--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনেও নভবা কথা এটাই ঘটি গ’ল৷ কিছু মুহুৰ্ত আগলৈকে সুস্থ-সৱল অৱস্থাত গীত গাই দৰ্শকক আপ্লুত কৰা শিল্পী  কে কেই অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰিল আৰু ক্ষন্তেকৰ ভিতৰতে  মৃত্যুকো সাৱটি ল’লে৷ জনপ্ৰিয় শিল্পীগৰাকীৰ এনে মৃত্যুক মুঠেও সহজ  ভাবে ল’ব পৰা নাই তেওঁৰ অনুৰাগীসকলে৷ এয়া হত্যা নহয়তো? এই প্ৰশ্নয়ো এতিয়া বহুতৰে মনত ক্ৰিয়া কৰিছে৷শিল্পীগৰাকীৰ ওঁঠ আৰু মূৰত ক’লা দাগ পোৱাৰ কথাই তেওঁৰ মৃত্যুক অধিক  সন্দেহৰ মাজলৈ ঠেলি দিছে৷

 কলকাতা আৰক্ষীয়ে কে কেৰ মৃত্যুক  'অপ্ৰাকৃতিক মৃত্যু' হিচাবে চিহ্নিত কৰি এটা গোচৰ পঞ্জীয়ন কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে৷ শিল্পীগৰাকীৰ  ওঁঠ আৰু মূৰত 'ব্লেক স্পট' পৰিল কেনেকৈ? এই প্ৰশ্নৰ উত্তৰ এতিয়া কলকাতা আৰক্ষীয়েও বিচাৰি আছে৷

 কলকাতা আৰক্ষীৰ শীৰ্ষ সূত্ৰই সাংবাদিকৰ আগত কয়- ’জনপ্ৰিয়  গায়ক কৃষ্ণকুমাৰ কুন্নাথৰ মৃত্যু সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে, । নিউ মাৰ্কেট আৰক্ষী চকীত পঞ্জীয়ন কৰা গোচৰটো "অপ্ৰাকৃতিক মৃত্যু" হিচাবে ৰুজু কৰা হৈছে’। কেকেৰ ওঁঠ আৰু মূৰত ক'লা দাগ পোৱাৰ বিষয়টো আৰক্ষীয়ে বিশেষ ভাবে অনুসন্ধান কৰিব বুলি জানিব পৰা  গৈছে। 

আৰক্ষীয়ে অনুষ্ঠানটোৰ আয়োজক আৰু হোটেলৰ কৰ্মচাৰীসকলক জেৰা কৰি আছে। কে কেৰ মৃতদেহ বৰ্তমান চিএমআৰআইত ৰখা হৈছে আৰু আজিয়েই মৰণোত্তৰ পৰীক্ষাৰ বাবে এছএছকেএম চিকিৎসালয়লৈ লৈ যোৱা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ কলকাতাৰ গুৰুদাস মহাবিদ্যালয়ৰ অনুষ্ঠানত গীত  পৰিবেশন কৰি থকা অৱস্থাত অসুস্থ হৈ পৰিছিল শিল্পী  কে কে৷

 সংগীতানুষ্ঠান সামৰি  হোটেলৰ কোঠাত উপস্থিত হোৱাৰ পিছতে ৫৩ বছৰীয়া গায়কজনে বুকুৰ বিষ হোৱা অনুভৱ কৰে৷ তেওঁক লগে লগে কলকাতাৰ চিএমআৰআই চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক "মৃত" ঘোষণা কৰে।চিকিৎসালয়খনৰ এজন জ্যেষ্ঠ চিকিৎসকে কয়, "এয়া দুৰ্ভাগ্যজনক যে আমি তেওঁৰ চিকিৎসা কৰিব নোৱাৰিলোঁ।"

শিল্পী কে কেই হিন্দী, তামিল, তেলেগু, কানাড়া, মালায়ালম, মাৰাঠী, অসমীয়া আৰু বঙালীকে ধৰি কেইবাটাও ভাষাত গীত গাই শ্ৰোতাৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ।

কিংবদন্তী শিল্পীজনে চলমান খানৰ বজৰংগী ভাইজানৰ পৰা  জিচম ২ ৰ অভি অভি, গেংষ্টাৰৰ তু হি মেৰী চাব হে, ওম শান্তি ছবিৰ আখো মে তেৰি আদি  জনপ্ৰিয় গীত গাইছে৷ যি বোৰ গীত এতিয়া শ্ৰোতাৰ মুখে মুখে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement