--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনৱ সংকটৰ দিশে ভাৰতীয় ৰে’লৱে। এইবাৰ ষ্টেচন মাষ্টৰৰ প্ৰতিবাদৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত স্তব্ধ হ’ব পাৰে ভাৰতীয় ৰে’ল পৰিসেৱা। জানিবলৈ পোৱা মতে,  কেন্দ্ৰৰ বিৰুদ্ধে ক্ষোভিত প্ৰায় ৩৫ হাজাৰ ষ্টেচন মাষ্টৰে একেদিনাই ৰাজহুৱা ছুটী বিচাৰি আবেদন কৰিছে। অন্তিম মুহূৰ্ত পৰ্যন্ত যদি তেওঁলোকে নিজৰ সিদ্ধান্তত অটল থাকে তেন্তে ভাৰতীয় ৰে’লৱে ডাঙৰ বিপদত পৰাৰ সম্ভাৱনাই অধিক।

ষ্টেচন মাষ্টৰৰ সংগঠন অল ইণ্ডিয়া ষ্টেচন মাষ্টাৰছ এছ’চিয়েশ্যনে (All India Station Masters Association) অহা ৩১ মে’ত দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে। সংগঠনটোৰ মুঠ ৩৫ হাজাৰ সদস্যই ৩১ মে’ত ৰাজহুৱা ছুটীৰ বাবে আবেদন কৰিছে। ২০২০ চনৰ পৰা কেন্দ্রৰ সন্মুখত কৰা দাবীসমূহ চৰকাৰে নুশুনা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ AISMA  নামৰ সংগঠনটোৰ এগৰাকী নেতাই কয় যে, তেওঁলোকে ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষলৈ এখন পত্ৰ লিখি নিজৰ দাবীসমূহ ব্যক্ত কৰিছে যদিও সেয়া কামত নাহিল।

ষ্টেচন মাষ্টৰৰ দাবীসমূহ কি কি? গোটটোৰ মতে, ২০২০ চনৰ পৰা চৰকাৰৰ সকলো খালী পদ পূৰণ, ৰে’লৱেৰ ব্যক্তিগতকৰণ বন্ধ কৰা, নাইট ডিউটীৰ ভাট্টা প্ৰৱৰ্তন কৰা আৰু পৰ্যাপ্ত নিৰাপত্তা প্ৰদানৰ দাবীত প্ৰচাৰ চলাই আহিছে। কেন্দ্ৰৰ ওচৰত বাৰে বাৰে দাবী কৰাৰ পিছতো সেয়া পূৰণ নহ’ল। শান্তিপূৰ্ণভাৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱাৰ পিছতো নায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ সংগঠনটোৰ। সেইবাবে তেওঁলোকে এনে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে বুলি খবৰ ওলাইছে।

ৰে’লৱে ষ্টেচনৰ মাষ্টৰে ৰাজহুৱা ছুটীৰ দিন ল’লে সমগ্ৰ সেৱাত ব্যাঘাত জন্মিব পাৰে বুলি দাবী কৰিছে AISMA নামৰ সংগঠনটোৱে। ১৯৯৭ চনত সকলো ষ্টেচন মাষ্টৰে এবাৰ ২ মিনিটৰ বাবে ধৰ্মঘট কৰিছিল, তেতিয়া পৰিসেৱা স্বাভাৱিক হ’বলৈ ২-৩ দিন লাগিছিল। যদি ষ্টেচন মাষ্টৰ সকলে গোটেই দিনটো কাম নকৰে তেন্তে ৰে’ল পৰিসেৱা সম্পূৰ্ণৰূপে স্থগিত হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ