--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনৱ সংকটৰ দিশে ভাৰতীয় ৰে’লৱে। এইবাৰ ষ্টেচন মাষ্টৰৰ প্ৰতিবাদৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত স্তব্ধ হ’ব পাৰে ভাৰতীয় ৰে’ল পৰিসেৱা। জানিবলৈ পোৱা মতে,  কেন্দ্ৰৰ বিৰুদ্ধে ক্ষোভিত প্ৰায় ৩৫ হাজাৰ ষ্টেচন মাষ্টৰে একেদিনাই ৰাজহুৱা ছুটী বিচাৰি আবেদন কৰিছে। অন্তিম মুহূৰ্ত পৰ্যন্ত যদি তেওঁলোকে নিজৰ সিদ্ধান্তত অটল থাকে তেন্তে ভাৰতীয় ৰে’লৱে ডাঙৰ বিপদত পৰাৰ সম্ভাৱনাই অধিক।

ষ্টেচন মাষ্টৰৰ সংগঠন অল ইণ্ডিয়া ষ্টেচন মাষ্টাৰছ এছ’চিয়েশ্যনে (All India Station Masters Association) অহা ৩১ মে’ত দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে। সংগঠনটোৰ মুঠ ৩৫ হাজাৰ সদস্যই ৩১ মে’ত ৰাজহুৱা ছুটীৰ বাবে আবেদন কৰিছে। ২০২০ চনৰ পৰা কেন্দ্রৰ সন্মুখত কৰা দাবীসমূহ চৰকাৰে নুশুনা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ AISMA  নামৰ সংগঠনটোৰ এগৰাকী নেতাই কয় যে, তেওঁলোকে ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষলৈ এখন পত্ৰ লিখি নিজৰ দাবীসমূহ ব্যক্ত কৰিছে যদিও সেয়া কামত নাহিল।

ষ্টেচন মাষ্টৰৰ দাবীসমূহ কি কি? গোটটোৰ মতে, ২০২০ চনৰ পৰা চৰকাৰৰ সকলো খালী পদ পূৰণ, ৰে’লৱেৰ ব্যক্তিগতকৰণ বন্ধ কৰা, নাইট ডিউটীৰ ভাট্টা প্ৰৱৰ্তন কৰা আৰু পৰ্যাপ্ত নিৰাপত্তা প্ৰদানৰ দাবীত প্ৰচাৰ চলাই আহিছে। কেন্দ্ৰৰ ওচৰত বাৰে বাৰে দাবী কৰাৰ পিছতো সেয়া পূৰণ নহ’ল। শান্তিপূৰ্ণভাৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱাৰ পিছতো নায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ সংগঠনটোৰ। সেইবাবে তেওঁলোকে এনে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে বুলি খবৰ ওলাইছে।

ৰে’লৱে ষ্টেচনৰ মাষ্টৰে ৰাজহুৱা ছুটীৰ দিন ল’লে সমগ্ৰ সেৱাত ব্যাঘাত জন্মিব পাৰে বুলি দাবী কৰিছে AISMA নামৰ সংগঠনটোৱে। ১৯৯৭ চনত সকলো ষ্টেচন মাষ্টৰে এবাৰ ২ মিনিটৰ বাবে ধৰ্মঘট কৰিছিল, তেতিয়া পৰিসেৱা স্বাভাৱিক হ’বলৈ ২-৩ দিন লাগিছিল। যদি ষ্টেচন মাষ্টৰ সকলে গোটেই দিনটো কাম নকৰে তেন্তে ৰে’ল পৰিসেৱা সম্পূৰ্ণৰূপে স্থগিত হৈ পৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে