--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময় আছিল সৰ্বত্ৰে কেবল এটাই নামে প্ৰতিধ্বনিত হৈছিল। তেওঁ আন কোনো নহয়, সমগ্ৰ বিশ্বতে শচীন তেণ্ডুলকাৰৰ নাম ৰৈ বৈ গৈছিল। ভাৰতীয় ক্ৰিকেটক শচীন তেণ্ডুলকাৰে যিদৰে ঋদ্ধ কৰিছে, তেনেদৰে ক্ৰিকেটেও তেওঁক সমৃদ্ধ কৰি ৰাখিছে। অতুলনীয় প্ৰদৰ্শনৰ বাবে শচীনক আখ্যা দিয়া হৈছে ক্ৰিকেটৰ ভগৱান বুলি। সম্প্ৰতি, শচীন তেণ্ডুলকাৰৰ কোনো বস্তুৰে অভাৱ নাই। বিপুল পৰিমাণৰ সম্পত্তিৰো গৰাকী শচীন। পিছে এতিয়া শচীন আলোচনাৰ প্ৰসংগলৈ আহিছে জীয়ৰী ছাৰাৰ বাবে। পিতৃৰ সমান্তৰালকৈ  এতিয়া চিনাকি নাম হৈ পৰিছে ছাৰা তেণ্ডুলকাৰ। সমগ্ৰ বিশ্বতে নাম ৰৈ বৈ গৈছে শচীন তনয়াৰ খ্যাতি। অলপতে, এটা ভিডিঅ' সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে।

দৰাচলতে, এই ভিডিঅ'টোত ছাৰাই ক'লা পোছাক পৰিধান কৰা দেখিবলৈ পোৱা গৈছিল। কলা পোছাকত বৰ শুৱনি লাগিছিল শচীন তনয়াক। পোছাকৰ উপৰি ছাৰাৰ নতুন মেকআপেৰে দেখনিয়াৰ হৈ পৰিছে ছাৰা তেণ্ডুলকাৰ। 

ছাৰাৰ মন জুৰুৱা হাঁহিটিত যেন আৰু অধিক উজ্জল হৈ পৰিছে ভিডিঅ’টো। সম্প্ৰতি, ছাৰা এই ভিডিঅ’টোত নেটিজেনৰ কমেণ্টৰ বৰষুণ পৰা পৰিলক্ষিত হৈছে। শচীন তনয়াৰ আকৰ্ষণীয় সৌন্দৰ্যৰ বাবে আহিছে  নানা কমপ্লিমেণ্ট। অতিশীঘ্ৰে ছাৰাই বলীউডতো প্ৰৱেশ কৰবি বুলি খবৰ ওলাইছে। এগৰাকী মডেল হিচাপে কাম কৰাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছিল ছাৰাই। এতিয়া বলীউডত প্ৰৱেশৰ কথাৰ সত্যসত্যতা কিমান সেয়া সময়তহে লক্ষ্যণীয় হ’ব!



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত