--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘৰত ৬ বছৰীয়া কন্যা সন্তানক থৈ নিজৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা কৃষ্ণা মণ্ডলৰ কোনো সন্ধান পোৱা হোৱা নাই।

ডিজিটেল ডেস্ক: বিজনীৰ ১ নং বিষ্ণুপুৰত আঢ়ৈ মাহ ধৰি নিৰুদ্দেশ হৈ আছে এগৰাকী মহিলা। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ১ নং বিষ্ণুপুৰ গাঁৱৰ বন্তোষ মণ্ডলৰ পত্নী কৃষ্ণা মণ্ডল (২৬) যোৱা প্ৰায় আঢ়ৈ মাহ ধৰি নিৰুদ্দেশ হৈ আছে।


জানিব পৰা মতে, ঘৰত ৬ বছৰীয়া কন্যা সন্তানক থৈ নিজৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা কৃষ্ণা মণ্ডলৰ কোনো সন্ধান পোৱা হোৱা নাই। নিৰুদ্দেশ হোৱাৰ পিছত স্বামীয়ে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰাৰ লগতে আত্মীয়-স্বজন আৰু পৰিচিত লোকসকলৰ সৈতেও যোগাযোগ কৰে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা নাই।


ইতিমধ্যে ঘটনা সন্দৰ্ভত কৃষ্ণা মণ্ডলৰ স্বামীয়ে পাণবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।


মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰা ব্যক্তি অথবা কোনো সদাশয় লোকে তেওঁক ক’ৰবাত দেখা পালে 8099195946 নম্বৰত যোগাযোগ কৰি পৰিয়ালৰ লোকক অৱগত কৰিবলৈ আন্তৰিকভাৱে অনুৰোধ জনোৱা হৈছে। 


মাতৃক বিচাৰি কান্দোনত ভাগি পৰিছে ৬ বছৰীয়া শিশুটি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত