--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি ইন্ধন, ঔষধ সকলোতে ঘটা অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ লোকৰ জীৱন দুৰ্বিসহ কৰি তুলিছে। বিশেষকৈ কৰোনা অতিমাৰীৰ সময়ত চৰকাৰে ঘোষণা কৰা লকডাউনে দেশৰ অৰ্থনীতিক তছনছ কৰি পেলাইছে। লকডাউনৰ নেতিবাচক দিশবোৰৰ পৰা আঁতৰি আহি গা টঙাবলৈ লওঁতেই অৰ্থনীতিক কেইবাটাও কাৰকে পুনৰ বিধ্বস্ত কৰিছে। 

বিশেষকৈ ৰাছিয়াৰ-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ এতিয়া দেশৰ সাধাৰণ নাগৰিকৰ ওপৰতো মুদ্ৰাস্ফীতিৰ ৰূপত পৰিছে।মুদ্ৰাস্ফীতিৰ কৰাল গ্ৰাসৰ পৰা দেশক উদ্ধাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইন্ধনৰ ওপৰত আৰোপিত আৱকাৰী শুল্ক কিছু পৰিমাণে হ্ৰাস কৰিছে। কিন্তু মুদ্ৰাস্ফীতি ৰোধৰ এটা সামান্য পদক্ষেপ হিচাবেহে বিবেচিত হৈছে। এনে সময়তে কেন্দ্ৰীয় চৰকাৰে দেশক মুদ্ৰাস্ফীতিৰ দানৱৰ পৰা মুক্ত কৰাৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সেই সিদ্ধান্ত জানো আহক।

মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰই বিত্তীয় বৰ্ষ ২০২৩ ত অতিৰুক্ত  ২৬  বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতৰ দৰে অৰ্থনীতিৰ দেশ এখনৰ বাবে এই ধন নিঃসন্দেহে এক বিশাল অংকৰ ধন হিচাবে পৰিগণিত হব পাৰে।
চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে কেন্দ্ৰই ২০২৩ বিত্তীয় বৰ্ষত অতিৰিক্ত ২ ট্ৰিলিয়ন টকা (২৬ বিলিয়ন ডলাৰ) খৰচ কৰাৰ কথা বিবেচনা কৰি আছে যাতে গ্ৰাহকসকলক বৰ্ধিত মূল্যৰ পৰা সকাহ দিব পৰা যায়। 

এই ধনৰাশি উচ্চ মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হব বুলি মুখপাত্ৰগৰাকীয়ে কয়।উল্লেখ্য মুদ্ৰাস্ফীতি ৰোধৰ প্ৰাথমিক পদক্ষেপ হিচাবে  চৰকাৰে শেহতীয়াকৈ পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আৰোপিত কৰ হ্ৰাসৰ কৰাৰ সিদ্ধান্ত লৈছে।দেশৰ খেতিয়ক শ্ৰেণীক লাভাৱান্বিত কৰিব পৰাকৈ  চৰকাৰে ৰাসায়নিক সাৰত ৰাজসাহায্য দিয়াৰ বাবে অতিৰিক্ত  ৫০০ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰাৰ কথা চিন্তা কৰিছে বুলিও চৰকাৰী মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে।
উল্লেখ্য দেশৰ বজাৰত এতিয়া বস্তুৰ জুই-ছাঁই দামে সাধাৰণ লোকক কোঙা কৰি পেলাইছে। 

কেৱল ঔষধৰ ক্ষেত্ৰতে প্ৰায় ৩০-৪০ শতাংশ মূল্যবৃদ্ধি হৈছে। ভাৰতে ঔষধ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা প্ৰায়ভাগ কেঁচামালেই চীনৰ পৰা আনে। চীনে তেনে কেঁচামালৰ দাম বৃদ্ধি কৰাৰ ফলতে দেশত ঔষদৰ দাম বৃদ্ধি কৰিবলগীয়া হৈছে। অৰ্থনীতিক সৱল কৰি তুলিবলৈ চৰকাৰে যি অতিৰিক্ত ধন খৰচ কৰাৰ সিদ্ধান্ত লৈছে সেই সিদ্ধান্তই মুদ্ৰাস্ফীতি ৰোধত ভালেখিনি সহায় কৰিব বুলি ধাৰণা কৰা হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ