--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ ৰাজনীতিত সৃষ্টি হ’ব পাৰে ধুমুহাৰ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিবিৰোধী ঐক্য গঠনৰ কুচকাৱাজ অব্যাহত থকাৰ মাজতে শিৱসেনাৰ জ্যেষ্ঠনেতা সঞ্জয় ৰাউটৰ মন্তব্যই নতুন চিন্তাৰ উদ্ৰেক ঘটাইছে৷ সঞ্জয় ৰাউটে কয়, দেশৰ ৰাজনৈতিক পৰিস্থিতিক লৈ মুম্বাইত অনুষ্ঠিত হ’ব অ-বিজেপি মুখ্যমন্ত্ৰীৰ বৈঠক৷ তেওঁ কয় যে নিবনুৱা, মুদ্ৰাস্ফীতি, কেন্দ্ৰীয় তদন্ত সংস্থাসমূহৰ অপব্যৱহাৰ, সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰ প্ৰচেষ্টা আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আগন্তুক বৈঠকত আলোচনা কৰা হ’ব।

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে কালি কৈছিল যে  দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ শীঘ্ৰে মুম্বাইত অ-বিজেপি মুখ্যমন্ত্ৰীসকলৰ এখন সন্মিলন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি বিজেপি শাসনত নথকা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকললৈ পত্ৰ লিখিছে বুলি ৰাউটে সদৰী কৰে৷  

লক্ষণীয়ভাৱে, শনিবাৰে ১৩টা বিৰোধী দলৰ নেতাই দেশত ঘৃণামূলক ভাষণ আৰু সাম্প্ৰদায়িক হিংসাৰ শেহতীয়া ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়। এক যুটীয়া বিবৃতিত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী, এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডু আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু হেমন্ত সোৰেনকে ধৰি নেতাসকলে সমাজৰ মেৰুকৰণৰ বাবে শাসকীয় প্ৰতিষ্ঠানৰ দ্বাৰা খাদ্য, পোছাক, বিশ্বাস, উৎসৱ আৰু ভাষা সম্পৰ্কীয় বিষয়বোৰ কেনেদৰে ব্যৱহাৰ কৰা হৈছে তাক লৈও উদ্বেগ প্ৰকাশ কৰে।

ৰাম নৱমী আৰু হনুমান জয়ন্তী উপলক্ষে উলিওৱা শোভাযাত্ৰাৰ ওপৰত শেহতীয়া আক্ৰমণ ভোটাৰসকলক মেৰুকৰণ কৰিবলৈ ৰাজনৈতিকভাৱে পৃষ্ঠপোষকতা কৰা বুলি ৰাউটে অভিযোগ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন