--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ছাত্ৰীগৰাকীৰ দেহ ৯০ শতাংশ পৰ্যন্ত জ্বলি যোৱাৰ লগতে চিকিৎসাৰ বাবে পিএমচিএইচলৈ প্ৰেৰণ কৰা হয়।

ডিজিটেল ডেস্কঃ বুধবাৰে পাটনাৰ গাৰ্ডনিবাগ থানা অঞ্চলত অৱস্থিত আমলা টোলা কন্যা বিদ্যালয়ত বাথৰুমত সোমাই এগৰাকী ছাত্ৰীয়ে নিজৰ দেহত অগ্নিসংযোগ কৰে ।


কিশোৰীগৰাকীৰ নাম জোয়া পাৰবীন, ডামদিয়াৰ বাসিন্দা। পঞ্চম শ্ৰেণীৰ ছাত্ৰী। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে। ইয়াৰ পিছত বিদ্যালয়ত যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।


ছাত্ৰীগৰাকীৰ দেহ ৯০ শতাংশ পৰ্যন্ত জ্বলি যোৱাৰ লগতে চিকিৎসাৰ বাবে পিএমচিএইচলৈ প্ৰেৰণ কৰা হয়।


জানিব পৰা মতে, চিটকোহৰা আমলা হাইস্কুলৰ ছাত্ৰীগৰাকীয়ে নিজৰ ওপৰত পেট্ৰ'ল ঢালি নিজৰ দেহত অগ্নিসংযোগ কৰে। ৯০ শতাংশ পৰ্যন্ত তেওঁৰ শৰীৰ জ্বলি যায়।


ঘটনাৰ পিছতে বিদ্যালয়খনৰ মূল গেটখন বন্ধ কৰি দিয়া হয়। ভয়ত পলায়ন কৰিছে একাংশ শিক্ষক।


পৰিয়ালৰ লোকে এই ঘটনাক হত্যা বুলি অভিহিত কৰিছে। কোনোবাই মাৰিছে নতুবা কাৰোবাৰ হেঁচাত ছোৱালীজনীয়ে নিজকে জুই লগাইছে। তথ্য অনুসৰি বুধবাৰে পুৱা জ’য়া স্কুলৰ বাথৰুমলৈ গৈছিল। তেওঁৰ হাতত বটল এটাও আছিল। বাথৰুমলৈ যোৱাৰ পিছত কেইগৰাকীমান ছাত্ৰীয়ে বাথৰুমৰ পৰা ধোঁৱা ওলাই থকা দেখিলে, তাৰ পিছত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।


এতিয়াও বিদ্যালয়ৰ বাহিৰত গোট খাইছে বিপুল জনসমাগম। ৰাইজক পতিয়ন নিয়াবলৈ ব্যস্ত আৰক্ষী। আনহাতে, ঘটনাস্থলীত কেৰাচিনৰ বটল পোৱা গৈছে। তাত প্ৰায় আধা লিটাৰ তেল বাকী আছে। বাথৰুমৰ বাহিৰত নীলা কাপোৰ এখনো পৰি আছে। বাথৰুমটো ছীল কৰি দিয়া হৈছে। এফ এছ এলৰ দলটোৱে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে এতিয়া বিদ্যালয়খনত স্থাপন কৰা চিচিটিভি ফুটেজৰ তদন্তও অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ