--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :ভাৰতত আইফোন উৎপাদন হোৱাটো নিবিচাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। ট্রাম্পে নিজেই ব্যক্ত কৰিছে যে তেওঁ এপলৰ মুখ্য কার্যবাহী বিষয়া (চি ই অ') টিম কুকক ভাৰতত প্রকল্প বন্ধ কৰিবলৈ কৈছে। কাটাৰৰ ডোহাত এখন সংবাদমেলত ট্রাম্পে কয়, 'কালি মই টিম কুকৰ সৈতে কথা পাতিছিলোঁ।... তেওঁ গোটেই ভাৰততে প্রকল্প স্থাপন কৰিবলৈ গৈ আছে। মই তেওঁ ভাৰতত প্রকল্প স্থাপন কৰাটো বিচৰা নাই।' 

ট্রাম্পে কয় যে তেওঁলোকৰ আলোচনাৰ ফলাফল হিচাপে এপলে এতিয়া 'আমেৰিকাত তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰিব।' আইফ'নৰ নিৰ্মাতা এপলৰ চি ই অ'জনক ট্রাম্পে আৰু কয়, 'যিহেতু ভাৰত বিশ্বৰ অন্যতম উচ্চ শুল্কৰ দেশ, সেয়ে ভাৰতত বিক্ৰী কৰাটো বৰ কঠিন।' ট্রাম্পৰ এই মন্তব্যই এই বছৰৰ শেষলৈ তেওঁলোকৰ উৎপাদনৰ গৰিষ্ঠ অংশ ভাৰতৰ পৰা ৰপ্তানি কৰাৰ এপলৰ পৰিকল্পনাত বাধা দিব। 

উল্লেখযোগ্য যে শুল্ক আৰু ভূ-ৰাজনৈতিক উদ্বেগৰ বাবে এপলে চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰাৰ লক্ষ্য লৈছিল। এপলে আইফ'নৰ গৰিষ্ঠ অংশ প্রস্তুত কৰে চীনত আৰু আমেৰিকাত ইয়াৰ কোনো স্মার্টফ'ন উৎপাদন নহয়। উল্লেখযোগ্য যে শেহতীয়াকৈ এপলে ভাৰতত আইফ'ন উৎপাদন বৃদ্ধি কৰিবলৈ দেশত ম'বাইলৰ অংশবোৰ এচেম্বল কৰাৰ প্রকল্প স্থাপনেৰে কিছু পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰে দুটা প্রকল্প আছে তামিলনাডুত আৰু এটা কৰ্ণাটকত। তেনে প্ৰকল্পৰ বাবে এপলে ফক্সকন আৰু টাটা গ্ৰুপৰ দৰে প্ৰস্তুতকৰ্তাৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছে। 

যোৱা বিত্তীয় বৰ্ষত এপলে ২২ বিলিয়ন ডলাৰ মূল্যৰ আইফ'ন ভাৰতত উৎপাদন কৰিছিল, যিটো আছিল আগৰ বৰ্ষতকৈ ৬০ শতাংশ বেছি। ২০২৪ চনত এপলে ভাৰতত প্রায় ৪০-৪৫ মিলিয়ন আইফ'ন উৎপাদন কৰিছিল, ই আছিল বিশ্বৰ ভিতৰত ১৮-২০ শতাংশ। ইয়াৰে ১৫ মিলিয়ন আমেৰিকালৈ ৰপ্তানি কৰা হৈছিল, ১৩ মিলিয়ন আন আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ আৰু প্ৰায় ১২ মিলিয়ন (১.২ কোটি) বিক্ৰী হৈছিল ভাৰতত।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী আৰক্ষীৰ জালত দুটাকৈ গভাইত চোৰ ; মটৰ চাইকেল উদ্বাৰ
ইৰান-ইজৰাইলৰ সংঘৰ্ষৰ সময়ত আত্মগোপন ; যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত খামেনেই
৭৪% ভাৰতীয়‌ই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত সুখী
পাকিস্তানত ২৫ বছৰীয়া অভিযান সামৰিলে মাইক্ৰ'ছফটে
অগণন গুণমুগ্ধৰ উপস্থিতিত দালাই লামাৰ ৯০ সংখ্যক জন্মদিন উদযাপন
দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত চলি আছে পৰীক্ষা-নিৰীক্ষা
শ্রীভূমিত ছয় কোটি টকাৰ ড্ৰাগছ জব্দ! এয়াৰটেল কোম্পানীৰ অভিযন্তাসহ আটক ৩
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস
ঘৰত মাখিৰ উপদ্ৰৱ, এইসমূহ ঘৰুৱা উপায়েৰে দূৰ কৰক মাখিৰ সমস্যা
SAARCৰ বিকল্প গঠন কৰিব ৩ ৰাষ্ট্ৰই
ছয় কোটি টকাত নিলাম কবিগুৰু ৰবীন্দ্ৰনাথৰ পত্ৰ, ১.০৪ কোটি টকাত মূর্তি
পৰেশ ৰাৱাল ঘূৰি আহিল ‘হেৰা ফেৰি ৩’লৈ! উৎফুল্লিত দৰ্শক
মহাকাশত বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি