--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আকৌ যেন ঘূৰি আহিছে ক’ভিড! আকৌ পিন্ধিব লাগিব মাস্ক, ল’ব লাগিব চেনিটাইজাৰ৷ দেশৰ এখন ৰাজ্যই ক’ভিডৰ বাবে বলবৎ কৰিছে কঠোৰ নীতি৷ এতিয়াৰে পৰা ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিলে মহাৰাষ্ট্ৰ চৰকাৰে৷ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত৷ কালিৰ দিনটোত মহাৰাষ্ট্ৰত ক’ভিডত আক্ৰান্ত হৈছিল ১,১৩৪গৰাকী লোক৷ ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে নাগৰিকসকলক ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো কঠোৰভাৱে বাধ্যতামূলক কৰিছে৷ ক’ভিড সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাৰ লগে লগে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে এই সিদ্ধান্ত৷ 


ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব ড° প্ৰদীপ ব্যাসে সকলো জিলা উপায়ুক্তলৈ লিখা এখন পত্ৰত ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাৰ বাবে কেইবাটাও নিৰ্দেশ প্ৰদান কৰে।

তেওঁ কয়, বন্ধ ৰাজহুৱা স্থান যেনে ৰে’ল, বাছ, চিনেমাহল, প্ৰেক্ষাগৃহ, কাৰ্যালয়, চিকিৎসালয়, মহাবিদ্যালয়, বিদ্যালয় আদিত মুখা পিন্ধাটো এতিয়াৰে পৰা বাধ্যতামূলক কৰা হৈছে৷ 


সংবাদ মাধ্যমত ড° ব্যাসে ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাইজক মাস্ক পিন্ধিবলৈ পৰামৰ্শ দিয়া হৈছে।

ব্যাসে তেওঁৰ পত্ৰখনত লিখিছিল, যোৱা কেইমাহমানত ৰাজ্যখনত ক’ভিড-১৯ ৰোগীৰ ৰাজ্যখনত লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে৷ আৰু দৈনিক সংক্ৰমণ ১ জুনত তিনিমাহৰ পাছত ১,০০০ৰ ঘৰ অতিক্ৰম কৰিছে৷ বৰ্তমান মুম্বাই মেট্ৰ’পলিটান ৰিজিয়ন আৰু থানেতো সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে৷ 


ড° ব্যাসে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কৈছিল যে ৰাজ্যখন আত্মতুষ্ট হ’ব নোৱাৰে আৰু এতিয়াৰে পৰা সকলো সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। উদ্বেগজনক বিষয়টো এয়ে যে মহাৰাষ্ট্ৰই শেহতীয়াকৈ বি.এ.৪ আৰু বি.এ.৫ উপ-প্ৰকাৰৰ ৰোগী চিনাক্ত কৰিছে৷ যদিও এই সংক্ৰমণত কোনো জটিলতা দেখিবলৈ পোৱা হোৱা নাই, তথাপি যিকোনো আত্মসন্তুষ্টিৰ বিৰুদ্ধে সতৰ্ক হৈ থকাটোহে উচিত বুলি অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে মন্তব্য কৰে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ