--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ আৰম্ভ হ’ল এক অবাঞ্চিত অধ্যায়ৰ। জম্মু-কাশ্মীৰৰ সন্ত্ৰাসজৰ্জৰ ইতিহাসত আন এক নতুন অধ্যায় সংযোজিত হ’ল। পুনৰ সাধাৰণ লোকৰ ওপৰত পৰিকল্পিত আক্ৰমণে অস্থিৰ কৰি তুলিলে জম্মু-কাশ্মীৰ। বিগত এটা মাহতে সন্ত্ৰাসবাদীয়ে ৯ জনকৈ সাধাৰণ লোকক হত্যা কৰাৰ পাছত এতিয়া কাশ্মীৰত থকা হিন্দু লোকসকল প্ৰৱল নিৰাপত্তাহীনতাত ভুগিছে। কেন্দ্ৰই পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ থকা বুলি দাবী কৰি আহিলেও পৰিস্থিতি যে, মুঠেও কেন্দ্ৰৰ নিয়ন্ত্ৰণাধীন হৈ থকা নাই সেয়া এতিয়া প্ৰমাণিত হৈছে। যাৰ ফলত প্ৰাণৰ মায়াত নিজৰ ঘৰ এৰিবলৈ আৰম্ভ কৰিছে কাশ্মীৰ পণ্ডিতসকলে।

 

টাৰ্গেটেড কিলিঙৰ ঘটনা বৃদ্ধি পাই অহাৰ সময়তে কাশ্মীৰৰ ১৭৭ গৰাকী পণ্ডিত শিক্ষক-শিক্ষয়িত্ৰীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ কাম আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই ১৭৭গৰাকী কাশ্মীৰী পণ্ডিত শিক্ষক-শিক্ষয়িত্ৰীক শ্ৰীনগৰৰ পৰা নিৰাপদ স্থনলৈ বদলি কৰাৰ নিৰ্দেশ দিয়া হৈছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত এখন উচ্চস্তৰীয় বৈঠকত ভাগ লোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। শ্বাহৰে এই বৈঠকত দেশৰ নিৰাপত্তা উপদেষ্টা, সেনাপ্ৰধান, জম্মু-কাশ্মীৰ আৰক্ষীৰ মুৰব্বী আদিয়ে অংশগ্ৰহণ কৰিছিল। তাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ চৰকাৰী কৰ্মচাৰীৰ ওপৰত পৰিকল্পিতভাৱে আক্ৰমণ সংঘটিত কৰি অহাৰ ঘটনা এতিয়া সমগ্ৰ দেশৰ বাবেই উদ্বেগৰ কাৰণ হৈ পৰিছে।

 

জম্মু-কাশ্মীৰৰ পৰা পুনৰ হিন্দুসকলৰ নৃগোষ্ঠীয় চাফাইৰ দৰে পৰিস্থিতি সৃষ্টিৰ বাবে সন্ত্ৰাসবাদীয়ে কৰি থকা চেষ্টাক প্ৰতিহত কৰাৰ বাবে কেন্দ্ৰই কি কৌশল গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ