--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউনেস্ক'ৰ 'মেমৰী অব্ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰ'ত নতুনকৈ অন্তর্ভুক্ত ৭৪টা প্রামাণিক ঐতিহ্য সংগ্ৰহৰ (ডকুমেণ্টৰী হেৰিটেজ কালেকশান) ভিতৰত স্থান লাভ কৰিছে ভাগৱত গীতা আৰু ভৰত মুনিৰ নাট্যশাস্ত্ৰৰ পাণ্ডুলিপি। উক্ত পঞ্জীত কিতাপ, পাণ্ডুলিপি, মানচিত্র, ফটো, ধ্বনি বা ভিডিঅ' ৰেকর্ডিং মানৱ জাতিৰ প্ৰমাণিত ঐতিহ্য ৰূপে আছে। 

শুকুৰবাৰে বিশ্ব ঐতিহ্য দিৱসৰ দিনাই ইউনেস্ক'ই এই নতুন অন্তর্ভুক্তিৰ কথা ঘোষণা কৰে। এই সুখবৰত প্ৰতিক্রিয়া জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম এক্সত শুকুৰবাৰে 'বিশ্বজুৰি থকা প্ৰতিজন ভাৰতীয়ৰ বাবেই গৌৰৱৰ ক্ষণ' বুলি অভিহিত কৰে। 

তেওঁ কয়, 'ইউনেস্ক'ৰ 'মেমৰী অব্ দ্য বস্তু ৰেজিষ্টাৰ'ত গীতা আৰু নাট্যশাস্ত্ৰৰ অন্তর্ভুক্তি আমাৰ অনাদি-অনন্তকালৰ জ্ঞান আৰু চহকী সংস্কৃতিলৈ স্বীকৃতি। গীতা আৰু নাট্যশাস্ত্রই শতিকা শতিকা জুৰি সভ্যতা আৰু চৈতন্যক প্রতিপালন কৰিছে। সেইবোৰৰ সুক্ষ্ম দৃষ্টিয়ে বিশ্বক অবিৰত অনুপ্ৰেৰণা যোগাই আহিছে।' 

ভাণ্ডাৰকাৰ অৰিয়েণ্টেল ৰিছাৰ্চ ইনষ্টিটিউটত সংৰক্ষণ কৰা আৰু খ্ৰীষ্টপূর্ব ২য় শতিকা মানত প্রণালীবদ্ধ কৰা ভৰত মুনিৰ নাট্যশাস্ত্ৰৰ বিষয়ে ইউনেস্ক'ৰ নতুন অন্তর্ভুক্তিৰ প্ৰশংসাসূচক উল্লেখ কৰা হৈছে-'৩৬,০০০ শ্লোক থকা গন্ধর্ববেদৰূপে খ্যাত নাট্যবেদৰ এক সাৰাংশ।' উক্ত প্রশংসাসূচক উল্লেখত আৰু কোৱা হৈছে যে ভৰত মুনিয়ে নাট্যশাস্ত্ৰত 'ৰসৰ অভাৱত কোনো অর্থব বিকাশ ঘটিব নোৱাৰে' বুলি এক গুৰুত্বপূৰ্ণ বক্তব্য প্রকাশ কৰিছে আৰু ই বিশ্ব সাহিত্যলৈ এক গভীৰ বৰঙনি।

নাট্যশাস্ত্ৰত এলানি সর্বাত্মক নিয়ম দিয়া হৈছে যি নাট্য, অভিনয়, ৰস, ভাব, সংগীত আদিক সংজ্ঞায়িত কৰিছে তথা ভাৰতীয় নাট্য, কাব্য, নন্দনতত্ত্ব, নৃত্য আৰু সংগীতৰ চৰিত্ৰ স্পষ্ট কৰিছে। ইউনেস্ক'ৰ পঞ্জীত স্থান লাভ কৰা ভাগৱত গীতাৰ বিষয়ে কোৱা হৈছে 'বিশ্বজুৰি পাঠক আৰু প্ৰভাৱ থকা ভাৰতীয় চিন্তাৰ প্ৰাচীন সংগ্ৰহ-গ্রন্থ ভাগৱত গীতা।' 

প্রশংসাসূচক উল্লেখত গীতাৰ বিষয়ে ইউনেস্ক'ই কৈছে, '১৮টা অধ্যায়ত ৭০০ শ্লোক থকা ভগৱত গীতা আছে মহাকাব্য মহাভাৰতৰ ভীষ্মপৰ্বৰ ভিতৰত। কুৰুক্ষেত্ৰ যুদ্ধত সৈন্য বাহিনীৰ সৈতে ৰৈ থকা সময়ত অর্জুনক বিষাদৰ হতাশাৰ পৰা মুক্ত কৰিবলৈ কৃষ্ণই কৰা চেষ্টাৰ এই গীতা কৃষ্ণ আৰু অৰ্জুনৰ মাজত কথোপকথনৰ ঠাঁচৰে প্ৰকাশ পাইছে।' আনহাতে কেন্দ্রীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটেও শুকুৰবাৰে সামাজিক মাধ্যম এক্সত এই স্বীকৃতিত প্রতিক্রিয়া প্রকাশ কৰি কয়, 'ভাৰতৰ সভ্যতাৰ ঐতিহ্যত এক ঐতিহাসিক ক্ষণ।' 

উল্লেখযোগ্য যে ইউনেস্ক'ৰ 'মেমৰী অব্ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰ'ত নতুনকৈ অন্তর্ভুক্ত ৭৪টা প্রমাণিক ঐতিহ্য সংগ্রহ অন্তর্ভুক্ত হোৱাৰ পাছত এই পঞ্জীত অন্তর্ভুক্ত প্রামাণিক ঐতিহ্যৰ সংখ্যা ৫৭০টা হ'লগৈ। নতুনকৈ অন্তর্ভুক্ত হোৱাবোৰৰ ভিতৰত ১৪টা হৈছে বৈজ্ঞানিক প্রামাণিক ঐতিহ্য। এইবোৰৰ ভিতৰত আছে প্রথম শতিকাৰ আৰব বিশ্বৰ জ্যোতিশাস্ত্র, গ্ৰহৰ গতি, জ্যোতিষ বিশ্লেষণৰ বিষয়ৰ দলিল ইতহাফ আল-মাহবুব। ইয়াৰ উপৰি নতুনকৈ অন্তর্ভূক্তবোৰৰ ভিতৰত আছে ব্রিটেইনৰ চাৰ্লছ ডাৰউইন, জার্মানিৰ ফ্ৰেডৰিক নীৎজে তথা উইলহেম কনৰাড ৰণ্টজেনৰ মহাপেচখানা (আর্কাইভ)। 

উল্লেখযোগ্য যে এইবাৰৰ দুটা অন্তর্ভুক্তিৰ সৈতে ১৯৯২ চনত আৰম্ভ কৰা ইউনেস্ক'ৰ 'মেমৰী অব্ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰ'ত ভাৰতৰ ১৪টা অন্তর্ভুক্তি হ'ল। ইয়াৰ ভিতৰত আছে পুনেৰ ভাণ্ডাৰকাৰ অৰিয়েন্টেল ৰিছাৰ্চ ইনষ্টিটিউটৰ ঋকবেদৰ ৩০খন পাণ্ডুলিপি (২০০৭), পণ্ডিচেৰীৰ শৈৱ পাণ্ডুলিপি (২০০৫), গিলগিট পাণ্ডুলিপি (২০১৭) আৰু মৈত্ৰয়বাৰকৰণ (২০২৩)।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে