--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আকৌ যেন ঘূৰি আহিছে ক’ভিড! আকৌ পিন্ধিব লাগিব মাস্ক, ল’ব লাগিব চেনিটাইজাৰ৷ দেশৰ এখন ৰাজ্যই ক’ভিডৰ বাবে বলবৎ কৰিছে কঠোৰ নীতি৷ এতিয়াৰে পৰা ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিলে মহাৰাষ্ট্ৰ চৰকাৰে৷ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত৷ কালিৰ দিনটোত মহাৰাষ্ট্ৰত ক’ভিডত আক্ৰান্ত হৈছিল ১,১৩৪গৰাকী লোক৷ ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে নাগৰিকসকলক ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো কঠোৰভাৱে বাধ্যতামূলক কৰিছে৷ ক’ভিড সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাৰ লগে লগে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে এই সিদ্ধান্ত৷ 


ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব ড° প্ৰদীপ ব্যাসে সকলো জিলা উপায়ুক্তলৈ লিখা এখন পত্ৰত ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাৰ বাবে কেইবাটাও নিৰ্দেশ প্ৰদান কৰে।

তেওঁ কয়, বন্ধ ৰাজহুৱা স্থান যেনে ৰে’ল, বাছ, চিনেমাহল, প্ৰেক্ষাগৃহ, কাৰ্যালয়, চিকিৎসালয়, মহাবিদ্যালয়, বিদ্যালয় আদিত মুখা পিন্ধাটো এতিয়াৰে পৰা বাধ্যতামূলক কৰা হৈছে৷ 


সংবাদ মাধ্যমত ড° ব্যাসে ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাইজক মাস্ক পিন্ধিবলৈ পৰামৰ্শ দিয়া হৈছে।

ব্যাসে তেওঁৰ পত্ৰখনত লিখিছিল, যোৱা কেইমাহমানত ৰাজ্যখনত ক’ভিড-১৯ ৰোগীৰ ৰাজ্যখনত লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে৷ আৰু দৈনিক সংক্ৰমণ ১ জুনত তিনিমাহৰ পাছত ১,০০০ৰ ঘৰ অতিক্ৰম কৰিছে৷ বৰ্তমান মুম্বাই মেট্ৰ’পলিটান ৰিজিয়ন আৰু থানেতো সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে৷ 


ড° ব্যাসে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কৈছিল যে ৰাজ্যখন আত্মতুষ্ট হ’ব নোৱাৰে আৰু এতিয়াৰে পৰা সকলো সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। উদ্বেগজনক বিষয়টো এয়ে যে মহাৰাষ্ট্ৰই শেহতীয়াকৈ বি.এ.৪ আৰু বি.এ.৫ উপ-প্ৰকাৰৰ ৰোগী চিনাক্ত কৰিছে৷ যদিও এই সংক্ৰমণত কোনো জটিলতা দেখিবলৈ পোৱা হোৱা নাই, তথাপি যিকোনো আত্মসন্তুষ্টিৰ বিৰুদ্ধে সতৰ্ক হৈ থকাটোহে উচিত বুলি অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে মন্তব্য কৰে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ