--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। উপত্যকাটোৰ সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ পাছত ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্ৰ। কিন্তু চৰকাৰৰ প্ৰথম লক্ষ্য হৈ পৰিছে জম্মু-কাশ্মীৰৰ সংখ্যালঘু হিন্দু লোকসকলৰ সুৰক্ষা। এই ক্ষেত্ৰত এক গুৰুত্বপূ্ৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছে যে, চৰকাৰ জম্মু-কাশ্মীৰৰ হিন্দুসকলৰ নৃগোষ্ঠীয় চাফাইৰ অংশ হ’ব নোৱাৰে আৰু এনে ক্ষেত্ৰত তেওঁলোকক জম্মু-কাশ্মীৰৰ পৰা আঁতৰাই অনা নহয়। কেৱল তেওঁলোকক কাশ্মীৰ উপত্যকাৰ নিৰাপদ স্থানতহে সংস্থাপিত কৰা হ’ব। জম্মু-কাশ্মীৰৰ পণ্ডিত সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকক জম্মু-কাশ্মীৰৰ পৰা আঁতৰাই নিয়াৰ বাবে দাবী কৰি থকাৰ সময়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই।

ইফালে, জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ধাৰাবাহিক ঘটনাৰ বাবে দেশৰ চোৰাংচোৱা সংস্থাসমূহে পুনৰ পাকিস্তানক জগৰীয়া কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত শুকুৰবাৰে দিল্লীত অনুষ্ঠিত নিৰাপত্তা বিষয়ক এখন বৈঠকত এই তথ্য প্ৰকাশ কৰিছিল চোৰাংচোৱা সংস্থাৰ মুৰব্বীয়ে। এই সম্পৰ্কত চৰকাৰী সূত্ৰই সংবাদ মাধ্যমৰ আগত কয় যে, ‘জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাম-কাজ বৃদ্ধি হ’ব পাৰে কিন্তু ই জেহাদ নহয়। এই কাৰ্য সংঘটিত কৰি আহিছে কিছুমান হতাশ আৰু লক্ষ্যভ্ৰষ্ট লোকে। এই হিংসাত উচতনি দিয়া লোকসকল পাকিস্তান সীমান্তৰ সমীপত বহি থকা বুলিও মন্তব্য কৰে কেন্দ্ৰই।

ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগত জম্মু-কাশ্মীৰৰ পৰিস্থিতি সম্পৰ্কত তথ্য দাঙি ধৰি বিভিন্ন নিৰাপত্তা সংস্থাসমূহ মুৰব্বীয়ে কয় যে, উপত্যকাটোত তালিবান সন্ত্ৰাসবাদীৰ উপস্থিতিৰ কোনো প্ৰমাণ নাই। নৰেন্দ্ৰ মোদী চৰকাৰে তালিবানৰ সৈতে কূটনৈতিক সম্পৰ্ক আৰম্ভ কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত এয়া এক উল্লেখযোগ্য কথা হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে, আজি জম্মু-কাশ্মীৰৰ পৰিস্থিতি সম্পৰ্কত তিনি লানি আলোচনা অনুষ্ঠিত হয়। নৰ্থ ব্লকত অনুষ্ঠিত প্ৰথমখন আলোচনাত আন্তঃ চোৰাংচোৱা আৰু বহিঃ চোৰাংচোৱা বিভাগৰ মুৰব্বী তথা আইবিৰ সঞ্চালক অৰবিন্দ কুমাৰ আৰু ৰিচাৰ্ছ এণ্ড এনালাইচিছ উয়িঙৰ মুৰব্বী সামন্ত গোৱেল, জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, আৰু আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিং উপস্থিত আছিল। তেওঁলোকে সমগ্ৰ পৰিস্থিতি সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগত বিতং তথ্য দাঙি ধৰে আৰু হিংসাত্মক ঘটনা প্ৰতিৰোধৰ উপায় উলিওৱাৰ বাবে আলোচনা কৰে।

এই বৈঠকতে সৰ্বসন্মতভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, কাশ্মীৰী পণ্ডিতসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হ’ব কিন্তু কাশ্মীৰৰ পৰা তেওঁলোকক আঁতৰাই লৈ অহা নহয়। কেন্দ্ৰৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াই প্ৰকাশ কৰে যে, ‘কেন্দ্ৰীয় চৰকাৰ নৃগোষ্ঠীয় চাফাইৰ অংশ হ’ব নোৱাৰে। চৰকাৰে বহু সাংস্কৃতিক সমাজত বিশ্বাস কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ