--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেলিব্ৰিটীসকলক প্ৰায়ে সংবাদ শিৰোনামত থকা দেখা যায়। টলিউড হওক বা বলীউড, অগণন অনুৰাগীয়ে সদায় চেলিব্ৰিটীসকলৰ নানা কাহিনীৰ সন্ধানত থকা দেখিবলৈ পোৱা যায়। পিছে ৰূপালী পৰ্দাৰ নায়ক-নায়িকা সকলৰ জীৱন কিন্তু ইমান সুখকৰ নহয়। তেওঁলোকৰ ব্যক্তিগত জীৱনৰ আঁৰতো থাকে বহু দুখৰ কাহিনী।

বলীউডৰ ড্ৰীম গাৰ্ল বুলি যদি হেমা মালিনীক ধৰি লোৱা হয় তেতিয়া হ’লে বলীউডৰ ডিম্পল গাৰ্ল হ’ল প্ৰীতি জিণ্টা। তেওঁৰ মুখত বিৰিঙি উঠা হাঁহিটোৱে অনুৰাগীৰ বুকুত হেজাৰ ধুমুহাৰ সৃষ্টি কৰে। বহুতে হয়তো নাজানে যে, প্ৰীতি জিণ্টাই অতি কম বয়সতে মডেলিঙৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। বিজ্ঞাপনত কাম কৰাৰ সমান্তৰালকৈ ১৯৯৭ চনত ‘দিল ছে’ চিনেমাখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰে এইগৰাকী নায়িকাই।

স্মৰ্তব্য যে, কণমানি প্ৰীতিয়ে মাত্ৰ ১৩ বছৰ বয়সতে এটা পথ দুৰ্ঘটনাত হেৰুৱাইছিল পিতৃ দুৰ্গানন্দ জিণ্টাক। তেওঁৰ পিতৃ ভাৰতীয় সেনাৰ বিষয়া আছিল। যদিও সেইদিনা তেওঁৰ মাতৃ গাড়ীখনত আছিল, তথাপি তেওঁ কেনেবাকৈ ৰক্ষা পৰিলেও শয্যাশায়ী মাতৃ নীলপ্ৰভা জিণ্টাৰ মৃত্যু হয় দুবছৰ পাছতেই। তেতিয়াৰ পৰাই অকলশৰীয়া হৈ পৰিছিল প্ৰীতি জিণ্টা।

সৰুতে পিতৃ-মাতৃক হেৰুৱাই জীৱন সংগ্ৰামত জপিয়াই পৰিছিল প্ৰীতি। অকলে আগুৱাই যোৱা জিণ্টাই কিন্তু জীৱন যুদ্ধত তেওঁ কেতিয়াও হাৰ মনা নাছিল। লক্ষ্যৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখি আগুৱাই গৈছিল হাঁহিমুখে। আৰু সেইবাবেই আজি তেওঁ এগৰাকী সফল বলীউড অভিনেত্ৰী।

কিন্তু ব্যক্তিগত জীৱনত প্ৰীতিয়ে চেৰ’গেচিৰ জৰিয়তে যমজ সন্তানৰ মাতৃ হৈ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে। কিন্তু কেৱল দুটা সন্তানে নহয়, ৩৪টা সন্তানৰ মাতৃ প্ৰীতি জিণ্টা। ২০০৯ চনৰ জন্মদিনত হৃষিকেশৰ পৰা ৩৪টা সন্তানৰ দায়িত্ব লৈছিল বলীউডৰ অভিনেত্ৰীগৰাকীয়ে। তেতিয়াৰ পৰা তেওঁ এই শিশুসকলক নিয়মিতভাৱে লগ পাই তেওঁলোকৰ যত্ন লৈ আহিছে।

ব্যক্তিগত জীৱনৰ উপৰি প্ৰীতি জিণ্টাই নিজৰ অসাধাৰণ অভিনয় দক্ষতাৰে হিন্দী মনোৰঞ্জন জগতখনত নিজৰ ভাবমূৰ্তি বজাই ৰাখিছে। ‘কই মিল গয়া’; ‘কভী অলবিদা না কেহনা’; ‘বীৰ জাৰা’কেক ধৰি কেইবাখনো ছুপাৰহিট ছবিত প্ৰীতি জিণ্টাই নিজৰ অভিনয় দক্ষতাৰ প্ৰমাণ দিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান