--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’ব এঞ্জেল ডি-মাৰিয়াই। দেশৰ জাৰ্ছীত কাটাৰ বিশ্বকাপেই শেষ অভিযান মাৰিয়াৰ। কোপা আমেৰিকাৰ চেম্পিয়ন আৰ্জেণ্টিনাই বুধবাৰে মুখামুখি হ’ব ইউৰো চেম্পিয়ন ইটালীৰ বিৰুদ্ধে।

মেচখনৰ পূৰ্বে ডি মাৰিয়াই কয় যে, ‘কাটাৰ বিশ্বকাপেই মোৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সাজু হৈছে আৰ্জেণ্টিনাৰ বহু নৱাগত ফুটবলাৰ। যুৱ ফুটবলাৰ সকলক সুযোগ দিয়াতো উচিত। সৰ্বোচ্চ পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈ উঠিছে তেওঁলোক। দেশৰ হৈ খেলাটো এক সন্মানৰ কথা। বহুত পাইছো। কিন্তু এইবাৰ ৰৈ দিওঁ বুলি ভাবিছো। কাটাৰ বিশ্বকাপৰ পাছত নিশ্চিতভাবে মই অৱসৰ লম।’

চলিত বৰ্ষৰ মাৰ্চ মাহত ভেনিজুৱেলাৰ বিৰুদ্ধে বিশ্বকাপৰ কোৱালিফায়াৰৰ পিছত ডি মাৰিয়াই কৈছিল যে ঘৰুৱা ক্ষেত্ৰত আৰ্জেণ্টিনাৰ হৈ এইখনেই হ’ব পাৰে অন্তিমখন মেচ। আৰু অৱশেষত সেয়াই যেন সত্য প্ৰমাণিত হোৱাৰ দিশে। স্মৰ্তব্য যে, ৩৪ বছৰীয়া মিডফিল্ডাৰগৰাকীয়ে আৰ্জেণ্টিনাৰ হৈ ১২১খন খেলত এতিয়ালৈকে ২৪টা গ’ল দিছে।

জুলাই মাহত কোপা আমেৰিকাৰ ফাইনেলত ব্ৰাজিলক পৰাস্ত কৰি আৰ্জেণ্টিনাই প্ৰায় ২৮বছৰৰ অন্তত আন্তৰাষ্ট্ৰীয় ট্ৰফী লাভ কৰিছিল। তেওঁ বেনফিকা, ৰিয়েল মাদ্রিদ, মানচেষ্টাৰ ইউনাইটেড আদি ক্লাবৰ হৈয়ো খেলিছে৷ পিএছজি  ইতিমধ্যে ত্যাগ কৰিছে মাৰিয়াই। দেশৰ হৈ বিশ্বকাপত খেলিব নোৱাৰিলেও, ক্লাব ফুটবলত থাকিব বুলি জনাইছে ডি-মাৰিয়াই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ