--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ টেক্সাছত সংঘটিত এক ভয়ংকৰ গুলীচালনাৰ ঘটনাই বিশ্বজুৰি খলকনি সৃষ্টি কৰিছে। এখন প্ৰাথমিক বিদ্যালয়ত এজন বন্দুকধাৰীয়ে নিৰ্বিচাৰ গুলীচালনাৰে ১৯টি শিশুক হত্যা কৰে। বন্ধুকধাৰীজনে দুগৰাকী শিক্ষকৰো প্ৰাণ কাঢ়ি লয় এই আক্ৰমণৰ জৰিয়তে। মন কৰিবলগীয়া কথাটো এয়ে যে, এই আক্ৰমণকাৰীজন মাত্ৰ ১৮ বছৰীয়া এজন যুৱক আছিল। মঙলবাৰে তেওঁ ভয়ংকৰ ঘটনা সংঘটিত কৰে। এই নাৰকীয় কাণ্ডক লৈ সমগ্ৰ আমেৰিকাতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ‘গান লবী’ৰ বিৰুদ্ধে সবল ভূমিকা গ্ৰহণৰ বাবে দাবী কৰি জবাবদিহি কৰা হৈছে ৰাষ্ট্ৰপতি জো বাইডেনক। ঘটনাক লৈ প্ৰবল চাপৰ সন্মুখীন হোৱা ৰাষ্ট্ৰপতি বাইডেনে লগে লগে দেশবাসীৰ সন্মুখলৈ আহি ভাষণ প্ৰদান কৰে। 

এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে বাইডেনে। তেওঁ কয় যে, তেওঁ কেতিয়াও এনে ধৰণৰ ভাষণ দিবলৈ বিচৰা নাছিল বা দিবলগীয়া হ’ব বুলি ভবা নাছিল। এই আক্ৰমণৰ পাছতে দেশবাসীক শোক আৰু সমবেদনা জ্ঞাপন কৰি বাইডেনে দিয়া ভাষণৰ মূল পাঁচটা কথা আছিল এনেধৰণৰ।

ৰাষ্ট্ৰপতি জো বাইডেনে তেওঁৰ ভাষণৰ আৰম্ভণিতে কয় যে, "ৰাষ্ট্ৰপতি হোৱাৰ পাছত, মই দ্বিতীয়বাৰ এনে ভাষণ প্ৰদান কৰিব বিচৰা নাছিল। তেওঁ দেশৰ বিভিন্ন বিদ্যালয়ত পূ্ৰ্বে হোৱা আক্ৰমণৰ কথাও উল্লেখ কৰি গভীৰ শোক ব্যক্ত কৰে। 

ভাষণত তেওঁ অস্ত্ৰ-শস্ত্ৰ আইনৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, ১৯৯৪ চনত যেতিয়া আগ্নেয়াস্ত্ৰ নিষিদ্ধ কৰা হৈছিল, তেতিয়াৰে পৰা এনেধৰণৰ গণহত্যাৰ ঘটনা হ্ৰাস পাইছে। কিন্তু ২০০৪ চনত এই আইনৰ সমাপ্তি ঘটোৱাৰ পাছৰে পৰা তেতিয়া এনে ধৰণৰ হত্যা পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰে। এজন ১৮ বছৰীয়া যুৱকে বন্দুকৰ দোকানলৈ গৈ আগ্নেয়াস্ত্ৰ ক্ৰয় কৰিবলৈ সক্ষম হোৱাটো সম্পূৰ্ণ ভুল কথা।
 
ভাষণত বাইডেনে অন্যান্য দেশবোৰৰ প্ৰসংগ উল্লেখ কৰি কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰে আন দেশত এনে ঘটনা কিয় নহয়? আমেৰিকা যুক্তৰাষ্ট্ৰত এনে ধৰণৰ ঘটনা নিৰন্তৰভাৱে ঘটি থকা দেখিবলৈ পোৱা গৈছে।
 
দেশবাসীক সম্বোধন কৰি তেওঁ কয়, "আমি কিমান দিন বন্দুক লবীৰ বিৰুদ্ধে থিয় দিম, এতিয়া পদক্ষেপ গ্ৰহণৰ সময় আহি পৰিছে। টেক্সাছৰ ঘটনাক লৈ আমি যি  যন্ত্ৰণা অনুভৱ কৰিছোঁ সেই যন্ত্ৰণাক কাৰ্যলৈ পৰিৱৰ্তন কৰাৰ সময় এয়া। 
বাইডেনে এই গণহত্যাত মৃত্যু হোৱা নিৰীহ শিশুসকলক শোকাহতভাৱে স্মৰণ কৰে। তেওঁ ভাষণত এই নাৰকীয় কাণ্ডক এক গণহত্যা বুলি অভিহিত কৰে। তেওঁ কয় যে, যিসকল নিৰীহ শিশুৰ সৈতে এই কৰুণ ঘটনা সংঘটত হৈছে তেওঁলোকৰ সহপাঠীসকলে এই ভয়ংকৰ ঘটনা দেখিবলগীয়া হৈছে। এইসকল দুৰ্ভগীয়া শিশুৰ পিতৃ-মাতৃয়ে কেতিয়াও আৰু তেওঁলোকৰ সন্তানক নেদেখিব। তেওঁলোকৰ বাবে সন্তানক হেৰুওৱাটো নিজৰ আত্মাক ফালি-ছিৰি পেলোৱাৰ দৰে কথা।

উল্লেখ্য যে, এই আক্ৰমণ সংঘটিত কৰাৰ পাছতেই নিৰাপত্তাবাহিনীয়ে গুলীচালকজনকো ধৰাশায়ী কৰিবলৈ সক্ষম হয়। সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰা এই ঘটনাৰ পাছতে দেশখনত বন্দুকৰ মুকলি ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ দাবী উত্থাপন কৰা হৈছে আৰু সকলোৱে উদ্বেগ প্ৰকাশ কৰিছে। শেহতীয়াকৈ সঘনে সংঘটিত হৈ আহিছে এনে নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা। কিছুদিন পূৰ্বে সংঘটিত বাফেল’ কাণ্ডৰ পাছতে শেহতীয়াকৈ চিকাগোতে সংঘটিত হৈছিল মুকলিকৈ গুলীচালনাৰ ঘটনা। এই ঘটনাতো দুজন লোক নিহত হৈছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি