--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ প্ৰকৃতিত লুকাই আছে নানান আপুৰুগীয়া সম্পদ। আমাৰ এই এলেকাটোত এনে বহু উদ্ভিদ পোৱা যায়, যিবোৰ বিশ্বৰ অতি কম ঠাইতহে দেখা যায়।  উত্তৰ-পূবৰ ৰাজ্য অৰুণাচলত পোৱা যায়  বিৰল উদ্ভিদ 'লিপষ্টিক ট্ৰি' । ইয়াক এসময়ত 'ইণ্ডিয়ান লিপষ্টিক প্লাণ্ট' বা ইণ্ডিয়ান লিপষ্টিক প্লাণ্ট বুলি জনা গৈছিল। হেৰাই যোৱা বুলি ভবা উদ্ভিদবিধৰ সন্ধান পুনৰ  বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ গৱেষকসকলে   অৰুণাচল প্ৰদেশৰ আজৱান জিলাত কিছুমাহ পূৰ্বে পাইছিল।

 ১৯১২ চনত ব্ৰিটিছ উদ্ভিদ বিজ্ঞানী ষ্টিফেন ট্ৰটে ডুন্নেই প্ৰথমে এই বিৰল গছ বিধ চিনাক্ত কৰিছিল। 'লিপষ্টিক ট্ৰি'ৰ ৰঙা ৰঙৰ ফুলবোৰৰ বাবেই গছজোপাৰ এনে নাম দিয়া হৈছিল ৷কাৰণ সেই গছৰ ফুলবোৰ  দেখাত  লিপষ্টিকৰ দৰে। অৱশ্যে, এই উদ্ভিদৰ বৈজ্ঞানিক নাম হৈছে এচিনান্থাছ মুদ্ৰাকাৰিয়া ডান।

 বিজ্ঞান আলোচনী এখনত এদল  গৱেষকে প্ৰকাশ কৰা মতে ১৯১২ চনৰ পৰা ভাৰতত 'লিপষ্টিক ট্ৰি'  দেথা যোৱা নাছিল।  এচিনান্থুছ শব্দটো গ্ৰীক শব্দ আইচাইন বা আইচিনৰ পৰা আহিছে। যাৰ অৰ্থ হৈছে লাজ। এন্থৰ অৰ্থ হৈছে ফুল।  অক্টোবৰ মাহৰ পৰা এই গছত ফুল ফুলে। 

 বিশেষজ্ঞসকলৰ মতে, এই প্ৰজাতিৰ গছবোৰ সাধাৰণতে চিৰসেউজ অৰণ্যৰ মাজত গজে। আৰ্দ্ৰ পৰিৱেশ এই গছৰ বাবে অনুকূল।  'লিপষ্টিক ট্ৰি'-এ সকলো নিজকে পৰিৱেশৰ সৈতে খাপ খুৱাই ল’ব নোৱাৰে। অৰুণাচলৰ আজৱান জিলাত মাজে মাজে ভূমিস্খলন হয়। তদুপৰি পাহাৰ ভাঙি  ৰাস্তা, কংক্ৰিটৰ ঘৰ, বজাৰ আদি নিৰ্মাণ কৰাৰ ফলত 'লিপষ্টিক ট্ৰি'ৰ বাবে পৰিবেশ নোহোৱা হৈ পৰিছে। 



এনেবোৰ কাৰকে 'লিপষ্টিক ট্ৰি'ৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে৷  পাহাৰত আধুনিকতাৰ পৰশ পৰাৰ লগে লগে  এই গছজোপা লাহে লাহে হেৰাই গৈছিল। গৱেষকসকলে 'লিপষ্টিক ট্ৰি'   অপ্ৰত্যাশিতভাৱে বিচাৰি পাইছিল। 

অৰুণাচলত বিভিন্ন প্ৰজাতিৰ গছ পুনৰ আৱিষ্কাৰ হৈছে৷ যিয়ে ৰাজ্যখনৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ পৰিচয় দাঙি ধৰি আহিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ