--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেট বিশ্বত আক্ৰমণাত্মক বেটাৰ মানেই বীৰেন্দ্ৰ ছেহৱাগ। ইনিংছৰ প্ৰথমটো বলৰ পৰাই বিপক্ষৰ বলাৰক নিৰ্দয় প্ৰহাৰেৰে ত্ৰাসৰ কাৰণ হৈ উঠা ছেহৱাগক ভাৰতীয় ক্ৰিকেট দলৰ ইতিহাসত অন্যতম শ্ৰেষ্ঠ অপেনাৰ হিচাপে স্বীকৃতি দিয়া হয়। টেষ্ট, এদিনীয়া, টি-২০ —যিয়েই নহওক কিয়, ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটতে স্বভাৱসিদ্ধ আক্ৰমণাত্মক শৈলীৰেই বেটিং কৰি ভাৰতক এক সুদৃঢ় আৰম্ভণি দিয়াত কৃপণালি নকৰে ছেহৱাগে। 

২০১১ চনৰ ক্ৰিকেট বিশ্বকাপৰ কথা নিশ্চয় মনত আছে। প্ৰতিখন খেলতে ইনিংছৰ প্ৰথমটো বলতে বাউণ্ডেৰী কোবাই ইনিংছ মুকলি কৰি ছেহৱাগে একপ্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ভাৰতৰ বিশ্বকাপ জয়তো ছেহৱাগৰ আছিল গুৰুত্বপূৰ্ণ অৱদান। বিশ্বকাপৰ ৮ খন মেচত ৩৮০ ৰান সংগ্ৰহ কৰা ছেহৱাগ প্ৰতিযোগিতাখনত ভাৰতৰ হৈ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী আৰু সামগ্ৰিকভাৱে সপ্তমজন সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল।

পিছে বিশ্বকাপ জয়ৰ বহু পূৰ্বেই ছেহৱাগে এদিনীয়া ক্ৰিকেটক বিদায় জনাবলৈ মনস্থ কৰিছিল। বেটিং ক্ৰমৰ নিম্ন ক্ৰমৰ পৰা অপেনিঙৰ দৰে গধুৰ দায়িত্ব চম্ভালি ভাৰতক সুদৃঢ় আৰম্ভণি প্ৰদান কৰা ছেহৱাগৰ বাবে এয়া আছিল যথেষ্ট দু:সময়। দলৰ মূল একাদশৰ পৰা বাহিৰ হোৱাৰ পাছতে অৱসৰৰ ফালে আগবঢ়া ছেহৱাগৰ এদিনীয়া কেৰিয়াৰ তেতিয়া ৰক্ষা কৰিছিল ক্ৰিকেটৰ ইশ্বৰ খ্যাত শচীন তেণ্ডুলকাৰে। এক ক্ৰিকেট শ্ব’ত নিজ মুখেৰেই ছেহৱাগে এই কথা প্ৰকাশ কৰিছে। 

শ্ব’টোত বীৰেন্দ্ৰ ছেহৱাগে প্ৰকাশ কৰা অনুসৰি, ২০০৮ চনত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ত্ৰিদেশীয় শৃংখলাটোত ভাৰতৰ প্ৰথম চাৰিখন মেচত ছেহৱাগৰ সংগ্ৰহ আছিল ক্ৰমে ৬, ৩৩, ১১ আৰু ১৪ ৰান। এই দুৰ্বল প্ৰদৰ্শনৰ পিছত ছেহৱাগক ভাৰতৰ প্লেয়িং ইলেভেনৰ পৰা বাদ দিয়া হৈছিল। ভাৰতে সেই চিবি শৃংখলাৰ তিনিখনীয়া ফাইনেলৰ যুঁজত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক ঐতিহাসিক জয় নিশ্চিত কৰিছিল। কিন্তু শৃংখলাটোত ছেহৱাগ আছিল সম্পূৰ্ণ নিষ্প্ৰভ। 

সেইসময়ৰ ভাৰতীয় দলৰ অধিনায়ক এম এছ ধোনীয়ে প্ৰথম কেইখন খেলৰ পিছতে ছেহৱাগক মূল একাদশৰ পৰা বাদ দিয়াৰ পিছত এদিনীয়াৰ পৰা অৱসৰৰ কথা চিন্তা কৰে ছেহৱাগে। এই সিদ্ধান্তৰ কথা শচীন তেণ্ডুলকাৰক অৱগত কৰাৰ পিছতে শচীনে ছেহৱাগক এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰাত বাধা দিছিল।

এই সন্দৰ্ভত ছেহৱাগে কয়,"২০০৮ চনত যেতিয়া আমি অষ্ট্ৰেলিয়াত আছিলো, অৱসৰৰ চিন্তা মোৰ মনলৈ আহিছিল। মই টেষ্ট শৃংখলাত প্ৰত্যাৱৰ্তন কৰিছিলো আৰু ১৫০ ৰান সংগ্ৰহ কৰিছিলো। কিন্তু এদিনীয়াত মই তিনি-চাৰিখন মেচৰ পিছতো ইমান ৰাণ কৰিব নোৱাৰিলো। গতিকে ধোনীয়ে মোক প্লেয়িং ইলেভেনৰ পৰা বাদ দিছিল। তেতিয়াই এদিনীয়া ক্ৰিকেট ত্যাগ কৰাৰ চিন্তা মোৰ মনলৈ আহিছিল। মই ভাবিছিলো যে মই কেৱল টেষ্ট ক্ৰিকেট খেলা অব্যাহত ৰাখিম।" 

শচীন তেণ্ডুলকাৰে সেই সময়ত ছেহৱাগক অৱসৰ লোৱাত বাধা দিছিল। ছেহৱাগে প্ৰকাশ  কৰা মতে শচীনে তেওঁক কৈছিল যে এইয়া ছেহৱাগৰ জীৱনৰ এটা বেয়া পৰ্যায়। ইয়াৰ পিছতে শচীনে ছেহৱাগক অপেক্ষা কৰিবলৈ পৰামৰ্শ দি সেই ভ্ৰমণৰ পিছত ঘৰলৈ উভতি কঠোৰ চিন্তা কৰিবলৈ আৰু তাৰ পিছত কি কৰিব লাগে সিদ্ধান্ত ল’বলৈ উপদেশ দিয়ে। “সৌভাগ্যক্ৰমে মই সেই সময়ত মোৰ অৱসৰ ঘোষণা কৰা নাছিলো।"- ছেহৱাগে কয়।

ইয়াৰ পাছতো ছেহৱাগে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ভাৰতৰ হৈ প্ৰায় ৭-৮ বছৰ খেলিছিল। ২০১১ চনৰ এদিনীয়া বিশ্বকাপ জয়ী ভাৰতীয় দলৰ এজন মূল খেলুৱৈৰ ভূমিকাত জিলিকি ৰয় ছেহৱাগ। ক্ৰিকেট শ্ব’টোত বিৰাট কোহলীৰ শেহতীয়া দুৰ্বল প্ৰদৰ্শন সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত ছেহৱাগে এই কথা প্ৰকাশ কৰিছিল। 

শেহতীয়াকৈ কোহলীয়ে ৰান সংগ্ৰহত ব্যৰ্থ হোৱাৰ বাবে ক্ৰিকেটৰ পৰা বিৰতি লোৱাৰ কথা বিবেচনা কৰিব লাগে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ছেহৱাগে কয়, "খেলুৱৈ দুই প্ৰকাৰৰ আছে- যিসকলে প্ৰত্যাহ্বান পছন্দ কৰে, তেওঁলোকে এনে পৰিস্থিতিত আনন্দ কৰে আৰু বিৰাট তেনে খেলুৱৈৰ ভিতৰত এজন। তেওঁ সকলো সমালোচনা শুনিছে, তেওঁলোকক ভুল প্ৰমাণ কৰিবলৈ ৰাণ সংগ্ৰহ কৰি খেলপথাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।” 

“আনটো প্ৰকাৰৰ খেলুৱৈসকলে কোনো ধৰণৰ পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত নহয়, কিয়নো তেওঁলোকে জানে তেওঁলোকে কি কৰিব লাগিব। মই তেনে ধৰণৰ খেলুৱৈ আছিলো।কোনে মোক সমালোচনা কৰিছিল, সেয়া মই গুৰুত্ব দিয়া নাছিলো। মই খেলিব বিচাৰিছিলো, ৰাণ সংগ্ৰহ কৰিব বিচাৰিছিলো আৰু ঘৰলৈ যাব বিচাৰিছিলো।"- ছেহৱাগে লগতে কয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ