--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ মাজতে চেন্নাই ছুপাৰ কিংছৰ তাৰকা ডেভন কনৱেৰ বিয়া। বিবাহ অনুষ্ঠানত প্ৰাণ ভৰি নাচিলে ডুৱাইন ব্ৰাভো, ৰিতুৰাজ গায়কৱাডে। পৰম্পৰাগত পোছাকত নৃত্য কৰা দেখা গ’ল মহেন্দ্ৰ সিং ধোনীক। সামাজিক মাধ্যমত সম্প্ৰতি এই ভিডিঅ’টোক লৈ হৈছে চৰ্চা।

বিজ্ঞাপনটোত কঁকাল ভাঙি নচা দেখা গৈছে ধোনীক।  এইবাৰ সতীৰ্থৰ বিয়াত ডান্স ফ্ল’ৰত মিষ্টাৰ কুল। বিগত বৃহস্পতিবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ আগতে জীৱনৰ নতুন ইনিংছৰ পাতনি মেলিলে কনৱেই। বিয়াৰ এটা ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে চিএছকেই। ভিডিঅ’টোত চেন্নাইৰ তাৰকাসকলে দক্ষিণৰ পোছাক কুৰ্তা আৰু বগা লুঙী পিন্ধা দেখা গৈছে। ব্যতিক্ৰম নহয় ব্ৰাভো। কেৰিবিয়ান অলৰাউণ্ডাৰজনে উইকেট লোৱাৰ পিছত যিদৰে চেলিব্ৰেছন কৰে সেই একেই ষ্টেপ দেখিবলৈ পোৱা গ’ল বিবাহস্থলীতো। ব্ৰাভোক সংগ দিলে সতীৰ্থ ৰিতুৰাজে। 

এক কথাত ক'বলৈ গ'লে, দক্ষিণ আফ্ৰিকাৰ কনৱেৰ বিয়াত দেখিবলৈ পোৱা গ’ল দক্ষিণৰ সংস্কৃতিৰ পয়োভৰ। চেন্নাইৰ জাৰ্চীত খেলিবলৈ লোৱাৰ পাছৰে পৰাই দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ ষ্টাইল অনুসৰণ কৰিবলৈও যে শিকিছে, সেই কথা ধৰা পৰিছে ভিডিঅ'টোত। যি কি মহওক কনৱেই কিমৰ সৈতে নতুন জীৱন আৰম্ভ কৰিছে। সেইবাবে বৰ্তমান আইপিএলত দেখিবলৈ পোৱা নাযাব খেলুৱৈগৰাকীক।

ইফালে, আইপিএলৰ চলিত ছিজনত ভাল ছন্দত নাই ডিফেণ্ডিং চেম্পিয়ন চেন্নাই। জাদেজাৰ চেন্নাইয়ে সাতখন খেলৰ মাত্ৰ দুখনতহে জয়ী হৈছে। লীগ তালিকাৰ নৱম স্থানত আছে দলটো। মুম্বাইৰ বিৰুদ্ধে মেচখনৰ শেষ মুহূৰ্তত পুনৰ দেখিবলৈ পোৱা গৈছিল ভিনটেজ ধোনীৰ যাদুকৰী বেটৰ ছন্দ। শ্ৰেষ্ঠ ফিনিচাৰৰ মাহীয়ে অ’ভাৰ বাউণ্ডেৰী আৰু বাউণ্ডেৰীৰে হাতৰ পৰা বাহিৰ যোৱা মেচখন নিজৰ ফালে আঁজুৰি আনিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ