--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াৰ একোটা 'অশ্লীল' পোষ্ট লাইক কৰাটো অপৰাধ হ'ব নোৱাৰে। অৱশ্যে তেনে পোষ্ট শ্বেয়াৰ কৰা বা পুনৰ পোষ্ট কৰাটো  এক শাস্তিযোগ্য অপৰাধ। এই মন্তব্য কৰিছে  এলাহাবাদ উচ্চ ন্যায়ালয়ে। আদালতে  মহম্মদ ইমৰান কাজী নামৰ লোক এজনৰ  বিৰুদ্ধে এটা অপৰাধমূলক গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। 

ন্যায়াধীশ অৰুণ কুমাৰ সিঙে গোচৰটো খাৰিজ কৰে। লোক জনৰ বিৰুদ্ধে এটা অশ্লীল পোষ্ট লাইক কৰাৰ অভিযোগ উঠিছিল। ন্যায়াধীশে কয় "মই এনে কোনো সমল  পোৱা নাই যিয়ে আবেদনকাৰীক কোনো আপত্তিজনক কামৰ  সৈতে সংযোগ কৰিব পাৰে" । আবেদনকাৰীৰ ফেচবুক আৰু হোৱাটছএপ একাউণ্টত কোনো আপত্তিজনক পোষ্ট পোৱা নগ'ল বুলিও তেওঁ কয়।

 সেয়েহে, আবেদনকাৰীৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰিব নোৱাৰি বুলি আদালতে ৰায় দিয়ে। একে সময়তে, তেওঁ কয় , "অভিযুক্তজনে ফাৰহান ওছমানৰ এটা পোষ্ট লাইক কৰিছিল। কিন্তু ৬৭ আইটি আইনৰ অধীনত কাৰোবাৰ পোষ্ট লাইক কৰাটো অপৰাধ হ'ব নোৱাৰে।’’ উল্লেখ্য  ৩০ জুনতআগ্ৰাৰ এখন আদালতে খানৰ বিৰুদ্ধে প্ৰস্তুত কৰা অভিযোগনামা গ্ৰহণ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰিছিল। কিন্তু এইবাৰ উচ্চ ন্যায়ালয়ে গোচৰটো খাৰিজ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ