--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ আৰম্ভ হ’ল এক অবাঞ্চিত অধ্যায়ৰ। জম্মু-কাশ্মীৰৰ সন্ত্ৰাসজৰ্জৰ ইতিহাসত আন এক নতুন অধ্যায় সংযোজিত হ’ল। পুনৰ সাধাৰণ লোকৰ ওপৰত পৰিকল্পিত আক্ৰমণে অস্থিৰ কৰি তুলিলে জম্মু-কাশ্মীৰ। বিগত এটা মাহতে সন্ত্ৰাসবাদীয়ে ৯ জনকৈ সাধাৰণ লোকক হত্যা কৰাৰ পাছত এতিয়া কাশ্মীৰত থকা হিন্দু লোকসকল প্ৰৱল নিৰাপত্তাহীনতাত ভুগিছে। কেন্দ্ৰই পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ থকা বুলি দাবী কৰি আহিলেও পৰিস্থিতি যে, মুঠেও কেন্দ্ৰৰ নিয়ন্ত্ৰণাধীন হৈ থকা নাই সেয়া এতিয়া প্ৰমাণিত হৈছে। যাৰ ফলত প্ৰাণৰ মায়াত নিজৰ ঘৰ এৰিবলৈ আৰম্ভ কৰিছে কাশ্মীৰ পণ্ডিতসকলে।

টাৰ্গেটেড কিলিঙৰ ঘটনা বৃদ্ধি পাই অহাৰ সময়তে কাশ্মীৰৰ ১৭৭ গৰাকী পণ্ডিত শিক্ষক-শিক্ষয়িত্ৰীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ কাম আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই ১৭৭গৰাকী কাশ্মীৰী পণ্ডিত শিক্ষক-শিক্ষয়িত্ৰীক শ্ৰীনগৰৰ পৰা নিৰাপদ স্থনলৈ বদলি কৰাৰ নিৰ্দেশ দিয়া হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত এখন উচ্চস্তৰীয় বৈঠকত ভাগ লোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। শ্বাহৰে এই বৈঠকত দেশৰ নিৰাপত্তা উপদেষ্টা, সেনাপ্ৰধান, জম্মু-কাশ্মীৰ আৰক্ষীৰ মুৰব্বী আদিয়ে অংশগ্ৰহণ কৰিছিল। তাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ চৰকাৰী কৰ্মচাৰীৰ ওপৰত পৰিকল্পিতভাৱে আক্ৰমণ সংঘটিত কৰি অহাৰ ঘটনা এতিয়া সমগ্ৰ দেশৰ বাবেই উদ্বেগৰ কাৰণ হৈ পৰিছে।

জম্মু-কাশ্মীৰৰ পৰা পুনৰ হিন্দুসকলৰ নৃগোষ্ঠীয় চাফাইৰ দৰে পৰিস্থিতি সৃষ্টিৰ বাবে সন্ত্ৰাসবাদীয়ে কৰি থকা চেষ্টাক প্ৰতিহত কৰাৰ বাবে কেন্দ্ৰই কি কৌশল গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ