--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিচিত্ৰ  আমাৰ দেশ৷ তেনে আচৰিত স্থান অথবা স্মাৰকৰ ভিতৰত পঞ্জাৱৰ এই বিশেষ গুৰুদ্বাৰটোও এটা৷ এই গুৰুদ্বাৰক বহুতে 'হাৱাই জাহাজ গুৰুদ্বাৰ' বুলিও কয়৷ কাৰণ ভক্তই মনৰ ইচ্ছা পূৰণ কৰিবলৈ এই গুৰুদ্বাৰাত নৈবেদ্য হিচাবে যাঁচে খেলনা এৰ’প্লেন!

সাধাৰণতে, গুৰুদ্বাৰা, মন্দিৰ বা মছজিদৰ বাহিৰৰ দোকানবোৰ ফুল, মিঠাই বা পূজাৰ অন্যান্য সামগ্ৰীৰে ঠাহ খাই থাকে। কিন্তু পঞ্জাৱৰ এই গুৰুদ্বাৰৰ বাহিৰত থকা দোকানত কেৱল সজোৱা থাকে শাৰী শাৰী খেলনা এৰ’প্নেন৷ খেলনা এৰ’প্লেনেই এই গুৰুদ্বাৰৰ  পূজাৰ মুখ্য উপাদান। 

কিন্তু কি কাৰণত ভক্তই এই গুৰুদ্বাৰত খেলনা এৰ’প্নেন আগবঢ়ায় ? দৰাচলতে এই গুৰুদ্বাৰলৈ অহা বেছি ভাগ ভক্তৰেই মূল মূল উদ্দেশ্য হৈছে বিদেশলৈ যোৱা৷ শিক্ষাগ্ৰহণেই হওঁক বা কামৰ সন্ধানতেই হওঁক যিসকল লোকে বিদেশলৈ যাব বিচাৰে তেওঁলোকে মনৰ ইচ্ছা পুৰণ কৰিবলৈ এই গুৰুদ্বাৰত খেলনা এৰ’প্লেন আগবঢ়ায়৷ 

এই ভক্ত সকলে বিশ্বাস কৰে যে খেলনা এৰ’প্লেন আগবঢ়ালে ঈশ্বৰে তেওঁলোকলৈ মূৰ দাঙি চাব আৰু এৰ’প্লেনত উঠি বিদেশলৈ যাব পাৰিব৷

 পঞ্জাৱৰ জলন্ধৰত আছে এই  আশ্চৰ্যকৰ গুৰুদ্বাৰটো৷ গুৰুদ্বাৰ প্ৰায় ১৫০   বছৰ পুৰণি৷  বছৰৰ পিছত বছৰ ধৰি এই গুৰুদ্বাৰত  পুতলা বিমানেৰে পূজা কৰা হৈ আহিছে। প্ৰতি বছৰে হাজাৰ হাজাৰ ভাৰতীয়ই অধ্যয়নৰ উদ্দেশ্যে বা নিযুক্তিৰ আশাত বিদেশ ভ্ৰমণ কৰে। কিন্তু বিদেশলৈ যাবলৈ ক্লিয়াৰেন্স বা ভিছা পাবলৈ বহু সময়ত জটিল হৈ পৰে৷ তদুপৰি টকা-পইচাৰ কথাতো আছেই৷ এনেবোৰ বাধা দূৰ কৰাৰ বাবেই বহু ভক্তই খেলনা এৰ’প্লেন আগবঢ়াই ইয়াত পূজা কৰে৷

গুৰুদ্বাৰটোত  এনেদৰে খেলনা এৰ’প্লেনেৰে পূজা কৰাৰ  প্ৰথা কেতিয়া আৰম্ভ হৈছিল সেয়া কোনেও সঠিকভাৱে ক'ব নোৱাৰে। প্ৰতি সপ্তাহত কমেও ২০০ খন পুতলা বিমানে ভক্তই ইয়াত আগবঢ়াই আহিছে৷ 
আনকি গুৰুদ্বাৰৰ ছাদতো এটা বিশাল বিমানৰ আৰ্হি আছে। কথাতে আছে বিশ্বাসে মিলয় হৰি৷

 সেই কথাৰ আধাৰতেই হয়তো গুৰুদ্বাৰটোলৈ প্ৰতি দিনে বিদেশ ভ্ৰমণৰ আশা মনতে পুহি ৰখা বহু ভক্তই আহে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ