--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতি এতিয়া লাউডস্পীকাৰত আজান আৰু হনুমান চালিচা বজোৱাক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে৷ অতি সন্তৰ্পণে হনুমান চালিচা আৰু আজানক ধৰ্মীয় প্ৰতিযোগিতাৰ অংশ কৰি তোলা হৈছে৷ নাগৰিকৰ  জীৱনপ্ৰণালীৰ অন্য সকলো মৌলিক বিষয়ক গুৰুত্বহীন কৰি জনসাধাৰণক এনেবোৰ ধৰ্মীয় কথা-বতৰাৰে ব্যস্ত কৰি ৰখাৰ তলসুঁতীয়া কৌশল ৰচনা কৰা হৈছে৷

উত্তৰ প্ৰদেশৰ কাশী চহৰত ঠায়ে ঠায়ে লাউডস্পীকাৰত উচ্চস্বৰত হনুমান চালিচাৰ পাঠ বজাই থকা হৈছে৷ এনে ঘটনাৰ প্ৰতিবাদকল্পে উত্তৰ প্ৰদেশৰ প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টীৰ নেতাই ৰাজ্যখনৰ বাৰানসী চহৰত লাউডস্পীকাৰক এতিয়া প্ৰতিবাদৰ মাধ্যম হিচাপে গঢ়ি তুলিছে৷

এতিয়াৰে পৰা উত্তৰ প্ৰদেশত এই লাউডস্পীকাৰত বজোৱা হ’ব কেৱল দাম বৃদ্ধি আৰু কৰ্মসংস্থাপনহীনতা বিষয়ক গান৷ বাৰানসী সমষ্টিৰ সমাজবাদী পাৰ্টীৰ নেতা ৰবিকান্ত বিশ্বকৰ্মাই কালি সদৰী কৰে যে চৰকাৰে দাম বৃদ্ধি আৰু নিবনুৱা সমস্যাৰ কথা তল পেলাবলৈকে আজান আৰু হনুমান চালিচাৰ দৰে বিষয়সমূহ সজোৰে উত্থাপন কৰিছে আৰু সেইবোৰ লাউডস্পীকাৰত বজাই থকা হৈছে৷

তাৰ প্ৰতিবাদস্বৰূপে বিশ্বকৰ্মাই পোনতে তেওঁৰ বাসগৃহত লাউডস্পীকাৰ লগাই তাত পুৱাৰে পৰা সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ গীতসমূহ বজাই থকা হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ