--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব মঞ্চত পুনৰ জিলিকিল ভাৰতীয় ছাত্ৰ। বিশ্বৰ কেইবা খনো দেশৰ প্ৰতিযোগীক চেৰ পেলাই বিশ্বৰ সৰ্ববৃহৎ কোডিং প্ৰতিযোগিতাত জিলিকিল ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী (আইআইটি) দিল্লীৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ ছাত্ৰ কলশ গুপ্তা। বিশ্বৰ  ৮৭ খন দেশৰ ১,০০,০০০ তকৈও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা টিচিএছ কোডভিটা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় কোডিং প্ৰতিযোগিতাত ভাৰতীয় ছাত্ৰগৰাকীয়ে নিজৰ দক্ষতাৰ পৰিচয় দি ফলাফলৰ তালিকাত  শীৰ্ষ স্থানত আৰোহণ কৰে।

টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ)-এ এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য  কোডভিটাই বিশ্বৰ সৰ্ববৃহৎ কম্পিউটাৰ প্ৰগ্ৰামিং প্ৰতিযোগিতা বিগত দহ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে। এনে প্ৰতিযোগিতা আয়োজন কৰা বাবে কোডভিটাই   গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনৰ প্ৰথম আৰু দ্বিতীয় ৰানাৰ আপ হিচাবে স্থান দখল কৰে ক্ৰমে চিলি আৰু টাইৱানৰ প্ৰতিযোগীয়ে।প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ভাৰতৰ কলশ গুপ্তাক আইআইটি দিল্লীৰ সঞ্চালক ৰঙ্গন বেনাৰ্জীয়ে সম্বৰ্ধনা জনাইছে।

প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি আহ্লাদিত হৈ পৰা গুপ্তাই কয় —' প্ৰতিযোগিতাত ভাগ লিোৱাৰ সময়ত কেতিয়াও ভবা নাছিলো যে মই আনকি শীৰ্ষ তিনিটা স্থানৰ ভিতৰত থাকিম । প্ৰথম স্থান লাভ কৰাটো মোৰ বাবে এক পাহৰিব নোৱাৰা অভিজ্ঞতা'। 

এই প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ হিচাবে আগবঢ়োৱা হৈছে ১০ হাজাৰ মাৰ্কিন ডলাৰ।

কলশে লগতে কয় যে আৰম্ভণিতে তেওঁ প্ৰতিযোগিতাত স্থান পোৱাৰ বিষয়ত মুঠেও  আত্মবিশ্বাসী নাছিল।

 কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ প্ৰথম সমস্যাটো সমাধান কৰোতে তেওঁ অধিক সময় লৈছিল। কিন্তু পিছলৈ তেওঁ অতি তৎপৰতাৰে সমস্যাসমূহ সমাধান কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ