--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ টেক্সাছত সংঘটিত এক ভয়ংকৰ গুলীচালনাৰ ঘটনাই বিশ্বজুৰি খলকনি সৃষ্টি কৰিছে। এখন প্ৰাথমিক বিদ্যালয়ত এজন বন্দুকধাৰীয়ে নিৰ্বিচাৰ গুলীচালনাৰে ১৯টি শিশুক হত্যা কৰে। বন্ধুকধাৰীজনে দুগৰাকী শিক্ষকৰো প্ৰাণ কাঢ়ি লয় এই আক্ৰমণৰ জৰিয়তে। মন কৰিবলগীয়া কথাটো এয়ে যে, এই আক্ৰমণকাৰীজন মাত্ৰ ১৮ বছৰীয়া এজন যুৱক আছিল। মঙলবাৰে তেওঁ ভয়ংকৰ ঘটনা সংঘটিত কৰে। এই নাৰকীয় কাণ্ডক লৈ সমগ্ৰ আমেৰিকাতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ‘গান লবী’ৰ বিৰুদ্ধে সবল ভূমিকা গ্ৰহণৰ বাবে দাবী কৰি জবাবদিহি কৰা হৈছে ৰাষ্ট্ৰপতি জো বাইডেনক। ঘটনাক লৈ প্ৰবল চাপৰ সন্মুখীন হোৱা ৰাষ্ট্ৰপতি বাইডেনে লগে লগে দেশবাসীৰ সন্মুখলৈ আহি ভাষণ প্ৰদান কৰে। 

এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে বাইডেনে। তেওঁ কয় যে, তেওঁ কেতিয়াও এনে ধৰণৰ ভাষণ দিবলৈ বিচৰা নাছিল বা দিবলগীয়া হ’ব বুলি ভবা নাছিল। এই আক্ৰমণৰ পাছতে দেশবাসীক শোক আৰু সমবেদনা জ্ঞাপন কৰি বাইডেনে দিয়া ভাষণৰ মূল পাঁচটা কথা আছিল এনেধৰণৰ।

ৰাষ্ট্ৰপতি জো বাইডেনে তেওঁৰ ভাষণৰ আৰম্ভণিতে কয় যে, "ৰাষ্ট্ৰপতি হোৱাৰ পাছত, মই দ্বিতীয়বাৰ এনে ভাষণ প্ৰদান কৰিব বিচৰা নাছিল। তেওঁ দেশৰ বিভিন্ন বিদ্যালয়ত পূ্ৰ্বে হোৱা আক্ৰমণৰ কথাও উল্লেখ কৰি গভীৰ শোক ব্যক্ত কৰে। 

ভাষণত তেওঁ অস্ত্ৰ-শস্ত্ৰ আইনৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, ১৯৯৪ চনত যেতিয়া আগ্নেয়াস্ত্ৰ নিষিদ্ধ কৰা হৈছিল, তেতিয়াৰে পৰা এনেধৰণৰ গণহত্যাৰ ঘটনা হ্ৰাস পাইছে। কিন্তু ২০০৪ চনত এই আইনৰ সমাপ্তি ঘটোৱাৰ পাছৰে পৰা তেতিয়া এনে ধৰণৰ হত্যা পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰে। এজন ১৮ বছৰীয়া যুৱকে বন্দুকৰ দোকানলৈ গৈ আগ্নেয়াস্ত্ৰ ক্ৰয় কৰিবলৈ সক্ষম হোৱাটো সম্পূৰ্ণ ভুল কথা।
 
ভাষণত বাইডেনে অন্যান্য দেশবোৰৰ প্ৰসংগ উল্লেখ কৰি কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰে আন দেশত এনে ঘটনা কিয় নহয়? আমেৰিকা যুক্তৰাষ্ট্ৰত এনে ধৰণৰ ঘটনা নিৰন্তৰভাৱে ঘটি থকা দেখিবলৈ পোৱা গৈছে।
 
দেশবাসীক সম্বোধন কৰি তেওঁ কয়, "আমি কিমান দিন বন্দুক লবীৰ বিৰুদ্ধে থিয় দিম, এতিয়া পদক্ষেপ গ্ৰহণৰ সময় আহি পৰিছে। টেক্সাছৰ ঘটনাক লৈ আমি যি  যন্ত্ৰণা অনুভৱ কৰিছোঁ সেই যন্ত্ৰণাক কাৰ্যলৈ পৰিৱৰ্তন কৰাৰ সময় এয়া। 
বাইডেনে এই গণহত্যাত মৃত্যু হোৱা নিৰীহ শিশুসকলক শোকাহতভাৱে স্মৰণ কৰে। তেওঁ ভাষণত এই নাৰকীয় কাণ্ডক এক গণহত্যা বুলি অভিহিত কৰে। তেওঁ কয় যে, যিসকল নিৰীহ শিশুৰ সৈতে এই কৰুণ ঘটনা সংঘটত হৈছে তেওঁলোকৰ সহপাঠীসকলে এই ভয়ংকৰ ঘটনা দেখিবলগীয়া হৈছে। এইসকল দুৰ্ভগীয়া শিশুৰ পিতৃ-মাতৃয়ে কেতিয়াও আৰু তেওঁলোকৰ সন্তানক নেদেখিব। তেওঁলোকৰ বাবে সন্তানক হেৰুওৱাটো নিজৰ আত্মাক ফালি-ছিৰি পেলোৱাৰ দৰে কথা।

উল্লেখ্য যে, এই আক্ৰমণ সংঘটিত কৰাৰ পাছতেই নিৰাপত্তাবাহিনীয়ে গুলীচালকজনকো ধৰাশায়ী কৰিবলৈ সক্ষম হয়। সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰা এই ঘটনাৰ পাছতে দেশখনত বন্দুকৰ মুকলি ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ দাবী উত্থাপন কৰা হৈছে আৰু সকলোৱে উদ্বেগ প্ৰকাশ কৰিছে। শেহতীয়াকৈ সঘনে সংঘটিত হৈ আহিছে এনে নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা। কিছুদিন পূৰ্বে সংঘটিত বাফেল’ কাণ্ডৰ পাছতে শেহতীয়াকৈ চিকাগোতে সংঘটিত হৈছিল মুকলিকৈ গুলীচালনাৰ ঘটনা। এই ঘটনাতো দুজন লোক নিহত হৈছিল।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত