--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাইৰ প্লে’ অফত প্ৰৱেশৰ সপোন সপোন হৈয়ে ৰ’ল। চূড়ান্ত বেটিং পতনত চিএছকেই মাত্ৰ ৯৭ ৰানতে ইনিংছ সামৰে। চেন্নাইয়ে বান্ধি দিয়া ৰান চেজ কৰিবলৈ গৈ মুম্বাইয়ে ৩১টা বল বাকী থাকোতেই ৫ উইকেট জয়ী হয়। আইপিএলৰ ক্লাচিক দল চেন্নাইৰ এনে বেটিং বিপৰ্যয়ে এতিয়া উদ্বিগ্ন কৰি তুলিছে সকলোকে। দ্বিতীয় কম স্কোৰিং ইনিংছৰ গৰাকী হ’ল চেন্নাই! মুম্বাই আগতেই নকআউট পৰ্যায়ৰ পৰা বাহিৰ হয়। চেন্নাইৰ আশা সজীৱ হৈ আছিল যদিও সেই আশাই পূৰ্ণ ৰূপ নাপালে। চেন্নাইয়ে বাকী থকা মেচকেইখনত জয়ী হ’লে প্লে’ অফত প্ৰৱেশৰ আশাত যতি নপৰিলেহেঁতেন। এনে পৰিস্থিতিত মুম্বাইয়ে চেন্নাইক পৰাস্ত কৰি একপ্ৰকাৰ ধোনীবাহিনীৰ যাত্ৰা ভংগ কৰা দেখা গ’ল।

ডেনিয়েল ছেমছ-ৰিলি মেৰেডিথছৰ বলিং বিক্ৰমত মাত্ৰ ৯৭ ৰানতে ইনিংছ সামৰে তেওঁ। মাত্ৰ ১৬ অ’ভাৰৰে সমাপ্ত চেন্নাইৰ ইনিংছ। প্ৰথম অ’ভাৰতে চেমছে ডেভন কনৱে আৰু মইন আলীক পেভেলিয়নমুখী কৰে। দ্বিতীয়, অ’ভাৰত বুমৰাহৰ চিকাৰ হৈছিল ৰবীন উথাপ্পা। প্ৰথম দুই অ’ভাৰত টপ অৰ্ডাৰ ভাঙি যোৱাৰ পাছত ক্ৰমশঃ কঠিন হৈ পৰে চেন্নাইৰ যাত্ৰা। ঋতুৰাজ গায়কৱাড়, অম্বাতি ৰায়াডু, শিৱম দুবেৰো ইনিংছ দীঘলীয়া নহ’ল।

বিশ্লেষণ চলি থকা সময়ত চেন্নাইয়ে আইপিএলত আটাইতকৈ লজ্জাজনক স্ক’ৰৰ অভিলেখ গঢ়িব নেকি বুলি প্ৰশ্ন উঠা সময়তে দলটোক চুড়ান্ত বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। ৩৩ টা বলত ৩৬ ৰান কৰে ধোনীয়ে। 

মুম্বাইৰ চেমছে ৪ অ’ভাৰত মাত্ৰ ১৬ ৰানৰ বিনিময়ত ৩ টা উইকেট দখল কৰে। ৰাইলী মেৰেডিথ আৰু কুমাৰ কাৰ্তিকেয়াই দুটাকৈ উইকেট দখল কৰে। এইখিনি ৰান চেজ কৰিবলৈ গৈয়ো এসময়ত পৰাজয়ৰ আশংকা জগাই তুলিছিল ৰোহিত বাহিনীয়ে। ৩৩ৰানত হেৰুৱায় ৪টাকৈ মূল্যবান উইকেট।  মুকেশ চৌধুৰীয়ে অকলে ৩টা উইকেট লৈ চেন্নাইৰ আশা সজীৱ কৰি তুলে যদিও শেষ ৰক্ষা নহ’ল চেন্নাইৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত