--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতি এতিয়া লাউডস্পীকাৰত আজান আৰু হনুমান চালিচা বজোৱাক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে৷ অতি সন্তৰ্পণে হনুমান চালিচা আৰু আজানক ধৰ্মীয় প্ৰতিযোগিতাৰ অংশ কৰি তোলা হৈছে৷ নাগৰিকৰ  জীৱনপ্ৰণালীৰ অন্য সকলো মৌলিক বিষয়ক গুৰুত্বহীন কৰি জনসাধাৰণক এনেবোৰ ধৰ্মীয় কথা-বতৰাৰে ব্যস্ত কৰি ৰখাৰ তলসুঁতীয়া কৌশল ৰচনা কৰা হৈছে৷

উত্তৰ প্ৰদেশৰ কাশী চহৰত ঠায়ে ঠায়ে লাউডস্পীকাৰত উচ্চস্বৰত হনুমান চালিচাৰ পাঠ বজাই থকা হৈছে৷ এনে ঘটনাৰ প্ৰতিবাদকল্পে উত্তৰ প্ৰদেশৰ প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টীৰ নেতাই ৰাজ্যখনৰ বাৰানসী চহৰত লাউডস্পীকাৰক এতিয়া প্ৰতিবাদৰ মাধ্যম হিচাপে গঢ়ি তুলিছে৷

এতিয়াৰে পৰা উত্তৰ প্ৰদেশত এই লাউডস্পীকাৰত বজোৱা হ’ব কেৱল দাম বৃদ্ধি আৰু কৰ্মসংস্থাপনহীনতা বিষয়ক গান৷ বাৰানসী সমষ্টিৰ সমাজবাদী পাৰ্টীৰ নেতা ৰবিকান্ত বিশ্বকৰ্মাই কালি সদৰী কৰে যে চৰকাৰে দাম বৃদ্ধি আৰু নিবনুৱা সমস্যাৰ কথা তল পেলাবলৈকে আজান আৰু হনুমান চালিচাৰ দৰে বিষয়সমূহ সজোৰে উত্থাপন কৰিছে আৰু সেইবোৰ লাউডস্পীকাৰত বজাই থকা হৈছে৷

তাৰ প্ৰতিবাদস্বৰূপে বিশ্বকৰ্মাই পোনতে তেওঁৰ বাসগৃহত লাউডস্পীকাৰ লগাই তাত পুৱাৰে পৰা সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ গীতসমূহ বজাই থকা হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত