--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ আভ্যন্তৰীণ কলহত জৰ্জৰিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ। এইবাৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহৰ বাবে সাজু গৈছে দলটোৰ ভালেমান নেতা। এইবাৰ এই বিদ্ৰোহৰ কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ৰকিবুল হুচেইনক। দলটোৰ জ্যেষ্ঠ নেতাগৰাকীৰ ঘৰত কংগ্ৰেছৰ কেইবাজনো বিধায়কে বৈঠক অনুষ্ঠিত কৰা বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

এই বৈঠকত উপস্থিত থাকে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত নৰহ, কমলাক্ষ দে পুৰকায়স্থ, ৱাজেদ আলী চৌধুৰী, ৰশিদ মণ্ডল, এ কে ৰশিদ আলম, নূৰুল হুদা, আফতাবুদ্দিন মোল্লা ,আব্দুৰ ৰহিম আহমেদৰ দৰে নেতা-বিধায়কসকল। বৈঠকলৈ নিৰ্দিষ্ট কেইগৰাকীমান বিধায়কক আমন্ত্ৰণ জনোৱা হৈছে বুলি জানিব পৰা গৈছে। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা এই ৰুদ্ধদ্বাৰ বৈঠকৰ আচল উদ্দেশ্য সম্পৰ্কত আনুষ্ঠানিকভাৱে কোনো কথা কোৱা হোৱা নাই যদিও এয়া যে প্ৰকৃততে দলটোৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হোৱাৰ আগলি বতৰাহে সেয়া স্পষ্ট হৈ পৰিছে। 

উল্লেখ্য যে, ১৭ মে’ত অসমলৈ আহিব অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং। তেওঁ চিএলপিৰ সৈতে আলোচনাত মিলিত হ’ব। এই বৈঠকত এক বিশেষ কাৰণত উপস্থিত নাথাকে ৰকিবুল হুছেইন। ৰাজ্যখনত কংগ্ৰেছৰ স্থিতি শক্তিশালী কৰাৰ বাবেই এই বৈঠক আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে। ইফালে, ভূপেন বৰাক লৈ প্ৰদেশ কংগ্ৰেছত অসন্তুষ্টি সৃষ্টি হোৱাটো এতিয়া স্পষ্ট হৈ পৰিছে।

 জিলা কংগ্ৰেছৰ সভাপতি হিচাপে সভাপতি ভূপেন বৰাই নিজৰ পছন্দৰ মানুহ দিয়াৰ বাবে সন্তুষ্ট নহয় একাংশ কংগ্ৰেছৰ বিধায়ক। অসন্তুষ্টি সম্পৰ্কত বিধায়ক কমলাক্ষ্য পুৰকায়স্থই ইংগিতপূৰ্ণ মন্তব্য কৰে যদিও বাকী বিধায়কসকলে কোনো মন্তব্য নকৰিলে। কিন্তু তেওঁলোকৰ মাজত অসন্তুষ্টিয়ে গা কৰি উঠাতো এতিয়া স্পষ্ট হৈ পৰিছে।  আনকি ১৭ মে’ত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ সন্মুখত বহু কংগ্ৰেছৰ বিধায়কে মুকলি বিদ্ৰোহ ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। দলৰ কাম-কাজক লৈ অসন্তুষ্ট বহু বিধায়কে ভূপেন বৰা হটাও অভিযান আৰম্ভ কৰিব বুলিও এটা সূত্ৰই প্ৰকাশ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান