--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় সেনাই 'অপাৰেশ্যন সিন্দূৰ'ৰ সময়ত পাকিস্তানৰ 'কিৰানা হিল্‌ছ'ত আক্ৰমণ কৰা বুলি পাকিস্তানৰ অভিযোগৰ লগতে সংবাদ মাধ্যমত প্রকাশিত বাতৰি অস্বীকাৰ কৰিছে ভাৰতীয় বায়ু সেনাই। উল্লেখযোগ্য যে কিৰানা হিলছত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ ঘাটি আছে। সোমবাৰে এখন সংবাদমেলত ডাইৰেক্টৰ জেনেৰেল অব্ এয়াৰ অপাৰেশ্যন্‌ছ (ডি জি এ অ') এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে পাকিস্তানৰ পাৰমাণৱিক আন্তঃগাঁথনিত ভাৰতে আক্ৰমণ কৰা বুলি প্রকাশ পোৱা বাতৰিক অগ্রাহ্য কৰে।

উল্লেখযোগ্য যে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকা স্থানকো ভাৰতীয় বায়ু সেনাই আক্ৰমণ কৰা বুলি বিশ্বৰ একাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰকাশ পাইছিল। এই উৰা বাতৰি অগ্রাহ্য কৰি এয়াৰ মাৰ্শ্বাল ভাৰতীয়ে কয় যে কিৰানা হিলছ আক্রমণ কৰা হোৱা নাছিল। কালি এখন যুটীয়া সংবাদমেলত তেওঁ এই কথা প্রকাশ কৰে। সংবাদমেলত এয়াৰ মাৰ্শ্বাল ভাৰতীৰ উপৰি ডাইৰেক্টৰ জেনেৰেল অব্ মিলিটেৰী অপাৰেশ্যন লেফটেনেন্ট জেনেৰেল ৰাজীৱ ঘাই, ডাইৰেক্টৰ জেনেৰেল অব্ নেভী অপাৰেশ্যনৰ ভাইচ এমিৰেল এ এন প্রমোদ আৰু মেজৰ জেনেৰেল এছ এছ শার্দাই অংশগ্রহণ কৰে।

ডি জি এম অ' পৰ্যায়ৰ এইখন আছিল দ্বিতীয় সংবাদমেল। সামাজিক মাধ্যমত পাকিস্তানৰ কিৰানা হিলছত আক্রমণ কৰা বুলি প্ৰকাশ পোৱা বাতৰিৰ সম্পৰ্কে সোধাত এয়াৰ মাৰ্শ্বাল ভাৰতীয়ে কয়, 'পাকিস্তানে নিজৰ পাৰমাণৱিক অস্ত্ৰ কিৰানা হিলছত ৰখা বুলি জনোৱাৰ বাবে ধন্যবাদ, তাত যিয়েই নাথাকক আমি কিৰানা হিলছত আক্ৰমণ কৰা নাই। আমি আক্রমণ কৰা বুলি আপোনালোকক জনোৱা আমাৰ লক্ষ্যস্থানৰ তালিকাত ই নাছিল।'

উল্লেখযোগ্য যে পাকিস্তানৰ কিৰানা হিলছত থকা সামৰিক ঘাটি সৰগোধা বায়ু সেনাৰ ঘাটিৰ কাষতে। ইয়াতে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকা বুলি সন্দেহ কৰা হয়। সামাজিক মাধ্যমত একাংশ লোকে পাকিস্তানত হোৱা শেহতীয়া ভূমিকম্প দেশখনৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰত আক্ৰমণৰ ফলত হোৱা বুলিও প্ৰকাশ কৰিছে।

সংবাদমেলত তেওঁ কালি এই কথা দোহাৰে যে ভাৰতৰ যুদ্ধ সন্ত্রাসবাদৰ বিৰুদ্ধেহে। ভাৰতে আৰম্ভ কৰা অপাৰেশ্যন সিন্দূৰ পাকিস্তানী সেনা বা সাধাৰণ নাগৰিকৰ বিৰুদ্ধে নহয়। এয়াৰ মাৰ্শ্বাল ভাৰতীয়ে কয় যে পাকিস্তানী সেনাই তুৰস্কৰ ড্ৰন আৰু চীনত নির্মিত ক্ষেপণাস্ত্র তথা যুঁজাৰু বিমানেৰে ভাৰতৰ মহানগৰ, সামৰিক প্ৰতিষ্ঠানত আক্ৰমণৰ প্ৰচেষ্টা কৰে। ইয়াৰ পাছতহে ভাৰতীয় সেনাই পাকিস্তানৰ বায়ু সেনা ঘাটিত আক্রমণ কৰে। সংবাদমেলত চীনত নির্মিত আকাশমাৰ্গৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰা পি এল-১৫ ক্ষেপণাস্ত্ৰৰ অৱশেষ প্ৰদৰ্শন কৰা হয়। সংবাদমেলত তুৰস্কৰ ড্ৰ'নৰ অংশও দেখুওৱা হয়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ