--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ কৃষিৰ বিশ্বমুখী যাত্ৰা আৰম্ভ হৈছে। বিশ্বৰ বজাৰত অসমৰ কৃষিজাত সামগ্ৰীৰ নৱ উত্থানৰ কথা আজি তথ্যসহকাৰে প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। 

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে যোৱা সময়ছোৱাত দক্ষিণ ভাৰতলৈ ১০০ মেট্রিক টন জৈৱিক ক'লা চাউল প্ৰেৰণ কৰাৰ লগতে বিহাৰলৈ প্ৰেৰণ কৰা হৈছে ৮৭ মেট্রিক টন জৈৱিক কল।

ইয়াৰ উপৰি জি আই টেগ থকা অর্থাৎ ভৌগোলিক সূচকাংক সমৃদ্ধ তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি হৈছে, ৪২ মেট্রিক টন আনাৰস, ১০ মেট্রিক টন আদা আৰু ১০ মেট্রিক টন জৈৱিক আদা ডুবাইলৈ, ১.২ মেট্রিক টন কাজি নেমু আৰু ৬,০০০টা জৈৱিক কাজিনেমু লণ্ডনলৈ, ১০ মেট্রিক টন আদা কাৰ্বি আংলঙৰ পৰা কাটাৰ আৰু ওমানলৈ ৰপ্তানি কৰা হৈছে।

ছ'চিয়েল মিডিয়া যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'অসমত উৎপাদিত সামগ্রীয়ে এতিয়া লাহে লাহে বিশ্বৰ বজাৰত সমাদৰ লাভ কৰিছে। 

শেহতীয়া বছৰসমূহত বহুখিনি কৃষি সামগ্রী বাহিৰৰ দেশলৈ প্ৰেৰণ কৰা হৈছে আৰু সমান্তৰালভাৱে আমিও কৃষকসকলক গুণগত ফলমূল আৰু পাচলি উৎপাদন কৰিবলৈ উৎসাহিত কৰাৰ পদক্ষেপে গ্ৰহণ কৰিছোঁ।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ