--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ কানপুৰক সংঘটিত সংঘৰ্ষ সন্দৰ্ভত এই পৰ্যন্ত ৩৬গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে৷ প্ৰফেট মহম্মদ সম্পৰ্কত বিজেপি মুখপাত্ৰই কৰা আপত্তিজনক মন্তব্যৰ পাছতে হিংসাত উত্তপ্ত হৈছে উত্তৰ প্ৰদেশ৷ চহৰখনত কঠোৰ কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা৷

সংঘৰ্ষত তেৰজন আৰক্ষী জোৱান আৰু দুয়োপক্ষৰ আন ত্ৰিশজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে হিংসাত জড়িত লোকসকলক চিনাক্ত কৰিবলৈ ভিডিঅক্লিপবোৰ পৰীক্ষা কৰাৰ পাছত ৩৬গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছিল৷

আৰক্ষী আয়ুক্ত বিজয় সিং মীনাই ভিডিঅসমূহৰ আধাৰত অধিক লোকক চিনাক্ত কৰা হৈছে বুলি মন্তব্য কৰে৷ গেংষ্টাৰ আইনৰ অধীনত ষড়যন্ত্ৰকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা আৰু তেওঁলোকৰ সম্পত্তি জব্দ কৰা বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰে৷

জ্ঞানবাপী বিষয়ত শেহতীয়া বিতৰ্কৰ সময়ত প্ৰফেট মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ নূপুৰ শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদত বজাৰ বন্ধ ৰখাৰ আহ্বানক লৈ শুকুৰবৰীয়া নামাজৰ পাছত কানপুৰৰ কিছু অংশত হিংসাত্মক ঘটনা সংঘটিত হয়।

আৰক্ষী আয়ুক্ত মীনাই সংবাদমাধ্যমৰ সন্মুখত কৰা মন্তব্য অনুসৰি, ৫০ৰ পৰা ১০০গৰাকীমান যুৱক হঠাতে ৰাজপথলৈ ওলাই আহিছিল আৰু শ্লগান দিবলৈ আৰম্ভ কৰিছিল। আন এটা গোটে ইয়াৰ বিৰোধিতা কৰিছিল আৰু শিল নিক্ষেপ কৰিছিল৷ ঘটনাস্থলীত উপস্থিত থকা আঠৰ পৰা দহজন আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল৷

পৰৱৰ্তী সময়ত আৰক্ষী নিয়ন্ত্ৰণ কক্ষই খবৰ পোৱাৰ লগে লগে দহ মিনিটৰ ভিতৰত ঘটনাস্থলীত উপস্থিত হৈছিল জ্যেষ্ঠ আৰক্ষী বিষয়া৷ শেহতীয়া খবৰ অনুসৰি, একাংশ হিন্দুত্ববাদী সংগঠনে কানপুৰৰ সংঘৰ্ষস্থলীত সন্ধিয়া পাঁচ বজাত পাঠ কৰিব হনুমান চালিচা৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ