--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাইৰ প্লে’ অফত প্ৰৱেশৰ সপোন সপোন হৈয়ে ৰ’ল। চূড়ান্ত বেটিং পতনত চিএছকেই মাত্ৰ ৯৭ ৰানতে ইনিংছ সামৰে। চেন্নাইয়ে বান্ধি দিয়া ৰান চেজ কৰিবলৈ গৈ মুম্বাইয়ে ৩১টা বল বাকী থাকোতেই ৫ উইকেট জয়ী হয়। আইপিএলৰ ক্লাচিক দল চেন্নাইৰ এনে বেটিং বিপৰ্যয়ে এতিয়া উদ্বিগ্ন কৰি তুলিছে সকলোকে। দ্বিতীয় কম স্কোৰিং ইনিংছৰ গৰাকী হ’ল চেন্নাই! মুম্বাই আগতেই নকআউট পৰ্যায়ৰ পৰা বাহিৰ হয়। চেন্নাইৰ আশা সজীৱ হৈ আছিল যদিও সেই আশাই পূৰ্ণ ৰূপ নাপালে। চেন্নাইয়ে বাকী থকা মেচকেইখনত জয়ী হ’লে প্লে’ অফত প্ৰৱেশৰ আশাত যতি নপৰিলেহেঁতেন। এনে পৰিস্থিতিত মুম্বাইয়ে চেন্নাইক পৰাস্ত কৰি একপ্ৰকাৰ ধোনীবাহিনীৰ যাত্ৰা ভংগ কৰা দেখা গ’ল।

ডেনিয়েল ছেমছ-ৰিলি মেৰেডিথছৰ বলিং বিক্ৰমত মাত্ৰ ৯৭ ৰানতে ইনিংছ সামৰে তেওঁ। মাত্ৰ ১৬ অ’ভাৰৰে সমাপ্ত চেন্নাইৰ ইনিংছ। প্ৰথম অ’ভাৰতে চেমছে ডেভন কনৱে আৰু মইন আলীক পেভেলিয়নমুখী কৰে। দ্বিতীয়, অ’ভাৰত বুমৰাহৰ চিকাৰ হৈছিল ৰবীন উথাপ্পা। প্ৰথম দুই অ’ভাৰত টপ অৰ্ডাৰ ভাঙি যোৱাৰ পাছত ক্ৰমশঃ কঠিন হৈ পৰে চেন্নাইৰ যাত্ৰা। ঋতুৰাজ গায়কৱাড়, অম্বাতি ৰায়াডু, শিৱম দুবেৰো ইনিংছ দীঘলীয়া নহ’ল।

বিশ্লেষণ চলি থকা সময়ত চেন্নাইয়ে আইপিএলত আটাইতকৈ লজ্জাজনক স্ক’ৰৰ অভিলেখ গঢ়িব নেকি বুলি প্ৰশ্ন উঠা সময়তে দলটোক চুড়ান্ত বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। ৩৩ টা বলত ৩৬ ৰান কৰে ধোনীয়ে। 

মুম্বাইৰ চেমছে ৪ অ’ভাৰত মাত্ৰ ১৬ ৰানৰ বিনিময়ত ৩ টা উইকেট দখল কৰে। ৰাইলী মেৰেডিথ আৰু কুমাৰ কাৰ্তিকেয়াই দুটাকৈ উইকেট দখল কৰে। এইখিনি ৰান চেজ কৰিবলৈ গৈয়ো এসময়ত পৰাজয়ৰ আশংকা জগাই তুলিছিল ৰোহিত বাহিনীয়ে। ৩৩ৰানত হেৰুৱায় ৪টাকৈ মূল্যবান উইকেট।  মুকেশ চৌধুৰীয়ে অকলে ৩টা উইকেট লৈ চেন্নাইৰ আশা সজীৱ কৰি তুলে যদিও শেষ ৰক্ষা নহ’ল চেন্নাইৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ