--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সুৰাই কাল অমানিশা নমাই আনিলে ১৭ টা পৰিয়াললৈ। বিষাক্ত সুৰা সেৱন কৰি ১৭ জনকৈ লোকে অকাল মৃত্যুক সাৱটিলে। ইয়াৰে কেইবাজনো লোকৰ অৱস্থা সংকটজনক। এই ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ অমৃতসৰ জিলাত।

এই গোচৰত আৰক্ষীয়ে ভাৰতীয় ন্যায়িক সংহিতা আৰু আবকাৰী আইনৰ অধীনত গোচৰ ৰুজু কৰি ৭জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা ৭ জনৰ ভিতৰত ৫ জনক প্ৰধান অভিযুক্ত প্ৰভজিৎ সিং, কুলবিৰ সিং, চাহিব সিং, গুৰজন্ত সিং আৰু নিন্দৰ কৌৰ বুলি চিনাক্ত কৰা হৈছে। জিম্মাত থকা অভিযুক্তকেইজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই সন্দৰ্ভত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে মাজিঠা গাঁৱৰ নিৰীহ লোকৰ মৃত্যুৰ বাবে দায়ীসকলক ৰেহাই দিয়া নহ’ব। তেওঁ এক্স পোষ্টত কয় যে, "মাজিথাৰ আশে-পাশে থকা গাঁওবোৰত বিষাক্ত সুৰা সেৱনৰ ফলত বহু লোকৰ মৃত্যুৰ দুখৰ খবৰ আহিছে। নিৰীহ লোকৰ এই হত্যাকাৰীক কোনো মূল্যৰ বিনিময়ত ৰেহাই দিয়া নহ'ব। এইবোৰ মৃত্যু নহয়, হত্যাহে। দোষীক আইন অনুসৰি কঠোৰ শাস্তি দিয়া হ'ব।"

তেওঁ আৰু লিখিছে, "মই বিদেহ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। চৰকাৰে ভুক্তভোগী পৰিয়ালসমূহৰ সৈতে থিয় দিছে। সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হ'ব।" 

অমৃতসৰৰ উপ আয়ুক্ত সাক্ষী সাহনীয়ে ১৭ জন লোকৰ মৃত্যুৰ কথা নিশ্চিত কৰি কয় যে ইয়াৰে অধিকাংশই দৈনিক মজুৰি শ্ৰমিক। 

জলন্ধৰ গ্ৰাম্য আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মণিন্দৰ সিঙে গাঁওসমূহ পৰিদৰ্শন কৰি ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰিছে। উপায়ুক্তগৰাকীয়ে কয়, "আমি ইয়াৰ বিষয়ে জানিব পৰাৰ লগে লগে চিকিৎসা দল নিয়োগ কৰিলোঁ। আমাৰ দলসমূহে ঘৰে ঘৰে গৈ মানুহক লগ কৰি আছে।  আমি সম্পূৰ্ণৰূপে ভুক্তভোগী পৰিয়ালসমূহৰ সৈতে আছো। মই তেওঁলোকক মোৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছো। প্ৰধান অভিযুক্ত প্ৰভজীত সিঙক ৫০ লিটাৰ মিথানল যোগান ধৰা হৈছিল, যিটো তেওঁ পাতল কৰি দুইলিটাৰৰ পেকেটত মানুহক বিক্ৰী কৰিছিল। তেওঁ কয় যে আমি প্ৰতিটো পেকেটৰ ট্ৰেচিং কৰি জব্দ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ