--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ কানপুৰক সংঘটিত সংঘৰ্ষ সন্দৰ্ভত এই পৰ্যন্ত ৩৬গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে৷ প্ৰফেট মহম্মদ সম্পৰ্কত বিজেপি মুখপাত্ৰই কৰা আপত্তিজনক মন্তব্যৰ পাছতে হিংসাত উত্তপ্ত হৈছে উত্তৰ প্ৰদেশ৷ চহৰখনত কঠোৰ কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা৷

সংঘৰ্ষত তেৰজন আৰক্ষী জোৱান আৰু দুয়োপক্ষৰ আন ত্ৰিশজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে হিংসাত জড়িত লোকসকলক চিনাক্ত কৰিবলৈ ভিডিঅ’ ক্লিপবোৰ পৰীক্ষা কৰাৰ পাছত ৩৬গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছিল৷

আৰক্ষী আয়ুক্ত বিজয় সিং মীনাই ভিডিঅ’সমূহৰ আধাৰত অধিক লোকক চিনাক্ত কৰা হৈছে বুলি মন্তব্য কৰে৷ গেংষ্টাৰ আইনৰ অধীনত ষড়যন্ত্ৰকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু তেওঁলোকৰ সম্পত্তি জব্দ কৰা হ’ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰে৷

জ্ঞানবাপী বিষয়ত শেহতীয়া বিতৰ্কৰ সময়ত প্ৰফেট মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ নূপুৰ শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদত বজাৰ বন্ধ ৰখাৰ আহ্বানক লৈ শুকুৰবৰীয়া নামাজৰ পাছত কানপুৰৰ কিছু অংশত হিংসাত্মক ঘটনা সংঘটিত হয়।

আৰক্ষী আয়ুক্ত মীনাই সংবাদমাধ্যমৰ সন্মুখত কৰা মন্তব্য অনুসৰি, ৫০ৰ পৰা ১০০গৰাকীমান যুৱক হঠাতে ৰাজপথলৈ ওলাই আহিছিল আৰু শ্ল’গান দিবলৈ আৰম্ভ কৰিছিল। আন এটা গোটে ইয়াৰ বিৰোধিতা কৰিছিল আৰু শিল নিক্ষেপ কৰিছিল৷ ঘটনাস্থলীত উপস্থিত থকা আঠৰ পৰা দহজন আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল৷

পৰৱৰ্তী সময়ত আৰক্ষী নিয়ন্ত্ৰণ কক্ষই খবৰ পোৱাৰ লগে লগে দহ মিনিটৰ ভিতৰত ঘটনাস্থলীত উপস্থিত হৈছিল জ্যেষ্ঠ আৰক্ষী বিষয়া৷ শেহতীয়া খবৰ অনুসৰি, একাংশ হিন্দুত্ববাদী সংগঠনে কানপুৰৰ সংঘৰ্ষস্থলীত সন্ধিয়া পাঁচ বজাত পাঠ কৰিব হনুমান চালিচা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ