--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দুশ বছৰীয়া ৰাজ্যৰ চাহ উদ্যোগটোৰ বাবে আশাৰ বতৰা। চলিত বৰ্ষত ৰাজ্যত চাহৰ উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে। জলবায়ু পৰিৱৰ্তনৰ বাবে যোৱা দুটা বছৰ বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা ৰাজ্যৰ চাহ উদ্যোগটোৰ এইবাৰ প্ৰথম ভাগতে পূর্বতকৈ উৎপাদন বৃদ্ধি পাইছে। একমাত্র অসমতে নহয়, সমগ্র দেশতে মার্চ মাহত উৎপাদন যোৱা বৰ্ষৰ মাৰ্চতকৈ বৃদ্ধি পাইছে। 

চাহ ব'র্ডে প্রকাশ কৰা তথ্য অনুসৰি, যোৱা বৰ্ষৰ মাৰ্চ মাহত অসমত মুঠ ২১.৪৫ মিলিয়ন কিল'গ্রাম চাহপাত উৎপাদন হৈছিল। ইয়াৰে ভিতৰত বৃহৎ চাহ বাগিচাসমূহে উৎপাদন কৰিছিল ৮.৭৫ মিলিয়ন কিল'গ্রাম আৰু ক্ষুদ্র চাহ বাগিচাসমূহে উৎপাদন কৰিছিল ১২.৭০ মিলিয়ন কিল'গ্রাম। ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ মাৰ্চ মাহত ৰাজ্যখনত উৎপাদন হৈছে মঠ ২৭.৫১ মিলিয়ন কিল'গ্রাম চাহ। উৎপাদিত এই চাহৰ ৯.৭৭ মিলিয়ন কিল'গ্রাম চাহ বৃহৎ চাহ বাগিচাই আৰু ১৭.৭৫ মিলিয়ন কিল'গ্রাম চাহ ক্ষুদ্র চাহ বাগিচাসমূহে উৎপাদন কৰিছিল। 

প্রণিধানযোগ্য যে সমগ্র দেশতে উৎপাদিত হোৱা চাহৰ প্ৰায় ৫২ শতাংশ চাহেই অসমে উৎপাদন কৰে। চাহ ব'র্ডে প্রকাশ কৰা মতে, যোৱা মাৰ্চ মাহত সমগ্র দেশত মুঠ ৬৫.১৪ মিলিয়ন কিল'গ্রাম চাহপাত উৎপাদন হৈছে। ইয়াৰ বিপৰীতে যোৱা বর্ষত মার্চ মাহত উৎপাদন হৈছিল ৬৩.৭৮ মিলিয়ন কিল'গ্রাম চাহপাত। বিশেষজ্ঞসকলৰ মতে জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাজ্যখনত যোৱা দুই বছৰত চাহৰ উৎপাদন হ্রাস পাইছে। বিশেষকৈ অতিপাত তাপমান আৰু অতিপাত বৰষুণে চাহৰ উৎপাদনত ব্যাপক প্ৰভাৱ পেলাইছিল। যাৰ বাবে ৰাজ্যখনত চাহৰ উৎপাদন হ্রাস পাইছিল। ইফালে ৰাজ্যৰ চাহ বাগিচাসমূহত ব্যাপক মাত্ৰাত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাক লৈও দেশে-বিদেশে ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। যাৰ বাবে যোৱা বৰ্ষত সমস্যাত পৰিছিল ক্ষুদ্ৰ চাহ খেতিয়কসকল। পিছে এনে সমস্যাৰ মাজতো চলিত বৰ্ষৰ প্ৰথম ভাগতে ৰাজ্যত চাহৰ উৎপাদন বৃদ্ধি পোৱাটো আশাৰ বতৰা হিচাপে বিবেচিত হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ