--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :ভাৰতত আইফোন উৎপাদন হোৱাটো নিবিচাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। ট্রাম্পে নিজেই ব্যক্ত কৰিছে যে তেওঁ এপলৰ মুখ্য কার্যবাহী বিষয়া (চি ই অ') টিম কুকক ভাৰতত প্রকল্প বন্ধ কৰিবলৈ কৈছে। কাটাৰৰ ডোহাত এখন সংবাদমেলত ট্রাম্পে কয়, 'কালি মই টিম কুকৰ সৈতে কথা পাতিছিলোঁ।... তেওঁ গোটেই ভাৰততে প্রকল্প স্থাপন কৰিবলৈ গৈ আছে। মই তেওঁ ভাৰতত প্রকল্প স্থাপন কৰাটো বিচৰা নাই।' 

ট্রাম্পে কয় যে তেওঁলোকৰ আলোচনাৰ ফলাফল হিচাপে এপলে এতিয়া 'আমেৰিকাত তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰিব।' আইফ'নৰ নিৰ্মাতা এপলৰ চি ই অ'জনক ট্রাম্পে আৰু কয়, 'যিহেতু ভাৰত বিশ্বৰ অন্যতম উচ্চ শুল্কৰ দেশ, সেয়ে ভাৰতত বিক্ৰী কৰাটো বৰ কঠিন।' ট্রাম্পৰ এই মন্তব্যই এই বছৰৰ শেষলৈ তেওঁলোকৰ উৎপাদনৰ গৰিষ্ঠ অংশ ভাৰতৰ পৰা ৰপ্তানি কৰাৰ এপলৰ পৰিকল্পনাত বাধা দিব। 

উল্লেখযোগ্য যে শুল্ক আৰু ভূ-ৰাজনৈতিক উদ্বেগৰ বাবে এপলে চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰাৰ লক্ষ্য লৈছিল। এপলে আইফ'নৰ গৰিষ্ঠ অংশ প্রস্তুত কৰে চীনত আৰু আমেৰিকাত ইয়াৰ কোনো স্মার্টফ'ন উৎপাদন নহয়। উল্লেখযোগ্য যে শেহতীয়াকৈ এপলে ভাৰতত আইফ'ন উৎপাদন বৃদ্ধি কৰিবলৈ দেশত ম'বাইলৰ অংশবোৰ এচেম্বল কৰাৰ প্রকল্প স্থাপনেৰে কিছু পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰে দুটা প্রকল্প আছে তামিলনাডুত আৰু এটা কৰ্ণাটকত। তেনে প্ৰকল্পৰ বাবে এপলে ফক্সকন আৰু টাটা গ্ৰুপৰ দৰে প্ৰস্তুতকৰ্তাৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছে। 

যোৱা বিত্তীয় বৰ্ষত এপলে ২২ বিলিয়ন ডলাৰ মূল্যৰ আইফ'ন ভাৰতত উৎপাদন কৰিছিল, যিটো আছিল আগৰ বৰ্ষতকৈ ৬০ শতাংশ বেছি। ২০২৪ চনত এপলে ভাৰতত প্রায় ৪০-৪৫ মিলিয়ন আইফ'ন উৎপাদন কৰিছিল, ই আছিল বিশ্বৰ ভিতৰত ১৮-২০ শতাংশ। ইয়াৰে ১৫ মিলিয়ন আমেৰিকালৈ ৰপ্তানি কৰা হৈছিল, ১৩ মিলিয়ন আন আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ আৰু প্ৰায় ১২ মিলিয়ন (১.২ কোটি) বিক্ৰী হৈছিল ভাৰতত।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ