--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সুৰাই কাল অমানিশা নমাই আনিলে ১৭ টা পৰিয়াললৈ। বিষাক্ত সুৰা সেৱন কৰি ১৭ জনকৈ লোকে অকাল মৃত্যুক সাৱটিলে। ইয়াৰে কেইবাজনো লোকৰ অৱস্থা সংকটজনক। এই ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ অমৃতসৰ জিলাত।

এই গোচৰত আৰক্ষীয়ে ভাৰতীয় ন্যায়িক সংহিতা আৰু আবকাৰী আইনৰ অধীনত গোচৰ ৰুজু কৰি ৭জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা ৭ জনৰ ভিতৰত ৫ জনক প্ৰধান অভিযুক্ত প্ৰভজিৎ সিং, কুলবিৰ সিং, চাহিব সিং, গুৰজন্ত সিং আৰু নিন্দৰ কৌৰ বুলি চিনাক্ত কৰা হৈছে। জিম্মাত থকা অভিযুক্তকেইজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই সন্দৰ্ভত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে মাজিঠা গাঁৱৰ নিৰীহ লোকৰ মৃত্যুৰ বাবে দায়ীসকলক ৰেহাই দিয়া নহ’ব। তেওঁ এক্স পোষ্টত কয় যে, "মাজিথাৰ আশে-পাশে থকা গাঁওবোৰত বিষাক্ত সুৰা সেৱনৰ ফলত বহু লোকৰ মৃত্যুৰ দুখৰ খবৰ আহিছে। নিৰীহ লোকৰ এই হত্যাকাৰীক কোনো মূল্যৰ বিনিময়ত ৰেহাই দিয়া নহ'ব। এইবোৰ মৃত্যু নহয়, হত্যাহে। দোষীক আইন অনুসৰি কঠোৰ শাস্তি দিয়া হ'ব।"

তেওঁ আৰু লিখিছে, "মই বিদেহ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। চৰকাৰে ভুক্তভোগী পৰিয়ালসমূহৰ সৈতে থিয় দিছে। সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হ'ব।" 

অমৃতসৰৰ উপ আয়ুক্ত সাক্ষী সাহনীয়ে ১৭ জন লোকৰ মৃত্যুৰ কথা নিশ্চিত কৰি কয় যে ইয়াৰে অধিকাংশই দৈনিক মজুৰি শ্ৰমিক। 

জলন্ধৰ গ্ৰাম্য আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মণিন্দৰ সিঙে গাঁওসমূহ পৰিদৰ্শন কৰি ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰিছে। উপায়ুক্তগৰাকীয়ে কয়, "আমি ইয়াৰ বিষয়ে জানিব পৰাৰ লগে লগে চিকিৎসা দল নিয়োগ কৰিলোঁ। আমাৰ দলসমূহে ঘৰে ঘৰে গৈ মানুহক লগ কৰি আছে।  আমি সম্পূৰ্ণৰূপে ভুক্তভোগী পৰিয়ালসমূহৰ সৈতে আছো। মই তেওঁলোকক মোৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছো। প্ৰধান অভিযুক্ত প্ৰভজীত সিঙক ৫০ লিটাৰ মিথানল যোগান ধৰা হৈছিল, যিটো তেওঁ পাতল কৰি দুইলিটাৰৰ পেকেটত মানুহক বিক্ৰী কৰিছিল। তেওঁ কয় যে আমি প্ৰতিটো পেকেটৰ ট্ৰেচিং কৰি জব্দ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল