--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ছাত্ৰীগৰাকীৰ দেহ ৯০ শতাংশ পৰ্যন্ত জ্বলি যোৱাৰ লগতে চিকিৎসাৰ বাবে পিএমচিএইচলৈ প্ৰেৰণ কৰা হয়।

ডিজিটেল ডেস্কঃ বুধবাৰে পাটনাৰ গাৰ্ডনিবাগ থানা অঞ্চলত অৱস্থিত আমলা টোলা কন্যা বিদ্যালয়ত বাথৰুমত সোমাই এগৰাকী ছাত্ৰীয়ে নিজৰ দেহত অগ্নিসংযোগ কৰে ।


কিশোৰীগৰাকীৰ নাম জোয়া পাৰবীন, ডামদিয়াৰ বাসিন্দা। পঞ্চম শ্ৰেণীৰ ছাত্ৰী। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে। ইয়াৰ পিছত বিদ্যালয়ত যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।


ছাত্ৰীগৰাকীৰ দেহ ৯০ শতাংশ পৰ্যন্ত জ্বলি যোৱাৰ লগতে চিকিৎসাৰ বাবে পিএমচিএইচলৈ প্ৰেৰণ কৰা হয়।


জানিব পৰা মতে, চিটকোহৰা আমলা হাইস্কুলৰ ছাত্ৰীগৰাকীয়ে নিজৰ ওপৰত পেট্ৰ'ল ঢালি নিজৰ দেহত অগ্নিসংযোগ কৰে। ৯০ শতাংশ পৰ্যন্ত তেওঁৰ শৰীৰ জ্বলি যায়।


ঘটনাৰ পিছতে বিদ্যালয়খনৰ মূল গেটখন বন্ধ কৰি দিয়া হয়। ভয়ত পলায়ন কৰিছে একাংশ শিক্ষক।


পৰিয়ালৰ লোকে এই ঘটনাক হত্যা বুলি অভিহিত কৰিছে। কোনোবাই মাৰিছে নতুবা কাৰোবাৰ হেঁচাত ছোৱালীজনীয়ে নিজকে জুই লগাইছে। তথ্য অনুসৰি বুধবাৰে পুৱা জ’য়া স্কুলৰ বাথৰুমলৈ গৈছিল। তেওঁৰ হাতত বটল এটাও আছিল। বাথৰুমলৈ যোৱাৰ পিছত কেইগৰাকীমান ছাত্ৰীয়ে বাথৰুমৰ পৰা ধোঁৱা ওলাই থকা দেখিলে, তাৰ পিছত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।


এতিয়াও বিদ্যালয়ৰ বাহিৰত গোট খাইছে বিপুল জনসমাগম। ৰাইজক পতিয়ন নিয়াবলৈ ব্যস্ত আৰক্ষী। আনহাতে, ঘটনাস্থলীত কেৰাচিনৰ বটল পোৱা গৈছে। তাত প্ৰায় আধা লিটাৰ তেল বাকী আছে। বাথৰুমৰ বাহিৰত নীলা কাপোৰ এখনো পৰি আছে। বাথৰুমটো ছীল কৰি দিয়া হৈছে। এফ এছ এলৰ দলটোৱে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে এতিয়া বিদ্যালয়খনত স্থাপন কৰা চিচিটিভি ফুটেজৰ তদন্তও অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত