--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ কৃষিৰ বিশ্বমুখী যাত্ৰা আৰম্ভ হৈছে। বিশ্বৰ বজাৰত অসমৰ কৃষিজাত সামগ্ৰীৰ নৱ উত্থানৰ কথা আজি তথ্যসহকাৰে প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। 

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে যোৱা সময়ছোৱাত দক্ষিণ ভাৰতলৈ ১০০ মেট্রিক টন জৈৱিক ক'লা চাউল প্ৰেৰণ কৰাৰ লগতে বিহাৰলৈ প্ৰেৰণ কৰা হৈছে ৮৭ মেট্রিক টন জৈৱিক কল।

ইয়াৰ উপৰি জি আই টেগ থকা অর্থাৎ ভৌগোলিক সূচকাংক সমৃদ্ধ তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি হৈছে, ৪২ মেট্রিক টন আনাৰস, ১০ মেট্রিক টন আদা আৰু ১০ মেট্রিক টন জৈৱিক আদা ডুবাইলৈ, ১.২ মেট্রিক টন কাজি নেমু আৰু ৬,০০০টা জৈৱিক কাজিনেমু লণ্ডনলৈ, ১০ মেট্রিক টন আদা কাৰ্বি আংলঙৰ পৰা কাটাৰ আৰু ওমানলৈ ৰপ্তানি কৰা হৈছে।

ছ'চিয়েল মিডিয়া যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'অসমত উৎপাদিত সামগ্রীয়ে এতিয়া লাহে লাহে বিশ্বৰ বজাৰত সমাদৰ লাভ কৰিছে। 

শেহতীয়া বছৰসমূহত বহুখিনি কৃষি সামগ্রী বাহিৰৰ দেশলৈ প্ৰেৰণ কৰা হৈছে আৰু সমান্তৰালভাৱে আমিও কৃষকসকলক গুণগত ফলমূল আৰু পাচলি উৎপাদন কৰিবলৈ উৎসাহিত কৰাৰ পদক্ষেপে গ্ৰহণ কৰিছোঁ।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত