--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে ক্ষতিগ্ৰস্ত কৰা দেশৰ ৰে’ল বিভাগক এইবাৰ আন এক সমস্যাই জুমুৰি দি ধৰিছে। কোভিডৰ ক্ষতিৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি এইবাৰ কয়লাৰ অভাৱত দেশত কমেও ৯০০০ খন যাত্ৰীবাহী ৰে’ল বাতিল কৰিবলগীয়া হৈছে৷কেৱল যোৱা তিনি মাহতে ৰে’ল বিভাগে বাতিল কৰিছে ১,৯০০ খন ৰে’ল। এনেদৰে হাজাৰ হাজাৰ ৰে’ল বাতিলৰ কাৰণ হৈছে কয়লাৰ অভাৱ।

ভাৰতত এতিয়া  কয়লাৰ সংকটত হৈছে । এই বছৰৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত দেশত কয়লাৰ যোগান চাহিদাৰ তুলনাত কমি যাব পাৰে বুলিও আশংকা কৰা হৈছে৷ কিন্তু দেশত বৰ্তমান কয়লা চালিত ৰে’ল নাই৷ প্ৰায় সকলো ৰে’লেই হয় ডিজেল বা বিদ্যুতৰ দ্বাৰা চলে৷ তেনেস্থলত কয়লাৰ অভাৱৰ বাবে চলিত বৰ্ষতে প্ৰায় ৯০০০ খন ৰে’ল বাতিল কৰিবলগীয়া হৈছে কিয়?

 দৰাচলতে কয়লাৰ অভাৱ আৰু ৰে’ল বাতিলৰ মাজত আন এটা কাৰকেহে ক্ৰিয়া কৰিছে৷ গ্ৰীষ্মৰ সংহাৰৰ মাজতে  দেশৰ বহু ৰাজ্যত বিদ্যুতৰ তীব্ৰ নাটনিয়ে দেখা দিছে।৪৪ ডিগ্ৰী চেলচিয়াচ তাপমাত্ৰাই স্পৰ্শ কৰা ৰাজধানী চহৰ নতুন দিল্লীতো বিদ্যুতৰ সংকট আৰম্ভ হৈ গৈছে।মহাৰাষ্ট্ৰৰ লগতে দেশৰ আন কেইবাখনো ৰাজ্যত তদ্ৰুপ অৱস্থা হৈছে৷

শেহতীয়াকৈ দেশৰ বহু ৰাজ্যত কয়লা চালিত বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহত কয়লাৰ তীব্ৰ নাটনিয়ে দেখা দিছে।

এনে পৰিস্থিতিত বহু কেইটা বিদ্যুৎ উৎপাদন কেন্দ্ৰত বিদ্যুতৰ উৎপাদন বহু পৰিমাণ কমি গৈছে৷

এই পৰিস্থিতিৰ পৰিত্ৰাণ  পাবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্যলৈ কয়লাৰ সৰবৰাহ অধিক দ্ৰুত কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে৷

সেইমৰ্মে কয়লা পৰিবাহী ৰে’লৰ দ্ৰুত চলাচলত সুবিধা হোৱাকৈ বহু যাত্ৰীবাহী ৰে’ল বাতিল কৰা হৈছে।
ৰে’ল পথত ৰে’লৰ সংখ্যা হ্ৰাস হ’লে কয়লা পৰিবাহী ৰে’লে কম সময়ৰ ভিতৰতে বিদ্যুৎ উৎপাদন কেন্দ্ৰত কয়লাৰ যোগান ধৰিবলৈ সক্ষম হ’ব বুলি ভাবিয়েই এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

গ্ৰীষ্ম প্ৰবাহৰ বাবেই বাঢ়িছে বিদ্যুতৰ চাহিদা, ফলত অধিক বিদ্যুৎ উৎপাদন কৰিবলৈ কয়লাৰ চাহিদাও বৃদ্ধি পাইছে৷
উল্লেখ্য কয়লাৰ সহায়তেই দেশৰ প্ৰায় ৭০ শতাংশ বিদ্যুৎ উৎপাদন হৈ আহিছে।

এনে পৰিস্থিতিত  যাত্ৰীবাহী ৰে’ল বাতিল কৰি কয়লা পৰিবাহী ৰে’লৰ চলাচল বৃদ্ধি কৰোৱাৰ পদক্ষেপ লৈছে চৰকাৰে৷

 শেহতীয়াকৈ চন্দ্ৰশেখৰ গৌৰ নামৰ এজন ব্যক্তিয়ে দাখিল কৰা আৰটিআইৰ পৰা এই তথ্য পোহৰলৈ আহিছে যে  ১,৯৩৪ খন ৰেল বাতিল কৰাৰ আঁৰত কয়লাৰ অভাৱেই প্ৰধান৷  মাৰ্চ আৰু মে’ মাহৰ মাজত ১,৯৩৪ খন ৰেল বাতিল কৰা হৈছিল। ভাৰতৰ দৰে এখন দেশত, পৰিবহনৰ বাবে জনসাধাৰণৰ পছন্দৰ তালিকাৰ শীৰ্ষত আছে ৰে'ল । কোনো সন্দেহ নাই যে  ৰে’ল বাতিল হোৱাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বহু যাত্ৰী।

উল্লেখনীয় যে কয়লাৰ অভাৱৰ এনে পৰিস্থিতি ২০১৫ চনতো সৃষ্টি হৈছিল। সেই সময়ত কয়লাৰ চাহিদাৰ তুলনাত  যোগান হ্ৰাস পাইছিল। বিদ্যুতৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে এনে পৰিস্থিতি পুনৰ সৃষ্টি হৈছে। 

 বিশেষজ্ঞসকলে  সেয়ে কয়লাৰ অভাৱৰ বাবেই সমগ্ৰ দেশতে বিদ্যুতৰ নাটনিৰ আশংকা প্ৰকাশ কৰিছে। সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি কেন্দ্ৰই কয়লাৰ যোগানৰ তুলনাত ইয়াৰ চাহিদা ১৫ শতাংশ বেছি  হোৱাৰ আশংকা ব্যক্ত কৰিছে।

 ইয়াৰ ফলস্বৰূপে, মুঠ ৪২.৫ নিযুত টন কয়লাৰ অভাৱ হ'ব পাৰে বুলি সংশ্লিষ্ট দপ্তৰসমূহে ধাৰণা কৰিছে৷

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ