--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মেঘালয় বিধানসভা ভৱনৰ নিৰ্মাণকাৰ্যৰ মাজতে অঘটন৷ নিৰ্মীয়মাণ বিধানসভা ভৱনৰ গম্বুজ খহি পৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিধানসভা ভৱনৰ এই নিৰ্মাণকাৰ্য উত্তৰ প্ৰদেশৰ এটা প্ৰতিষ্ঠানে চলাইছিল বুলি জানিব পৰা গৈছে৷ ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ৰাজকীয় নিৰ্মাণ নিগম লিমিটেডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷


উল্লেখ্য যে, ৫ কোটিৰ প্ৰাককলনেৰে নিৰ্মাণকাৰ্য চলিছিল বিধানসভা ভৱনটোৰ৷ গম্বুজ খহাৰ পাছতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধানসভাৰ অধ্যক্ষ তথা মুখ্যমন্ত্ৰীয়ে৷ অৱশ্যে সৌভাগ্যক্ৰমে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই৷ উত্তৰ প্ৰদেশ ভিত্তিক ইউপিএনআৰএনএলৰ দ্বাৰা নিৰ্মাণ কৰা ১৭৭.৭ কোটি টকাৰ ভৱনটোৰ ৭০ টনৰ গম্বুজটো দেওবাৰে নিশা প্ৰায় ১২:৩০ বজাত খহি পৰে।

'ষ্টীলৰ গম্বুজটোৰ ওজন স্তম্ভ আৰু বীমবোৰৰ বাবে সম্ভৱতঃ অত্যধিক আছিল। ইয়াৰ ফলত গোটেই গাঁথনিটো নামি আহিছিল' পিডব্লিউডিৰ কাৰ্যবাহী অভিযন্তা ৰেনছম চুটঙ্গাই পিটিআইক কৈছিল। বিষয়াজনে কয় যে এতিয়া ধ্বংসাৱশেষ আৰু এটা নতুন ডিজাইন তৈয়াৰ কৰিবলৈ দুসপ্তাহ লাগিব, ৮ৰ পৰা ৯মাহৰ ভিতৰত এটা নতুন ডিজাইন সাজু হ'ব। 


ইপিনে এই ঘটনাৰ পাছতে মেঘালয় চৰকাৰৰ সহযোগী বিজেপিয়ে এনে নিম্নমানৰ নিৰ্মাণৰ চিবিআই তদন্তৰ দাবী জনাইছে। বিজেপি সভাপতি আৰ্নেষ্ট মউৰীয়ে দেওবাৰে সাংবাদিকক কয়, 'যদিও আমি বৰ্তমানৰ চৰকাৰত সহযোগী, ইয়াৰ অৰ্থ এইটো নহয় যে আমি দুৰ্নীতিৰ ক্ষেত্ৰত নীৰৱ হৈ থকা উচিত। আমি অতীতত দুৰ্নীতিৰ বিষয়ত মাত মাতিছো আৰু ইয়াক আৰু অধিক উত্থাপন কৰি যাম।'

নতুন ভৱনটোৰ কাম ২০১৯ চনৰ জুন মাহত আৰম্ভ কৰা হৈছিল আৰু ২০২২ চনৰ আগষ্টৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা আছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে