--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ যুগদ্ৰষ্টা মহেন্দ্ৰ সিং ধোনী সাঙোৰ খাই পৰিছে আইনী মেৰপেচত। ৮১৯ কোটি টকাৰ সম্পত্তিৰ গৰাকী ধোনীৰ বিৰুদ্ধে ৩০ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ উত্থাপিত হৈছে। ভাৰতৰ প্ৰাক্তন অধিনায়কজনে নিজেই এই কথা প্ৰকাশ কৰিছে। বিহাৰৰ বেগুছৰাইত ধোনীসহ ৮ জন লোকৰ বিৰুদ্ধে  এছ কে এণ্টাৰপ্ৰাইজে এফ আই আৰ দাখিল কৰিছে।

উল্লেখ্য যে, ধোনী বিশ্বৰ দ্বিতীয়গৰাকী ধনাঢ্য ক্ৰিকেটাৰ। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮১৯ কোটি টকাৰো অধিক। ২০২১ চনত তেওঁৰ উপাৰ্জন আছিল ৭৪.৪৯ কোটি। বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপনৰ পৰা তেওঁৰ বাৰ্ষিক আয় ৫০ কোটি টকাৰো অধিক। তেওঁৰ গেৰেজত সজাই থোৱা আছে মূল্যৱান বাইক আৰু গাড়ী। আৰু সেইগৰাকী ব্যক্তিৰ বিৰুদ্ধেই ৩০ লাখ টকাৰ জালিয়াতিৰ অভিযোগ উত্থাপিত কৰিছে এটা বেচৰকাৰী সংস্থাই।

কৃষিক্ষেত্ৰত ব্যৱহৃত সাৰৰ বিজ্ঞাপনত কাম কৰি এই সমস্যাত সাঙোৰ খাইছে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে। ঘটনাটোৰ সৈতে তেওঁৰ প্ৰত্যক্ষ সম্পৰ্ক নাথাকিলেও দুয়োটা কোম্পানীৰ মাজত ব্যৱসায়িক সংঘাতৰ বাবে গোচৰটোৰে জড়িত হৈ পৰিছে মাহী।

অভিযোগ অনুসৰি নিউ গ্ল’বেল প্ৰডাক্টাৰ্ছ ইণ্ডিয়া লিমিটেড নামৰ এটা কোম্পানীয়ে ৩০ লাখ টকাৰ চেক দিছিল এছ কে এণ্টাৰপ্ৰাইজক।  সেই চেকখন বাউন্স হৈছে৷ ইয়াৰ পিছতে কোম্পানীটোৱে মুঠ ৮ জন লোকৰ বিৰুদ্ধে বেগুছৰাই থানাত এফ আই আৰ দাখিল কৰিছে। সেই ৮জনৰ ভিতৰত আছে ধোনীৰ নাম।

চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীয়ে এটা সাৰৰ বিজ্ঞাপন দিছিল। প্ৰডাক্টটোৰ লগত ব্যৱহাৰ কৰা হৈছিল ধোনীৰ নাম। এই বিজ্ঞাপনৰ কামৰ বাবে এছ কে এণ্টাৰপ্ৰাইজে নিউ গ্ল’বেল প্ৰডাক্টাৰ্ছ ইণ্ডিয়া লিমিটেডৰ সৈতে ব্যৱসায়িক চুক্তি কৰিছে। চুক্তি অনুসৰি নিউ গ্ল’বেল প্ৰডাক্টাৰ্ছ ইণ্ডিয়া লিমিটেডে এছ কে এণ্টাৰপ্ৰাইজক ৩০ লাখ টকাৰ চেক প্ৰদান কৰে।আৰু চেক বাউন্স হোৱাৰ পাছতে ঘটে এই ঘটনা।

ইয়াৰ পূৰ্বে এছ কে এণ্টাৰপ্ৰাইজে নিউ গ্ল’বেল প্ৰডাক্টাৰ্ছ ইণ্ডিয়া লিমিটেডলৈ আইনী জাননী প্ৰেৰণ কৰিছিল। কিন্তু তেওঁলোকৰ পৰা কোনো সদুত্তৰ নোপোৱাত  এছ কে এণ্টাৰপ্ৰাইজে এফ আই আৰ দাখিল কৰে। তেওঁলোকৰ সামগ্ৰীৰ বিজ্ঞাপন দিয়া বাবে ধোনীৰ নামো আছে এফআইআৰ খনত। সোমবাৰে চিজেএম গোচৰৰ প্ৰথম শুনানি অনুষ্ঠিত হৈ যায়। গোচৰটোৰ পৰৱৰ্তী শুনানি ২৬ জুনত অনুষ্ঠিত হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ