--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি ইন্ধন, ঔষধ সকলোতে ঘটা অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ লোকৰ জীৱন দুৰ্বিসহ কৰি তুলিছে। বিশেষকৈ কৰোনা অতিমাৰীৰ সময়ত চৰকাৰে ঘোষণা কৰা লকডাউনে দেশৰ অৰ্থনীতিক তছনছ কৰি পেলাইছে। লকডাউনৰ নেতিবাচক দিশবোৰৰ পৰা আঁতৰি আহি গা টঙাবলৈ লওঁতেই অৰ্থনীতিক কেইবাটাও কাৰকে পুনৰ বিধ্বস্ত কৰিছে। 

বিশেষকৈ ৰাছিয়াৰ-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ এতিয়া দেশৰ সাধাৰণ নাগৰিকৰ ওপৰতো মুদ্ৰাস্ফীতিৰ ৰূপত পৰিছে।মুদ্ৰাস্ফীতিৰ কৰাল গ্ৰাসৰ পৰা দেশক উদ্ধাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইন্ধনৰ ওপৰত আৰোপিত আৱকাৰী শুল্ক কিছু পৰিমাণে হ্ৰাস কৰিছে। কিন্তু মুদ্ৰাস্ফীতি ৰোধৰ এটা সামান্য পদক্ষেপ হিচাবেহে বিবেচিত হৈছে। এনে সময়তে কেন্দ্ৰীয় চৰকাৰে দেশক মুদ্ৰাস্ফীতিৰ দানৱৰ পৰা মুক্ত কৰাৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সেই সিদ্ধান্ত জানো আহক।

মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰই বিত্তীয় বৰ্ষ ২০২৩ ত অতিৰুক্ত  ২৬  বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতৰ দৰে অৰ্থনীতিৰ দেশ এখনৰ বাবে এই ধন নিঃসন্দেহে এক বিশাল অংকৰ ধন হিচাবে পৰিগণিত হব পাৰে।
চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে কেন্দ্ৰই ২০২৩ বিত্তীয় বৰ্ষত অতিৰিক্ত ২ ট্ৰিলিয়ন টকা (২৬ বিলিয়ন ডলাৰ) খৰচ কৰাৰ কথা বিবেচনা কৰি আছে যাতে গ্ৰাহকসকলক বৰ্ধিত মূল্যৰ পৰা সকাহ দিব পৰা যায়। 

এই ধনৰাশি উচ্চ মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হব বুলি মুখপাত্ৰগৰাকীয়ে কয়।উল্লেখ্য মুদ্ৰাস্ফীতি ৰোধৰ প্ৰাথমিক পদক্ষেপ হিচাবে  চৰকাৰে শেহতীয়াকৈ পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আৰোপিত কৰ হ্ৰাসৰ কৰাৰ সিদ্ধান্ত লৈছে।দেশৰ খেতিয়ক শ্ৰেণীক লাভাৱান্বিত কৰিব পৰাকৈ  চৰকাৰে ৰাসায়নিক সাৰত ৰাজসাহায্য দিয়াৰ বাবে অতিৰিক্ত  ৫০০ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰাৰ কথা চিন্তা কৰিছে বুলিও চৰকাৰী মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে।
উল্লেখ্য দেশৰ বজাৰত এতিয়া বস্তুৰ জুই-ছাঁই দামে সাধাৰণ লোকক কোঙা কৰি পেলাইছে। 

কেৱল ঔষধৰ ক্ষেত্ৰতে প্ৰায় ৩০-৪০ শতাংশ মূল্যবৃদ্ধি হৈছে। ভাৰতে ঔষধ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা প্ৰায়ভাগ কেঁচামালেই চীনৰ পৰা আনে। চীনে তেনে কেঁচামালৰ দাম বৃদ্ধি কৰাৰ ফলতে দেশত ঔষদৰ দাম বৃদ্ধি কৰিবলগীয়া হৈছে। অৰ্থনীতিক সৱল কৰি তুলিবলৈ চৰকাৰে যি অতিৰিক্ত ধন খৰচ কৰাৰ সিদ্ধান্ত লৈছে সেই সিদ্ধান্তই মুদ্ৰাস্ফীতি ৰোধত ভালেখিনি সহায় কৰিব বুলি ধাৰণা কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ