ডিজিটেল ডেস্ক: নুমলীগড়ৰ দৈগ্ৰোঙত এক মৰ্মান্তিক আৰু হৃদয়বিদাৰক দৃশ্য পোহৰলৈ আহিছে। পথ দুৰ্ঘটনাত এজনী মাতৃ বান্দৰৰ শোকাৱহ মৃত্যুৰ পিছত নিজৰ আপোনজনক হেৰুৱাৰ বেদনা আৰু তীব্ৰ প্ৰতিবাদৰ এক স্বৰূপ দেখিবলৈ পোৱা গ'ল।
দৈগ্ৰোং অঞ্চলত এটা কণমানি পোৱালিসহ বিচৰণ কৰি থকা অৱস্থাত তীব্ৰ গতিৰ এখন বাহনে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় মাতৃ বান্দৰজনী। ইয়াৰ পিছতেই শোকত ভাগি পৰে দুৰ্ভগীয়া পোৱালিটো আৰু সংগী আন এটা বান্দৰ।
মৃতদেহটোৰ কাষত বহি সিহঁতে দীঘলীয়া সময় ধৰি পহৰা দি ৰাখে আৰু শোক তথা ক্ষোভত ত্ৰাসৰ সৃষ্টি কৰে। আনকি শোকাৰ্ত অৱস্থাত সিহঁতে এজন লোকক আক্ৰমণো কৰে, যিয়ে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰে।
ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি কোনোমতে মৃত বান্দৰজনী উদ্ধাৰ কৰি লৈ যায়। এই ঘটনাই পথচাৰী আৰু বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি এক আশংকাজনক ছবি পুনৰবাৰ উদঙাই দিলে।
আপোনজনক হেৰুৱাৰ অনুভৱ মানুহৰ দৰে বন্যপ্ৰাণীৰো একে, এই ঘটনাই তাকে প্ৰমাণ কৰিলে।