--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব মঞ্চত পুনৰ জিলিকিল ভাৰতীয় ছাত্ৰ। বিশ্বৰ কেইবা খনো দেশৰ প্ৰতিযোগীক চেৰ পেলাই বিশ্বৰ সৰ্ববৃহৎ কোডিং প্ৰতিযোগিতাত জিলিকিল ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী (আইআইটি) দিল্লীৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ ছাত্ৰ কলশ গুপ্তা। বিশ্বৰ  ৮৭ খন দেশৰ ১,০০,০০০ তকৈও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা টিচিএছ কোডভিটা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় কোডিং প্ৰতিযোগিতাত ভাৰতীয় ছাত্ৰগৰাকীয়ে নিজৰ দক্ষতাৰ পৰিচয় দি ফলাফলৰ তালিকাত  শীৰ্ষ স্থানত আৰোহণ কৰে।

টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ)-এ এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য  কোডভিটাই বিশ্বৰ সৰ্ববৃহৎ কম্পিউটাৰ প্ৰগ্ৰামিং প্ৰতিযোগিতা বিগত দহ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে। এনে প্ৰতিযোগিতা আয়োজন কৰা বাবে কোডভিটাই   গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনৰ প্ৰথম আৰু দ্বিতীয় ৰানাৰ আপ হিচাবে স্থান দখল কৰে ক্ৰমে চিলি আৰু টাইৱানৰ প্ৰতিযোগীয়ে।প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ভাৰতৰ কলশ গুপ্তাক আইআইটি দিল্লীৰ সঞ্চালক ৰঙ্গন বেনাৰ্জীয়ে সম্বৰ্ধনা জনাইছে।

প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি আহ্লাদিত হৈ পৰা গুপ্তাই কয় —' প্ৰতিযোগিতাত ভাগ লিোৱাৰ সময়ত কেতিয়াও ভবা নাছিলো যে মই আনকি শীৰ্ষ তিনিটা স্থানৰ ভিতৰত থাকিম । প্ৰথম স্থান লাভ কৰাটো মোৰ বাবে এক পাহৰিব নোৱাৰা অভিজ্ঞতা'। 

এই প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ হিচাবে আগবঢ়োৱা হৈছে ১০ হাজাৰ মাৰ্কিন ডলাৰ।

কলশে লগতে কয় যে আৰম্ভণিতে তেওঁ প্ৰতিযোগিতাত স্থান পোৱাৰ বিষয়ত মুঠেও  আত্মবিশ্বাসী নাছিল।

 কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ প্ৰথম সমস্যাটো সমাধান কৰোতে তেওঁ অধিক সময় লৈছিল। কিন্তু পিছলৈ তেওঁ অতি তৎপৰতাৰে সমস্যাসমূহ সমাধান কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ