--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এসময়ত তেওঁক জনা গৈছিল বলীউডৰ কুইন হিচাপে। ইখনৰ পাছত সিখন সফল ছবিৰে তেওঁ সৃষ্টি কৰিছিল আলোড়ন। ২০০৬ চনত ‘গেংষ্টাৰ’ ছবিৰে আত্মপ্ৰকাশৰ পাছতে তেওঁ ব্যাপক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল। তেওঁ আনকি শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ ‘ফিল্ম ফেয়াৰ’ পুৰস্কাৰো লাভ কৰিছিল। তাৰ পাছত ‘কুইন’, ‘তনু ৱেডছ মনু’, ‘লাইফ ইন এ মেট্ৰ”, ‘ফেশ্বন’, ‘ৱানছ আপন এ টাইম ইন মুম্বাই’ আদি ছবিৰে তেওঁ লাভ কৰিছিল প্ৰচুৰ জনপ্ৰিয়তা। তাৰ পাছতে যেন হঠাৎ ছন্দপতন। বলীউডৰ কুইনে এতিয়া নিজৰ ছবিৰ বাবে দৰ্শক বিচাৰি একপ্ৰকাৰ হামৰাও কাঢ়িবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

কংগনাৰ শেহতীয়া ছবি ধাকড়’ এক বিপৰ্যয়ৰ নামান্তৰ হিচাপে চিহ্নিত হৈছে। এই ছবিখনে বক্স অফিচত ইমানেই শোচনীয় প্ৰদৰ্শন কৰিছে যে এতিয়া তাক লৈ সৃষ্টি হৈছে তুমুল চৰ্চা। শেহতীয়াকৈ যি সময়ত দক্ষিণৰ ছবিসমূহে হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তথা বলীউডৰো একাধিক ছবিক দৰ্শকে আকোঁৱালি লৈছে সেই সময়তে কংগনাৰ ছবি চাবলৈ দৰ্শকৰ আগ্ৰহ প্ৰাণ শূন্য বুলি চিহ্নিত হৈছে। কংগনাৰ ‘ধাকড়’ ছবিখনে অষ্টম দিনটোত বক্স অফিচৰ পৰা সংগ্ৰহ কৰা ধনৰ পৰিমাণ শুনি সকলোৰে চকু কপালত উঠিছে।

মুক্তিৰ পাছৰ অষ্টম দিনটোত কংগনাৰ ছবিখনে উপাৰ্জন কৰিছে মাত্ৰ ৪,৪২০ টকা। শুনিবলৈ আচহুৱা যেন লাগিলেও এইকথা সত্য আৰু ইয়াকে লৈ ব্যাপক চৰ্চা চলিছে বলীউড জগতত। শুকুৰবাৰৰ দিনটোত দেশজুৰি মাত্ৰ ২০ জন লোকেহে কংগনাৰ ছবিখন চিনেমা হলত চাইছেগৈ। এনে বিপৰ্যয়ৰ পাছত তেওঁৰ ছবিখন এতিয়া চিনেমা হলৰ ভালেমান শ্লটৰ পৰা আঁতৰাই দিয়া হৈছে।

উল্লেখ্য যে, হিন্দী ছবিৰ ইতিহাসত এগৰাকী অভিনেত্ৰীয়ে মুখ্য চৰিত্ৰ ৰূপায়ন কৰা ছবিৰ ভিতৰত আটাইতকৈ খৰচী ছবি হিচাপে পৰিগনিত হৈছিল ‘ধাকড়’। ফলত ছবিখনৰ পৰা প্ৰত্যাশাও আছিল বহুত। কিন্তু এতিয়া এই ছবিখনে বলীউডৰ আটাইতকৈ লোকচান ভৰা ছবি হ’বলৈ গৈ আছে। কুইনৰ দৰে ছবিক নিজৰ দক্ষতাৰে হিট কৰি তুলিবলৈ সক্ষম হোৱা ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী অভিনেত্ৰীগৰাকীৰ এই পৰিণতিয়ে এতিয়া সকলোকে আচৰিত কৰি তুলিছে।

ৰাজনৈতিক বিষয়বোৰ সন্দৰ্ভত নানা অবাঞ্চিত বিতৰ্কৰ সূত্ৰপাত ঘটাই অহা কংগনাই দ্ৰুত জনপ্ৰিয়তা হেৰুওৱা আৰু সংস্কৃতিপ্ৰেমীৰ অন্তৰৰ পৰা আঁতৰি যোৱাটো এতিয়া স্পষ্ট হৈ পৰা বুলি বহুতেই মন্তব্য কৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ