--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ আভ্যন্তৰীণ কলহত জৰ্জৰিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ। এইবাৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহৰ বাবে সাজু গৈছে দলটোৰ ভালেমান নেতা। এইবাৰ এই বিদ্ৰোহৰ কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ৰকিবুল হুচেইনক। দলটোৰ জ্যেষ্ঠ নেতাগৰাকীৰ ঘৰত কংগ্ৰেছৰ কেইবাজনো বিধায়কে বৈঠক অনুষ্ঠিত কৰা বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

এই বৈঠকত উপস্থিত থাকে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত নৰহ, কমলাক্ষ দে পুৰকায়স্থ, ৱাজেদ আলী চৌধুৰী, ৰশিদ মণ্ডল, এ কে ৰশিদ আলম, নূৰুল হুদা, আফতাবুদ্দিন মোল্লা ,আব্দুৰ ৰহিম আহমেদৰ দৰে নেতা-বিধায়কসকল। বৈঠকলৈ নিৰ্দিষ্ট কেইগৰাকীমান বিধায়কক আমন্ত্ৰণ জনোৱা হৈছে বুলি জানিব পৰা গৈছে। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা এই ৰুদ্ধদ্বাৰ বৈঠকৰ আচল উদ্দেশ্য সম্পৰ্কত আনুষ্ঠানিকভাৱে কোনো কথা কোৱা হোৱা নাই যদিও এয়া যে প্ৰকৃততে দলটোৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হোৱাৰ আগলি বতৰাহে সেয়া স্পষ্ট হৈ পৰিছে। 

উল্লেখ্য যে, ১৭ মে’ত অসমলৈ আহিব অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং। তেওঁ চিএলপিৰ সৈতে আলোচনাত মিলিত হ’ব। এই বৈঠকত এক বিশেষ কাৰণত উপস্থিত নাথাকে ৰকিবুল হুছেইন। ৰাজ্যখনত কংগ্ৰেছৰ স্থিতি শক্তিশালী কৰাৰ বাবেই এই বৈঠক আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে। ইফালে, ভূপেন বৰাক লৈ প্ৰদেশ কংগ্ৰেছত অসন্তুষ্টি সৃষ্টি হোৱাটো এতিয়া স্পষ্ট হৈ পৰিছে।

 জিলা কংগ্ৰেছৰ সভাপতি হিচাপে সভাপতি ভূপেন বৰাই নিজৰ পছন্দৰ মানুহ দিয়াৰ বাবে সন্তুষ্ট নহয় একাংশ কংগ্ৰেছৰ বিধায়ক। অসন্তুষ্টি সম্পৰ্কত বিধায়ক কমলাক্ষ্য পুৰকায়স্থই ইংগিতপূৰ্ণ মন্তব্য কৰে যদিও বাকী বিধায়কসকলে কোনো মন্তব্য নকৰিলে। কিন্তু তেওঁলোকৰ মাজত অসন্তুষ্টিয়ে গা কৰি উঠাতো এতিয়া স্পষ্ট হৈ পৰিছে।  আনকি ১৭ মে’ত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ সন্মুখত বহু কংগ্ৰেছৰ বিধায়কে মুকলি বিদ্ৰোহ ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। দলৰ কাম-কাজক লৈ অসন্তুষ্ট বহু বিধায়কে ভূপেন বৰা হটাও অভিযান আৰম্ভ কৰিব বুলিও এটা সূত্ৰই প্ৰকাশ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?