--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পিছৰে পৰা কট্টৰ ইছলামিক গোট তালিবানে দেশখনৰ মহিলাসকলৰ স্বাধীনতাত যথেষ্ট বাধা নিষেধ আৰোপ কৰি আহিছে। আফগানী মহিলাসকলৰ শিক্ষা, বস্ত্ৰ আৰু বিচৰণৰ স্বতন্ত্ৰতাত হস্তক্ষেপ কৰাৰ পিছত তালিবানে যোৱা দেওবাৰৰ পৰা দেশখনৰ টেলিভিচনত বাতৰি পৰিবেশন কৰা মহিলা সকলক নিজৰ মুখমণ্ডল ঢাকি ৰাখিবলৈ বাধ্যতামূলক আদেশ জাৰি কৰিছিল। 

তালিবান চৰকাৰৰ তথ্য আৰু সংস্কৃতি মন্ত্ৰালয়ে এই নতুন আদেশক চূড়ান্ত আৰু অ-মীমাংসাযোগ্য বুলি ঘোষণা কৰিছিল। প্ৰথম অৱস্থাত মহিলা এংকৰসকলে এই আদেশ অমান্য কৰিছিল যদিও পিছলৈ হেঁচাৰ সন্মুখীন হৈ এই বাধ্যবাধকতা মানি চলিবলৈ বাধ্য হৈছিল মহিলা বাতৰি পৰিৱেশকসকল।

তালিবান চৰকাৰৰ এই ফটোৱাৰ বিৰুদ্ধাচৰণ কৰি এইবাৰ দেশখনৰ পুৰুষ এংকৰসকলে মহিলা সতীৰ্থসকললৈ সমৰ্থন আগবঢ়াইছে। মহিলা এংকৰসকলৰ সমৰ্থনত প্ৰতিবাদতো নামি পৰিছে পুৰুষ এংকৰসকল।

আফগানিস্তানৰ টোনো নিউজ নামৰ চেনেলটোৰ পুৰুষ এংকৰ সকলে মহিলা সহকৰ্মীসকলৰ ওপৰত আৰোপ কৰা বাধ্যবাধকতাৰ প্ৰতিবাদত মুখমণ্ডলত মাস্ক পৰিধান কৰি অনুষ্ঠান পৰিৱেশন কৰে। ছ'চিয়েল মিডিয়াত “#FreeHerFace” হেচটেগ ব্যৱহাৰ কৰা এই প্ৰতিবাদটোৱে সম্প্ৰতি যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। 

পুৰুষ এংকৰসকলৰ এই প্ৰতিবাদৰ পাছতে দেশখনৰ এগৰাকী আগশাৰীৰ নাৰীবাদী কৰ্মী চাহাৰ ফেট্ৰাটে পুৰুষ সাংবাদিকসকলৰ এই প্ৰতিবাদক এক মহান কৰ্ম বুলি উল্লেখ কৰে। তেওঁ কয় যে দেশখনৰ মহিলাসকলৰ ওপৰত তালিবানে আৰোপ কৰা বাধ্যতামূলক আৱৰণৰ বিৰুদ্ধে ইমানদিনে মহিলাসকলেই প্ৰতিবাদ কৰি আহিছিল। এতিয়া আফগান পুৰুষসকলে কৰা এই সাংকেতিক প্ৰতিবাদ যথেষ্ট গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে যোৱা বৰ্ষৰ আগষ্টত ক্ষমতা দখল কৰাৰ পিছৰে পৰা দেশখনৰ মহিলাসকলৰ ওপৰত কেইবাটাও ফটোৱা জাৰি কৰা তালিবানে চলিত মাহৰ আৰম্ভণিতে ৰাজহুৱাভাৱে সকলো মহিলাক মূৰৰ পৰা ভৰিলৈ কাপোৰ পিন্ধিবলৈ নিৰ্দেশ দিছিল। লগতে মহিলাসকলে কেৱল প্ৰয়োজন হ'লেহে ঘৰ এৰিব পাৰিব বুলিও এক বিবৃতিত প্ৰকাশ কৰিছিল তালিবানে। 

তদুপৰি স্ত্ৰী শিক্ষাৰ চূড়ান্ত বিৰোধিতাৰে তালিবানে ষষ্ঠ শ্ৰেণীৰ পিছত দেশখনৰ কন্যা শিক্ষাৰ্থীসকল বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিব বুলি ঘোষণা কৰিছিল। শেহতীয়াকৈ তালিবানৰ এই টোগলকী নীতিৰ বিৰুদ্ধে প্ৰতিবাদত ভাগ লোৱা মহিলাসকলক ‘দুষ্ট নাৰী’ আখ্যা দি তেওঁলোকক ঘৰৰ ভিতৰত বন্দী কৰি ৰখা হৈছে বুলি মন্তব্য কৰিছিল তালিবানৰ এগৰাকী শীৰ্ষ নেতাই। 

তালিবানৰ এই নাৰীবিৰোধী কাৰ্যকলাপৰ ফলত দেশখনত যে এতিয়া ইছলামিক শ্বৰীয়া আইনৰ গ্ৰাসত নাৰী অধিকাৰ লুপ্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে, সি নিশ্চিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ