--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পিছৰে পৰা কট্টৰ ইছলামিক গোট তালিবানে দেশখনৰ মহিলাসকলৰ স্বাধীনতাত যথেষ্ট বাধা নিষেধ আৰোপ কৰি আহিছে। আফগানী মহিলাসকলৰ শিক্ষা, বস্ত্ৰ আৰু বিচৰণৰ স্বতন্ত্ৰতাত হস্তক্ষেপ কৰাৰ পিছত তালিবানে যোৱা দেওবাৰৰ পৰা দেশখনৰ টেলিভিচনত বাতৰি পৰিবেশন কৰা মহিলা সকলক নিজৰ মুখমণ্ডল ঢাকি ৰাখিবলৈ বাধ্যতামূলক আদেশ জাৰি কৰিছিল। 

তালিবান চৰকাৰৰ তথ্য আৰু সংস্কৃতি মন্ত্ৰালয়ে এই নতুন আদেশক চূড়ান্ত আৰু অ-মীমাংসাযোগ্য বুলি ঘোষণা কৰিছিল। প্ৰথম অৱস্থাত মহিলা এংকৰসকলে এই আদেশ অমান্য কৰিছিল যদিও পিছলৈ হেঁচাৰ সন্মুখীন হৈ এই বাধ্যবাধকতা মানি চলিবলৈ বাধ্য হৈছিল মহিলা বাতৰি পৰিৱেশকসকল।

তালিবান চৰকাৰৰ এই ফটোৱাৰ বিৰুদ্ধাচৰণ কৰি এইবাৰ দেশখনৰ পুৰুষ এংকৰসকলে মহিলা সতীৰ্থসকললৈ সমৰ্থন আগবঢ়াইছে। মহিলা এংকৰসকলৰ সমৰ্থনত প্ৰতিবাদতো নামি পৰিছে পুৰুষ এংকৰসকল।

আফগানিস্তানৰ টোনো নিউজ নামৰ চেনেলটোৰ পুৰুষ এংকৰ সকলে মহিলা সহকৰ্মীসকলৰ ওপৰত আৰোপ কৰা বাধ্যবাধকতাৰ প্ৰতিবাদত মুখমণ্ডলত মাস্ক পৰিধান কৰি অনুষ্ঠান পৰিৱেশন কৰে। ছ'চিয়েল মিডিয়াত “#FreeHerFace” হেচটেগ ব্যৱহাৰ কৰা এই প্ৰতিবাদটোৱে সম্প্ৰতি যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। 

পুৰুষ এংকৰসকলৰ এই প্ৰতিবাদৰ পাছতে দেশখনৰ এগৰাকী আগশাৰীৰ নাৰীবাদী কৰ্মী চাহাৰ ফেট্ৰাটে পুৰুষ সাংবাদিকসকলৰ এই প্ৰতিবাদক এক মহান কৰ্ম বুলি উল্লেখ কৰে। তেওঁ কয় যে দেশখনৰ মহিলাসকলৰ ওপৰত তালিবানে আৰোপ কৰা বাধ্যতামূলক আৱৰণৰ বিৰুদ্ধে ইমানদিনে মহিলাসকলেই প্ৰতিবাদ কৰি আহিছিল। এতিয়া আফগান পুৰুষসকলে কৰা এই সাংকেতিক প্ৰতিবাদ যথেষ্ট গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে যোৱা বৰ্ষৰ আগষ্টত ক্ষমতা দখল কৰাৰ পিছৰে পৰা দেশখনৰ মহিলাসকলৰ ওপৰত কেইবাটাও ফটোৱা জাৰি কৰা তালিবানে চলিত মাহৰ আৰম্ভণিতে ৰাজহুৱাভাৱে সকলো মহিলাক মূৰৰ পৰা ভৰিলৈ কাপোৰ পিন্ধিবলৈ নিৰ্দেশ দিছিল। লগতে মহিলাসকলে কেৱল প্ৰয়োজন হ'লেহে ঘৰ এৰিব পাৰিব বুলিও এক বিবৃতিত প্ৰকাশ কৰিছিল তালিবানে। 

তদুপৰি স্ত্ৰী শিক্ষাৰ চূড়ান্ত বিৰোধিতাৰে তালিবানে ষষ্ঠ শ্ৰেণীৰ পিছত দেশখনৰ কন্যা শিক্ষাৰ্থীসকল বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিব বুলি ঘোষণা কৰিছিল। শেহতীয়াকৈ তালিবানৰ এই টোগলকী নীতিৰ বিৰুদ্ধে প্ৰতিবাদত ভাগ লোৱা মহিলাসকলক ‘দুষ্ট নাৰী’ আখ্যা দি তেওঁলোকক ঘৰৰ ভিতৰত বন্দী কৰি ৰখা হৈছে বুলি মন্তব্য কৰিছিল তালিবানৰ এগৰাকী শীৰ্ষ নেতাই। 

তালিবানৰ এই নাৰীবিৰোধী কাৰ্যকলাপৰ ফলত দেশখনত যে এতিয়া ইছলামিক শ্বৰীয়া আইনৰ গ্ৰাসত নাৰী অধিকাৰ লুপ্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে, সি নিশ্চিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী