--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিচিত্ৰ  আমাৰ দেশ৷ তেনে আচৰিত স্থান অথবা স্মাৰকৰ ভিতৰত পঞ্জাৱৰ এই বিশেষ গুৰুদ্বাৰটোও এটা৷ এই গুৰুদ্বাৰক বহুতে 'হাৱাই জাহাজ গুৰুদ্বাৰ' বুলিও কয়৷ কাৰণ ভক্তই মনৰ ইচ্ছা পূৰণ কৰিবলৈ এই গুৰুদ্বাৰাত নৈবেদ্য হিচাবে যাঁচে খেলনা এৰ’প্লেন!

সাধাৰণতে, গুৰুদ্বাৰা, মন্দিৰ বা মছজিদৰ বাহিৰৰ দোকানবোৰ ফুল, মিঠাই বা পূজাৰ অন্যান্য সামগ্ৰীৰে ঠাহ খাই থাকে। কিন্তু পঞ্জাৱৰ এই গুৰুদ্বাৰৰ বাহিৰত থকা দোকানত কেৱল সজোৱা থাকে শাৰী শাৰী খেলনা এৰ’প্নেন৷ খেলনা এৰ’প্লেনেই এই গুৰুদ্বাৰৰ  পূজাৰ মুখ্য উপাদান। 

কিন্তু কি কাৰণত ভক্তই এই গুৰুদ্বাৰত খেলনা এৰ’প্নেন আগবঢ়ায় ? দৰাচলতে এই গুৰুদ্বাৰলৈ অহা বেছি ভাগ ভক্তৰেই মূল মূল উদ্দেশ্য হৈছে বিদেশলৈ যোৱা৷ শিক্ষাগ্ৰহণেই হওঁক বা কামৰ সন্ধানতেই হওঁক যিসকল লোকে বিদেশলৈ যাব বিচাৰে তেওঁলোকে মনৰ ইচ্ছা পুৰণ কৰিবলৈ এই গুৰুদ্বাৰত খেলনা এৰ’প্লেন আগবঢ়ায়৷ 

এই ভক্ত সকলে বিশ্বাস কৰে যে খেলনা এৰ’প্লেন আগবঢ়ালে ঈশ্বৰে তেওঁলোকলৈ মূৰ দাঙি চাব আৰু এৰ’প্লেনত উঠি বিদেশলৈ যাব পাৰিব৷

 পঞ্জাৱৰ জলন্ধৰত আছে এই  আশ্চৰ্যকৰ গুৰুদ্বাৰটো৷ গুৰুদ্বাৰ প্ৰায় ১৫০   বছৰ পুৰণি৷  বছৰৰ পিছত বছৰ ধৰি এই গুৰুদ্বাৰত  পুতলা বিমানেৰে পূজা কৰা হৈ আহিছে। প্ৰতি বছৰে হাজাৰ হাজাৰ ভাৰতীয়ই অধ্যয়নৰ উদ্দেশ্যে বা নিযুক্তিৰ আশাত বিদেশ ভ্ৰমণ কৰে। কিন্তু বিদেশলৈ যাবলৈ ক্লিয়াৰেন্স বা ভিছা পাবলৈ বহু সময়ত জটিল হৈ পৰে৷ তদুপৰি টকা-পইচাৰ কথাতো আছেই৷ এনেবোৰ বাধা দূৰ কৰাৰ বাবেই বহু ভক্তই খেলনা এৰ’প্লেন আগবঢ়াই ইয়াত পূজা কৰে৷

গুৰুদ্বাৰটোত  এনেদৰে খেলনা এৰ’প্লেনেৰে পূজা কৰাৰ  প্ৰথা কেতিয়া আৰম্ভ হৈছিল সেয়া কোনেও সঠিকভাৱে ক'ব নোৱাৰে। প্ৰতি সপ্তাহত কমেও ২০০ খন পুতলা বিমানে ভক্তই ইয়াত আগবঢ়াই আহিছে৷ 
আনকি গুৰুদ্বাৰৰ ছাদতো এটা বিশাল বিমানৰ আৰ্হি আছে। কথাতে আছে বিশ্বাসে মিলয় হৰি৷

 সেই কথাৰ আধাৰতেই হয়তো গুৰুদ্বাৰটোলৈ প্ৰতি দিনে বিদেশ ভ্ৰমণৰ আশা মনতে পুহি ৰখা বহু ভক্তই আহে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত