--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এক শোকাৱহ ঘটনা সংঘটিত হৈছে  গোৱালিয়ৰত। অভিভাৱকৰ সামন্য অৱহেলাৰ বাবেই এটি চাৰি বছৰীয়া শিশুৱে কৰুণ মৃত্যুক সাৱটিবলগীয়া হয়। 

মৃত শিশুটিক  দেৱ আহিৰৱাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ গোৰঘাট আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বদন কলন গাঁৱৰ বাসিন্দা আছিল। তেওঁ তেওঁৰ পিতৃ-মাতৃৰ তিনিটা সন্তানৰ ভিতৰত আটাইতকৈ কনিষ্ঠ সন্তান আছিল । দেৱে ৪ অক্টোবৰতে তেওঁৰ ঘৰৰ চৌহদত খেলি থকাৰ সময়তে   সুৰেন্দ্ৰ নামৰ এজন স্থানীয় লোকে সেই ঠাইলৈ গৰম গাখীৰৰ পাত্ৰ এটা লৈ আহিছিল। তেতিয়াই দেৱে নিয়ন্ত্ৰণ হেৰুৱাই গৰম গাখীৰৰ পাত্ৰত খুন্দা মাৰিছিল। 

উতলা  গাখীৰ খিনি শিশুটিৰ দেহত পৰিছিল।   ফলস্বৰূপে  তেওঁৰ শৰীৰৰ প্ৰায় ৮০ শতাংশ জ্বলি গৈছিল। পৰিয়ালৰ লোকসকলে শিশুটিৰ  চিঞৰ আৰু কান্দোন শুনি ঘটনাস্থলীলৈ দৌৰি গৈছিল। শিশুটিক লগে লগে এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। দেৱে তিনি সপ্তাহ ধৰি জীৱনৰ সৈতে  যুঁজি আছিল। কিন্তু শেষত তেওঁ মৃত্যুৰ ওচৰত হাৰ মানিলে। শেহতীয়াকৈ  তেওঁৰ মৃত্যু হৈছে। 

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। এগৰাকী স্থানীয় আৰক্ষী বিষয়াই কয়- আমি ঘটনাটো  কেনেকৈ ঘটিবলৈ পালে  আৰু কোনোবাই ইচ্ছাকৃতভাৱে সেয়া  কৰিছিল নেকি সেই বিষয়ত  অনুসন্ধান কৰি আছো।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ