--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেলিব্ৰিটীসকলক প্ৰায়ে সংবাদ শিৰোনামত থকা দেখা যায়। টলিউড হওক বা বলীউড, অগণন অনুৰাগীয়ে সদায় চেলিব্ৰিটীসকলৰ নানা কাহিনীৰ সন্ধানত থকা দেখিবলৈ পোৱা যায়। পিছে ৰূপালী পৰ্দাৰ নায়ক-নায়িকা সকলৰ জীৱন কিন্তু ইমান সুখকৰ নহয়। তেওঁলোকৰ ব্যক্তিগত জীৱনৰ আঁৰতো থাকে বহু দুখৰ কাহিনী।

বলীউডৰ ড্ৰীম গাৰ্ল বুলি যদি হেমা মালিনীক ধৰি লোৱা হয় তেতিয়া হ’লে বলীউডৰ ডিম্পল গাৰ্ল হ’ল প্ৰীতি জিণ্টা। তেওঁৰ মুখত বিৰিঙি উঠা হাঁহিটোৱে অনুৰাগীৰ বুকুত হেজাৰ ধুমুহাৰ সৃষ্টি কৰে। বহুতে হয়তো নাজানে যে, প্ৰীতি জিণ্টাই অতি কম বয়সতে মডেলিঙৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। বিজ্ঞাপনত কাম কৰাৰ সমান্তৰালকৈ ১৯৯৭ চনত ‘দিল ছে’ চিনেমাখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰে এইগৰাকী নায়িকাই।

স্মৰ্তব্য যে, কণমানি প্ৰীতিয়ে মাত্ৰ ১৩ বছৰ বয়সতে এটা পথ দুৰ্ঘটনাত হেৰুৱাইছিল পিতৃ দুৰ্গানন্দ জিণ্টাক। তেওঁৰ পিতৃ ভাৰতীয় সেনাৰ বিষয়া আছিল। যদিও সেইদিনা তেওঁৰ মাতৃ গাড়ীখনত আছিল, তথাপি তেওঁ কেনেবাকৈ ৰক্ষা পৰিলেও শয্যাশায়ী মাতৃ নীলপ্ৰভা জিণ্টাৰ মৃত্যু হয় দুবছৰ পাছতেই। তেতিয়াৰ পৰাই অকলশৰীয়া হৈ পৰিছিল প্ৰীতি জিণ্টা।

সৰুতে পিতৃ-মাতৃক হেৰুৱাই জীৱন সংগ্ৰামত জপিয়াই পৰিছিল প্ৰীতি। অকলে আগুৱাই যোৱা জিণ্টাই কিন্তু জীৱন যুদ্ধত তেওঁ কেতিয়াও হাৰ মনা নাছিল। লক্ষ্যৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখি আগুৱাই গৈছিল হাঁহিমুখে। আৰু সেইবাবেই আজি তেওঁ এগৰাকী সফল বলীউড অভিনেত্ৰী।

কিন্তু ব্যক্তিগত জীৱনত প্ৰীতিয়ে চেৰ’গেচিৰ জৰিয়তে যমজ সন্তানৰ মাতৃ হৈ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে। কিন্তু কেৱল দুটা সন্তানে নহয়, ৩৪টা সন্তানৰ মাতৃ প্ৰীতি জিণ্টা। ২০০৯ চনৰ জন্মদিনত হৃষিকেশৰ পৰা ৩৪টা সন্তানৰ দায়িত্ব লৈছিল বলীউডৰ অভিনেত্ৰীগৰাকীয়ে। তেতিয়াৰ পৰা তেওঁ এই শিশুসকলক নিয়মিতভাৱে লগ পাই তেওঁলোকৰ যত্ন লৈ আহিছে।

ব্যক্তিগত জীৱনৰ উপৰি প্ৰীতি জিণ্টাই নিজৰ অসাধাৰণ অভিনয় দক্ষতাৰে হিন্দী মনোৰঞ্জন জগতখনত নিজৰ ভাবমূৰ্তি বজাই ৰাখিছে। ‘কই মিল গয়া’; ‘কভী অলবিদা না কেহনা’; ‘বীৰ জাৰা’কেক ধৰি কেইবাখনো ছুপাৰহিট ছবিত প্ৰীতি জিণ্টাই নিজৰ অভিনয় দক্ষতাৰ প্ৰমাণ দিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?