--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাজ্যখনত লটাৰীৰ বিক্ৰী নিষিদ্ধ যদিও এটা মাফিয়া চক্ৰই বৰ্হিঃৰাজ্যৰ পৰা চোৰাংভাবে ৬ টকীয়া লটাৰী টিকট সৰবৰাহ কৰি বৰপেটাৰোডৰ পৰিবেশ বিঘ্নিত কৰি তুলিছিল।

ডিজিটেল ডেস্কঃ  বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক।


বৰপেটাৰোডৰ চাউল বজাৰত অভিযান চলাই আৰক্ষীয়ে তিনি জন অবৈধ লটাৰী টিকট বিক্ৰেতাক আটক কৰে।


লটাৰী টিকট বিক্ৰেতা কেইজন হৈছে- লব চন্দ্ৰ সৰকাৰ, তাপস সাহা আৰু ভোলানাথ সৰকাৰ।


ৰাজ্যখনত লটাৰীৰ বিক্ৰী নিষিদ্ধ যদিও এটা মাফিয়া চক্ৰই বৰ্হিঃৰাজ্যৰ পৰা চোৰাংভাবে ৬ টকীয়া লটাৰী টিকট সৰবৰাহ কৰি বৰপেটাৰোডৰ পৰিবেশ বিঘ্নিত কৰি তুলিছিল।


প্ৰাগ নিউজত বৰপেটাৰোডত আৰক্ষীৰ সন্মুখতে অবৈধভাবে চলি থকা লটাৰীৰ বাতৰি সম্প্ৰচাৰৰ পিচতে গা লৰে আৰক্ষীৰ আৰু আজি বৰপেটাৰোড আৰক্ষীয়ে চাউল বজাৰত অভিযান চলাই তিনিজনকৈ লটাৰী বিক্ৰেতাক আটক কৰে।


প্ৰশ্ন হৈছে ৰাজ্যখনত আইনীভাবে নিষিদ্ধ বৰ্হিঃৰাজ্যৰ লটাৰীৰ ব্যৱসায়ৰ সৈতে জৰিত বৃহৎ মাফিয়া চক্ৰটোক আৰক্ষীয়ে আটক কৰিবনে ? নে লটাৰী মাফিয়াসকলক ৰেহাই দিবলৈ কেবল পুঠি-খলিহনা আটক কৰিয়েই দায়িত্ব সামৰিব বৰপেটাৰোড আৰক্ষীয়ে।


স্থানীয় লোকে লটাৰী মাফিয়া সকলক আটক কৰিবলৈ দাবী জনাইছে। উল্লেখ্য যে, ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে বৰপেটাৰোড চহৰত অবৈধভাবে চলি থকা লটাৰী বন্ধৰ দাবী জনাই আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ