--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ আহিব পাৰে। প্ৰতিবেদন অনুসৰি ভাৰতীয় বেংক সংস্থাই চৰকাৰী আৰু কিছুমান পুৰণি ব্যক্তিগত বেংকৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি আৰু ছুটীৰ দিন বৃদ্ধিৰ বাবে কেইবাটাও প্ৰস্তাৱ উত্থাপন কৰিছে। যদি এই প্ৰস্তাৱ  গ্ৰহণ কৰা হয়, বেঙ্ক কৰ্মচাৰীসকলে বিভিন্ন ধৰণে লাভাৱান্বিত হ'ব।

প্ৰতিবেদন অনুসৰি ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনে ৰাজ্যিক মালিকানাধীন আৰু পুৰণি ব্যক্তিগত বেংকৰ কৰ্মচাৰীসকলৰ দৰমহা ১৫ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ দিছে। ইফালে, বিভিন্ন বেংকৰ ইউনিয়নে দাবী জনাইছে যে দৰমহা আৰু অধিক বৃদ্ধি কৰিব লাগে। ইউনিয়নবোৰে দাবী কৰে যে শেহতীয়া বছৰবোৰত বেংকবোৰে ভাল প্ৰদৰ্শন কৰিছে, বিশাল  পৰিমাণৰ লাভো হৈছে।  কৰ্মচাৰীসকলৰ প্ৰচেষ্টাই এইটো সম্ভৱ হৈছে। 

১৫ শতাংশতকৈ অধিক দৰমহা বৃদ্ধিৰ  সপক্ষে বেংক কৰ্মচাৰী সংগঠনবোৰে যুক্তি দিছে  যে কোভিডৰ সময়ত যেতিয়া সমগ্ৰ দেশৰ বহু লোক  ঘৰত সুৰক্ষিত হৈ আছিল, বেংক কৰ্ংচাৰীসকলে  কাৰ্যালয়ত কাম কৰিছিল আৰু দেশৰ অৰ্থনীতি সক্ৰিয় কৰি ৰাখিছিল। বেংক কৰ্মচাৰীসকলে চৰকাৰী আঁচনি ৰূপায়ণত মুখ্য ভূমিকা পালন কৰি আহিছে। সেয়ে  কৰ্মচাৰীসকলৰ দৰমহা আৰু বৃদ্ধি কৰিব লাগে। 

ইফালে, ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনেও প্ৰতি সপ্তাহত দুদিনৰ ছুটীৰ প্ৰস্তাৱ দিছে। অৰ্থাৎ, যদি প্ৰস্তাৱটো গৃহীত হয়, বেঙ্কবোৰ সপ্তাহত পাঁচদিন খোলা থাকিব। বেংকবোৰ প্ৰতি সপ্তাহত শনিবাৰে বন্ধ থাকিব। বৰ্তমানে, বেঙ্কবোৰ মাহৰ দুসপ্তাহৰ বাবে শনিবাৰে খোলা থাকে। ইফালে, বিত্ত মন্ত্ৰালয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত  নজৰ ৰাখিছে। অহা বছৰৰ লোকসভা 

নিৰ্বাচনৰ পূৰ্বে দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা   হ'ব বুলি বহুতে  আশা কৰিছে। উল্লেখ্য শেষবাৰৰ বাবে ২০২০ চনত বেংক কৰ্মচাৰীসকলৰ দৰমহা  বৃদ্ধি কৰা হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ