--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ ৰাজনীতিত সৃষ্টি হ’ব পাৰে ধুমুহাৰ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিবিৰোধী ঐক্য গঠনৰ কুচকাৱাজ অব্যাহত থকাৰ মাজতে শিৱসেনাৰ জ্যেষ্ঠনেতা সঞ্জয় ৰাউটৰ মন্তব্যই নতুন চিন্তাৰ উদ্ৰেক ঘটাইছে৷ সঞ্জয় ৰাউটে কয়, দেশৰ ৰাজনৈতিক পৰিস্থিতিক লৈ মুম্বাইত অনুষ্ঠিত হ’ব অ-বিজেপি মুখ্যমন্ত্ৰীৰ বৈঠক৷ তেওঁ কয় যে নিবনুৱা, মুদ্ৰাস্ফীতি, কেন্দ্ৰীয় তদন্ত সংস্থাসমূহৰ অপব্যৱহাৰ, সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰ প্ৰচেষ্টা আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আগন্তুক বৈঠকত আলোচনা কৰা হ’ব।

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে কালি কৈছিল যে  দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ শীঘ্ৰে মুম্বাইত অ-বিজেপি মুখ্যমন্ত্ৰীসকলৰ এখন সন্মিলন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি বিজেপি শাসনত নথকা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকললৈ পত্ৰ লিখিছে বুলি ৰাউটে সদৰী কৰে৷  

লক্ষণীয়ভাৱে, শনিবাৰে ১৩টা বিৰোধী দলৰ নেতাই দেশত ঘৃণামূলক ভাষণ আৰু সাম্প্ৰদায়িক হিংসাৰ শেহতীয়া ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়। এক যুটীয়া বিবৃতিত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী, এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডু আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু হেমন্ত সোৰেনকে ধৰি নেতাসকলে সমাজৰ মেৰুকৰণৰ বাবে শাসকীয় প্ৰতিষ্ঠানৰ দ্বাৰা খাদ্য, পোছাক, বিশ্বাস, উৎসৱ আৰু ভাষা সম্পৰ্কীয় বিষয়বোৰ কেনেদৰে ব্যৱহাৰ কৰা হৈছে তাক লৈও উদ্বেগ প্ৰকাশ কৰে।

ৰাম নৱমী আৰু হনুমান জয়ন্তী উপলক্ষে উলিওৱা শোভাযাত্ৰাৰ ওপৰত শেহতীয়া আক্ৰমণ ভোটাৰসকলক মেৰুকৰণ কৰিবলৈ ৰাজনৈতিকভাৱে পৃষ্ঠপোষকতা কৰা বুলি ৰাউটে অভিযোগ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement