--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ মাজতে চেন্নাই ছুপাৰ কিংছৰ তাৰকা ডেভন কনৱেৰ বিয়া। বিবাহ অনুষ্ঠানত প্ৰাণ ভৰি নাচিলে ডুৱাইন ব্ৰাভো, ৰিতুৰাজ গায়কৱাডে। পৰম্পৰাগত পোছাকত নৃত্য কৰা দেখা গ’ল মহেন্দ্ৰ সিং ধোনীক। সামাজিক মাধ্যমত সম্প্ৰতি এই ভিডিঅ’টোক লৈ হৈছে চৰ্চা।

বিজ্ঞাপনটোত কঁকাল ভাঙি নচা দেখা গৈছে ধোনীক।  এইবাৰ সতীৰ্থৰ বিয়াত ডান্স ফ্ল’ৰত মিষ্টাৰ কুল। বিগত বৃহস্পতিবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ আগতে জীৱনৰ নতুন ইনিংছৰ পাতনি মেলিলে কনৱেই। বিয়াৰ এটা ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে চিএছকেই। ভিডিঅ’টোত চেন্নাইৰ তাৰকাসকলে দক্ষিণৰ পোছাক কুৰ্তা আৰু বগা লুঙী পিন্ধা দেখা গৈছে। ব্যতিক্ৰম নহয় ব্ৰাভো। কেৰিবিয়ান অলৰাউণ্ডাৰজনে উইকেট লোৱাৰ পিছত যিদৰে চেলিব্ৰেছন কৰে সেই একেই ষ্টেপ দেখিবলৈ পোৱা গ’ল বিবাহস্থলীতো। ব্ৰাভোক সংগ দিলে সতীৰ্থ ৰিতুৰাজে। 

এক কথাত ক'বলৈ গ'লে, দক্ষিণ আফ্ৰিকাৰ কনৱেৰ বিয়াত দেখিবলৈ পোৱা গ’ল দক্ষিণৰ সংস্কৃতিৰ পয়োভৰ। চেন্নাইৰ জাৰ্চীত খেলিবলৈ লোৱাৰ পাছৰে পৰাই দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ ষ্টাইল অনুসৰণ কৰিবলৈও যে শিকিছে, সেই কথা ধৰা পৰিছে ভিডিঅ'টোত। যি কি মহওক কনৱেই কিমৰ সৈতে নতুন জীৱন আৰম্ভ কৰিছে। সেইবাবে বৰ্তমান আইপিএলত দেখিবলৈ পোৱা নাযাব খেলুৱৈগৰাকীক।

ইফালে, আইপিএলৰ চলিত ছিজনত ভাল ছন্দত নাই ডিফেণ্ডিং চেম্পিয়ন চেন্নাই। জাদেজাৰ চেন্নাইয়ে সাতখন খেলৰ মাত্ৰ দুখনতহে জয়ী হৈছে। লীগ তালিকাৰ নৱম স্থানত আছে দলটো। মুম্বাইৰ বিৰুদ্ধে মেচখনৰ শেষ মুহূৰ্তত পুনৰ দেখিবলৈ পোৱা গৈছিল ভিনটেজ ধোনীৰ যাদুকৰী বেটৰ ছন্দ। শ্ৰেষ্ঠ ফিনিচাৰৰ মাহীয়ে অ’ভাৰ বাউণ্ডেৰী আৰু বাউণ্ডেৰীৰে হাতৰ পৰা বাহিৰ যোৱা মেচখন নিজৰ ফালে আঁজুৰি আনিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত