--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাক্ষাৎ কৰে তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ নমতা বেনাৰ্জীয়ে৷ দেশৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবে  বিৰোধী ঐক্য গঠনত আম আদমী পাৰ্টীয়ে আগ্ৰহ প্ৰকাশ কৰি কেজৰিৱালে সাক্ষাৎ কৰে বেনাৰ্জীক৷

আপ নেতা অৰবিন্দ কেজৰিৱাল আৰু তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জীয়ে তেওঁলোকৰ বৈঠকত কি আলোচনা কৰিছিল সেয়া এই পৰ্যন্ত ৰাজহুৱা কৰা নাই যদিও লোকসভা নিৰ্বাচনৰ মিত্ৰতা সম্পৰ্কতে আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত এখন বৈঠক অনুষ্ঠিত কৰে৷ শেহতীয়াকৈ তেওঁলোকৰ দল দুটাই গোৱা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছত এইখন আছিল প্ৰথমখন বৈঠক।

উল্লেখযোগ্য যে, তৃণমূল কংগ্ৰেছে গোৱাত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত দুয়োজন মুখ্যমন্ত্ৰীৰ মাজত সম্পৰ্ক তিক্ত হোৱা বুলি চৰ্চা চলিছিল, য’ত পূৰ্বৰ পৰাই কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ প্ৰস্তুতি চলাই আছিল। সেইসময়ত গোৱাৰ ক্ষেত্ৰত তৃণমূল কংগ্ৰেছৰ প্ৰৱেশ কেজৰিৱালৰ বাবে বাধা হিচাপে দেখা গৈছিল।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, এইটো বুজা যায় যে দুয়োগৰাকী নেতাই ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যৰ বিষয় উত্থাপন হৈছে৷ দুয়োগৰাকী নেতাই তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ দিল্লীস্থ বাসভৱনত বৈঠকত মিলিত হৈছিল৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান