--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’ব এঞ্জেল ডি-মাৰিয়াই। দেশৰ জাৰ্ছীত কাটাৰ বিশ্বকাপেই শেষ অভিযান মাৰিয়াৰ। কোপা আমেৰিকাৰ চেম্পিয়ন আৰ্জেণ্টিনাই বুধবাৰে মুখামুখি হ’ব ইউৰো চেম্পিয়ন ইটালীৰ বিৰুদ্ধে।

মেচখনৰ পূৰ্বে ডি মাৰিয়াই কয় যে, ‘কাটাৰ বিশ্বকাপেই মোৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সাজু হৈছে আৰ্জেণ্টিনাৰ বহু নৱাগত ফুটবলাৰ। যুৱ ফুটবলাৰ সকলক সুযোগ দিয়াতো উচিত। সৰ্বোচ্চ পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈ উঠিছে তেওঁলোক। দেশৰ হৈ খেলাটো এক সন্মানৰ কথা। বহুত পাইছো। কিন্তু এইবাৰ ৰৈ দিওঁ বুলি ভাবিছো। কাটাৰ বিশ্বকাপৰ পাছত নিশ্চিতভাবে মই অৱসৰ লম।’

চলিত বৰ্ষৰ মাৰ্চ মাহত ভেনিজুৱেলাৰ বিৰুদ্ধে বিশ্বকাপৰ কোৱালিফায়াৰৰ পিছত ডি মাৰিয়াই কৈছিল যে ঘৰুৱা ক্ষেত্ৰত আৰ্জেণ্টিনাৰ হৈ এইখনেই হ’ব পাৰে অন্তিমখন মেচ। আৰু অৱশেষত সেয়াই যেন সত্য প্ৰমাণিত হোৱাৰ দিশে। স্মৰ্তব্য যে, ৩৪ বছৰীয়া মিডফিল্ডাৰগৰাকীয়ে আৰ্জেণ্টিনাৰ হৈ ১২১খন খেলত এতিয়ালৈকে ২৪টা গ’ল দিছে।

জুলাই মাহত কোপা আমেৰিকাৰ ফাইনেলত ব্ৰাজিলক পৰাস্ত কৰি আৰ্জেণ্টিনাই প্ৰায় ২৮বছৰৰ অন্তত আন্তৰাষ্ট্ৰীয় ট্ৰফী লাভ কৰিছিল। তেওঁ বেনফিকা, ৰিয়েল মাদ্রিদ, মানচেষ্টাৰ ইউনাইটেড আদি ক্লাবৰ হৈয়ো খেলিছে৷ পিএছজি  ইতিমধ্যে ত্যাগ কৰিছে মাৰিয়াই। দেশৰ হৈ বিশ্বকাপত খেলিব নোৱাৰিলেও, ক্লাব ফুটবলত থাকিব বুলি জনাইছে ডি-মাৰিয়াই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ