--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘৰত ৬ বছৰীয়া কন্যা সন্তানক থৈ নিজৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা কৃষ্ণা মণ্ডলৰ কোনো সন্ধান পোৱা হোৱা নাই।

ডিজিটেল ডেস্ক: বিজনীৰ ১ নং বিষ্ণুপুৰত আঢ়ৈ মাহ ধৰি নিৰুদ্দেশ হৈ আছে এগৰাকী মহিলা। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ১ নং বিষ্ণুপুৰ গাঁৱৰ বন্তোষ মণ্ডলৰ পত্নী কৃষ্ণা মণ্ডল (২৬) যোৱা প্ৰায় আঢ়ৈ মাহ ধৰি নিৰুদ্দেশ হৈ আছে।


জানিব পৰা মতে, ঘৰত ৬ বছৰীয়া কন্যা সন্তানক থৈ নিজৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা কৃষ্ণা মণ্ডলৰ কোনো সন্ধান পোৱা হোৱা নাই। নিৰুদ্দেশ হোৱাৰ পিছত স্বামীয়ে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰাৰ লগতে আত্মীয়-স্বজন আৰু পৰিচিত লোকসকলৰ সৈতেও যোগাযোগ কৰে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা নাই।


ইতিমধ্যে ঘটনা সন্দৰ্ভত কৃষ্ণা মণ্ডলৰ স্বামীয়ে পাণবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।


মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰা ব্যক্তি অথবা কোনো সদাশয় লোকে তেওঁক ক’ৰবাত দেখা পালে 8099195946 নম্বৰত যোগাযোগ কৰি পৰিয়ালৰ লোকক অৱগত কৰিবলৈ আন্তৰিকভাৱে অনুৰোধ জনোৱা হৈছে। 


মাতৃক বিচাৰি কান্দোনত ভাগি পৰিছে ৬ বছৰীয়া শিশুটি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ