--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এই যে কোৱা হয় প্ৰেমে নামানে বয়সৰ সীমা...প্ৰেমে মাথো জানে ভালপোৱাৰ ঠিকনা ৷উত্তৰ প্ৰদেশৰ বদৌনৰ পৰা পোহৰলৈ আহিছে সম্পৰ্কক লজ্জিত কৰা এক চাঞ্চল্যকৰ ঘটনা ৷ শেহতীয়াকৈ এগৰাকী মহিলা নিজ জীয়েকৰ শহুৰেক অৰ্থাৎ বিয়ৈৰ প্ৰেমত পৰিল। 

জানিব পৰা মতে, মহিলাগৰাকীৰ চাৰিটা সন্তান আছে। এই চাৰি সন্তানৰে এগৰাকী কন্যা সন্তান ২০২২ চনত বিবাহপাশত আবদ্ধ হয়। 

মহিলাগৰাকীৰ নাম মমতা ৷ জীয়েকৰ শহুৰেক শৈলেন্দ্ৰ ওৰফে বিলুক লৈ ঘৰৰ পৰা পলাই যায়। জীৱনে মৰণে দুয়ো একেলগে জীয়াই থকাৰ প্ৰতিশ্ৰুতিৰে এখন টেম্প’ত পলাই যায়। পৰিয়ালৰ লোক যাতে তেওঁলোকৰ প্ৰেমত বাধা হৈ নপৰে, তাৰ বাবে দুয়ো ঘৰৰ পৰা পলাই গ’ল।

মমতাৰ স্বামী সুনীল কুমাৰ পেছাত এজন ট্ৰাক চালক ৷ কৰ্মসূত্ৰে তেওঁ প্ৰায়ে বাহিৰত থাকে ৷ এই সুযোগতে জীয়েকৰ শহুৰেক শৈলেন্দ্ৰৰ লগত মমতাৰ ঘনিষ্ঠতা বাঢ়িল ৷  

ঘটনাৰ সন্দৰ্ভত স্বামী সুনীলে কয়, ‘মই মাহত এবাৰ বা দুবাৰ ঘৰলৈ আহোঁ আৰু লগতে সময়মতে পইচাও পঠাওঁ। কিন্তু মোৰ পত্নী মমতাই মোৰ শহুৰেকক আমাৰ ঘৰলৈ মাতি কি সম্পৰ্ক গঢ়ে মই নাজানো। এতিয়া তেওঁ মোৰ ঘৰৰ গহনা আৰু নগদ ধন লৈ শহুৰৰ লগত পলাই গৈছে।'

মমতাৰ পুত্ৰ শচীনেও এই সম্পৰ্কৰ সত্যতা উদঙাই দিলে। শচীনে ক’লে, দেউতা ঘৰত নাথাকিলে, মায়ে প্ৰতি তৃতীয় দিনত তেওঁক ফোন কৰিছিল। আমাক আন এটা কোঠালৈ যাবলৈ কয়। এতিয়া তেওঁ পলাই গৈছে।' 

চুবুৰীয়া আৱাধেশ কুমাৰে কয় যে শৈলেন্দ্ৰ প্ৰায়ে ৰাতি ১২ বজাত আহি ৰাতিপুৱা ওলাই যায়। চুবুৰীৰ মানুহবোৰে কোনো সন্দেহ কৰা নাছিল কাৰণ তেওঁ আত্মীয় আছিল। কিন্তু এতিয়া সত্য সকলোৰে সন্মুখত ওলাই পৰিছে।

এই সমগ্ৰ বিষয়ত সুনীল কুমাৰে শহুৰেকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে। এই সন্দৰ্ভত ডাটাগঞ্জ আঞ্চলিক বিষয়া কে কে তিৱাৰীয়ে কয়, ‘এগৰাকী মহিলাই শহুৰেকৰ সৈতে যোৱাৰ অভিযোগ পোৱা গৈছে। বিষয়টোৰ তদন্ত চলি আছে, আইন অনুসৰি অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ