কৰ্মচাৰীসকলৰ প্ৰচেষ্টাই এইটো সম্ভৱ হৈছে। 

১৫ শতাংশতকৈ অধিক দৰমহা বৃদ্ধিৰ  সপক্ষে বেংক কৰ্মচাৰী সংগঠনবোৰে যুক্তি দিছে  যে কোভিডৰ সময়ত যেতিয়া সমগ্ৰ দেশৰ বহু লোক  ঘৰত সুৰক্ষিত হৈ আছিল, বেংক কৰ্ংচাৰীসকলে  কাৰ্যালয়ত কাম কৰিছিল আৰু দেশৰ অৰ্থনীতি সক্ৰিয় কৰি ৰাখিছিল। বেংক কৰ্মচাৰীসকলে চৰকাৰী আঁচনি ৰূপায়ণত মুখ্য ভূমিকা পালন কৰি আহিছে। সেয়ে  কৰ্মচাৰীসকলৰ দৰমহা আৰু বৃদ্ধি কৰিব লাগে। 

ইফালে, ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনেও প্ৰতি সপ্তাহত দুদিনৰ ছুটীৰ প্ৰস্তাৱ দিছে। অৰ্থাৎ, যদি প্ৰস্তাৱটো গৃহীত হয়, বেঙ্কবোৰ সপ্তাহত পাঁচদিন খোলা থাকিব। বেংকবোৰ প্ৰতি সপ্তাহত শনিবাৰে বন্ধ থাকিব। বৰ্তমানে, বেঙ্কবোৰ মাহৰ দুসপ্তাহৰ বাবে শনিবাৰে খোলা থাকে। ইফালে, বিত্ত মন্ত্ৰালয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত  নজৰ ৰাখিছে। অহা বছৰৰ লোকসভা 

নিৰ্বাচনৰ পূৰ্বে দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা   হ'ব বুলি বহুতে  আশা কৰিছে। উল্লেখ্য শেষবাৰৰ বাবে ২০২০ চনত বেংক কৰ্মচাৰীসকলৰ দৰমহা  বৃদ্ধি কৰা হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ