--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ প্ৰকৃতিত লুকাই আছে নানান আপুৰুগীয়া সম্পদ। আমাৰ এই এলেকাটোত এনে বহু উদ্ভিদ পোৱা যায়, যিবোৰ বিশ্বৰ অতি কম ঠাইতহে দেখা যায়।  উত্তৰ-পূবৰ ৰাজ্য অৰুণাচলত পোৱা যায়  বিৰল উদ্ভিদ 'লিপষ্টিক ট্ৰি' । ইয়াক এসময়ত 'ইণ্ডিয়ান লিপষ্টিক প্লাণ্ট' বা ইণ্ডিয়ান লিপষ্টিক প্লাণ্ট বুলি জনা গৈছিল। হেৰাই যোৱা বুলি ভবা উদ্ভিদবিধৰ সন্ধান পুনৰ  বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ গৱেষকসকলে   অৰুণাচল প্ৰদেশৰ আজৱান জিলাত কিছুমাহ পূৰ্বে পাইছিল।

 ১৯১২ চনত ব্ৰিটিছ উদ্ভিদ বিজ্ঞানী ষ্টিফেন ট্ৰটে ডুন্নেই প্ৰথমে এই বিৰল গছ বিধ চিনাক্ত কৰিছিল। 'লিপষ্টিক ট্ৰি'ৰ ৰঙা ৰঙৰ ফুলবোৰৰ বাবেই গছজোপাৰ এনে নাম দিয়া হৈছিল ৷কাৰণ সেই গছৰ ফুলবোৰ  দেখাত  লিপষ্টিকৰ দৰে। অৱশ্যে, এই উদ্ভিদৰ বৈজ্ঞানিক নাম হৈছে এচিনান্থাছ মুদ্ৰাকাৰিয়া ডান।

 বিজ্ঞান আলোচনী এখনত এদল  গৱেষকে প্ৰকাশ কৰা মতে ১৯১২ চনৰ পৰা ভাৰতত 'লিপষ্টিক ট্ৰি'  দেথা যোৱা নাছিল।  এচিনান্থুছ শব্দটো গ্ৰীক শব্দ আইচাইন বা আইচিনৰ পৰা আহিছে। যাৰ অৰ্থ হৈছে লাজ। এন্থৰ অৰ্থ হৈছে ফুল।  অক্টোবৰ মাহৰ পৰা এই গছত ফুল ফুলে। 

 বিশেষজ্ঞসকলৰ মতে, এই প্ৰজাতিৰ গছবোৰ সাধাৰণতে চিৰসেউজ অৰণ্যৰ মাজত গজে। আৰ্দ্ৰ পৰিৱেশ এই গছৰ বাবে অনুকূল।  'লিপষ্টিক ট্ৰি'-এ সকলো নিজকে পৰিৱেশৰ সৈতে খাপ খুৱাই ল’ব নোৱাৰে। অৰুণাচলৰ আজৱান জিলাত মাজে মাজে ভূমিস্খলন হয়। তদুপৰি পাহাৰ ভাঙি  ৰাস্তা, কংক্ৰিটৰ ঘৰ, বজাৰ আদি নিৰ্মাণ কৰাৰ ফলত 'লিপষ্টিক ট্ৰি'ৰ বাবে পৰিবেশ নোহোৱা হৈ পৰিছে। 



এনেবোৰ কাৰকে 'লিপষ্টিক ট্ৰি'ৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে৷  পাহাৰত আধুনিকতাৰ পৰশ পৰাৰ লগে লগে  এই গছজোপা লাহে লাহে হেৰাই গৈছিল। গৱেষকসকলে 'লিপষ্টিক ট্ৰি'   অপ্ৰত্যাশিতভাৱে বিচাৰি পাইছিল। 

অৰুণাচলত বিভিন্ন প্ৰজাতিৰ গছ পুনৰ আৱিষ্কাৰ হৈছে৷ যিয়ে ৰাজ্যখনৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ পৰিচয় দাঙি ধৰি আহিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত