--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ মেজাজী স্বভাৱৰ বিষয়ে সকলোৱে জ্ঞাত। সময়ে সময়ে যুদ্ধোন্মাদ মন্তব্যৰে বিশ্বৰ ৰাজনৈতিক মহলত খলকনি তোলা কিম জং উনে মিছাইল পৰীক্ষণৰ জৰিয়তে চুবুৰীয়া শত্ৰু ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অহা খবৰে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে।

আনহাতে বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ ৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰই কৰি অহা দম্ভকো মাজে-সময়ে প্ৰত্যাহ্বান জনাই আহিছে কিম জং উনে। আমেৰিকাৰ এই দম্ভ চূৰ্ণ কৰি উনে আনকি মিছাইল আক্ৰমণেৰে আমেৰিকা ধ্বংসৰো ভাবুকি দি আহিছে।

সম্প্ৰতি উত্তৰ কোৰিয়াৰ এই শাসকগৰাকীয়ে দক্ষিণ কোৰিয়াৰ প্ৰতি আকৌ এবাৰ ভাবুকিৰ সৃষ্টি কৰি চুবুৰীয়া দেশখনৰ সীমান্ত অঞ্চলত তিনিটাকৈ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনৰ এছিয়া ভ্ৰমণত খৰ্গহস্ত হৈয়ে উত্তৰ কোৰিয়াই এই পৰীক্ষণ চলায় বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে পাঁচদিনীয়া এছিয়া ভ্ৰমণসূচী সামৰি মঙ্গলবাৰে বিডেন আমেৰিকালৈ উভতি যায়। এছিয়া ভ্ৰমণৰ সময়ত বিডেনে দক্ষিণ কোৰিয়া, জাপান, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিনিধি সকলক সাক্ষাৎ কৰে। ভ্ৰমণকালত তেওঁ উত্তৰ কোৰিয়াৰ বৰ্ধিত পাৰমাণৱিক আৰু ক্ষেপণাস্ত্ৰ অস্ত্ৰাগাৰৰ ভাবুকিৰ পৰা দক্ষিণ কোৰিয়া আৰু জাপানক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু বিডেন উভতি যোৱাৰ এদিন পাছতে বিডেনৰ প্ৰতিশ্ৰুতিক বুঢ়া আঙুলি দেখুৱাই উত্তৰ কোৰিয়াই তিনিটাকৈ মিছাইলৰ পৰীক্ষণ চলায় বুলি অভিযোগ কৰিছে দক্ষিণ কোৰিয়া আৰু জাপানে। এই পৰীক্ষণৰ মাজত আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইলো অন্তৰ্ভুক্ত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে দেশ দুখনে।

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক-ইয়োলে উত্তৰ কোৰিয়াৰ শেহতীয়া এই মিছাইল উৎক্ষেপণক আন্তৰ্জাতিক শান্তিৰ প্ৰতি ভাবুকি সৃষ্টিত গুৰুতৰ উচতনি যোগোৱা বুলি গৰিহণা দিয়ে। 

আনহাতে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী নোবুও কিছিয়ে উত্তৰ কোৰিয়াই মিছাইল উৎক্ষেপণৰ জৰিয়তে স্পষ্টৰূপত যুদ্ধৰ প্ৰতি উচতনি যোগাইছে বুলি নিন্দা কৰে। তেওঁ লগতে কয় যে জাপানে চীনৰ ৰাজধানী বেইজিঙত থকা জাপানী দূতাবাসৰ জৰিয়তে উত্তৰ কোৰিয়াৰ এই অবিবেচকী কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

আজিৰ এই উৎক্ষেপণৰ সৈতে উত্তৰ কোৰিয়াই চলিত বৰ্ষত ১৭ সংখ্যক ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰিছে। 

উল্লেখ্য যে দক্ষিণ কোৰিয়া ভ্ৰমণৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনক সাংবাদিকে উত্তৰ কোৰিয়াৰ এই উচতনিমূলক কাৰ্যাৱলী সন্দৰ্ভত কৰা প্ৰশ্নত বিডেনে “উত্তৰ কোৰিয়াই যিয়েই নকৰক কিয়, তাৰ বাবে আমি সাজু আছো” বুলি মন্তব্য কৰিছিল।

বিডেনৰ এই দাম্ভিক মন্তব্যক অংগুষ্ঠ প্ৰদৰ্শন কৰি উত্তৰ কোৰিয়াই শেহতীয়াকৈ এই মিছাইল উৎক্ষেপণ কৰে বুলিও এতিয়া চৰ্চা আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ