--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিন ভালে যোৱা নাই মুম্বাই ইণ্ডিয়ানছৰ। দলটোৰ বিপৰ্যয়ৰ বাবে কঠোৰ বাক্যবাণৰ সন্মুখীন হ’বলগীয়া হৈছে অধিনায়ক ৰোহিত শৰ্মা। এবাৰ দুবাৰ নহয় পাঁচবাৰৰ  আইপিএল চেম্পিয়ন দলটোৰ চলিত আইপিএলত ক্ৰমাগত ৫খন খেলৰ বিপৰ্যয়ে আহত কৰিছে মুম্বাইৰ অনুৰাগীক। এফালে দলটোৰ পৰাজয় আনফালে অনুৰাগীৰ কঠোৰ বাক্যবাণ। জয়-পৰাজয়ৰ এই আলি-দোমোজাত থাকোতেই এইবাৰ আহিছে আন এক দুসংবাদ।  ৰোহিতে এটাৰ পিছত এটা জৰিমনাৰ সন্মুখীন হ'ব লাগিব বুলি প্ৰকাশ পাইছে। কেৱল সেয়াই নহয়, আগন্তুক খেলখনত পুনৰ 'ভুল' কৰিলে এখন মেচত নিষেধাজ্ঞাৰ সন্মুখীন হ'ব লাগিব পাৰে মুম্বাইৰ অধিনায়কজনে।

আচলতে কি ভুল কৰিলে ৰোহিত শৰ্মাই? দৰাচলতে, মুম্বাইয়ে চলিত ছিজনত ৫খনকৈ মেচ হেৰুৱাইছে। ইফালে দুখন মেচত নিৰ্ধাৰিত অ’ভাৰ ৰেটো বজাই ৰাখিব পৰা নাই দলটোৱে। ৰোহিতে শাস্তি হিচাপে মোটা পৰিমাণৰ জৰিমনা পৰিশোধ কৰিব লাগিব। বুধবাৰে পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত মুম্বাইয়ে নিৰ্ধাৰিত সময়ত তেওঁলোকৰ অ’ভাৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে। ফলস্বৰূপে, অধিনায়ক ৰোহিত শৰ্মাক আইপিএল কৰ্তৃপক্ষই ২৪ লাখ টকাৰ জৰিমনা বিহিছে। কেৱল ৰোহিতে নহয় দলৰ আন সদস্যসকলেও জৰিমনা পৰিশোধ কৰিব লাগিব। অধিনায়কক বাদ দি বাকী সদস্যসকলে মেচ মাচুলৰ ২৫ শতাংশ পৰিশোধ কৰিব লাগিব।
চলিত ছিজনত ৰোহিতৰ এয়া প্ৰথম অপৰাধ নহয়। ইয়াৰপূৰ্বে দিল্লী কেপিটেলছৰ বিৰুদ্ধেও সময়মতে নিজৰ অ’ভাৰ শেষ কৰিব পৰা নাছিল। তেতিেয়াও ৰোহিতক ১২লাখ টকাৰ জৰিমনা বিহা হৈছিল। আইপিএলৰ নিয়ম অনুাসৰি, মুম্বাই ইণ্ডিয়ানছে যদি একেটা ভুল পুনৰবাৰ কৰে তেতিলয়া ৰোহিতে ৩০লাখ টকাৰ জৰিমনা ভৰাৰ লগতে এখন মেচত নিষেধাজ্ঞাৰো সন্মুখীন হ’ব লাগিব হিটমেন ৰোহিতে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ