--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াৰ একোটা 'অশ্লীল' পোষ্ট লাইক কৰাটো অপৰাধ হ'ব নোৱাৰে। অৱশ্যে তেনে পোষ্ট শ্বেয়াৰ কৰা বা পুনৰ পোষ্ট কৰাটো  এক শাস্তিযোগ্য অপৰাধ। এই মন্তব্য কৰিছে  এলাহাবাদ উচ্চ ন্যায়ালয়ে। আদালতে  মহম্মদ ইমৰান কাজী নামৰ লোক এজনৰ  বিৰুদ্ধে এটা অপৰাধমূলক গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। 

ন্যায়াধীশ অৰুণ কুমাৰ সিঙে গোচৰটো খাৰিজ কৰে। লোক জনৰ বিৰুদ্ধে এটা অশ্লীল পোষ্ট লাইক কৰাৰ অভিযোগ উঠিছিল। ন্যায়াধীশে কয় "মই এনে কোনো সমল  পোৱা নাই যিয়ে আবেদনকাৰীক কোনো আপত্তিজনক কামৰ  সৈতে সংযোগ কৰিব পাৰে" । আবেদনকাৰীৰ ফেচবুক আৰু হোৱাটছএপ একাউণ্টত কোনো আপত্তিজনক পোষ্ট পোৱা নগ'ল বুলিও তেওঁ কয়।

 সেয়েহে, আবেদনকাৰীৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰিব নোৱাৰি বুলি আদালতে ৰায় দিয়ে। একে সময়তে, তেওঁ কয় , "অভিযুক্তজনে ফাৰহান ওছমানৰ এটা পোষ্ট লাইক কৰিছিল। কিন্তু ৬৭ আইটি আইনৰ অধীনত কাৰোবাৰ পোষ্ট লাইক কৰাটো অপৰাধ হ'ব নোৱাৰে।’’ উল্লেখ্য  ৩০ জুনতআগ্ৰাৰ এখন আদালতে খানৰ বিৰুদ্ধে প্ৰস্তুত কৰা অভিযোগনামা গ্ৰহণ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰিছিল। কিন্তু এইবাৰ উচ্চ ন্যায়ালয়ে গোচৰটো খাৰিজ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ