--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। উপত্যকাটোৰ সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ পাছত ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্ৰ। কিন্তু চৰকাৰৰ প্ৰথম লক্ষ্য হৈ পৰিছে জম্মু-কাশ্মীৰৰ সংখ্যালঘু হিন্দু লোকসকলৰ সুৰক্ষা। এই ক্ষেত্ৰত এক গুৰুত্বপূ্ৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছে যে, চৰকাৰ জম্মু-কাশ্মীৰৰ হিন্দুসকলৰ নৃগোষ্ঠীয় চাফাইৰ অংশ হ’ব নোৱাৰে আৰু এনে ক্ষেত্ৰত তেওঁলোকক জম্মু-কাশ্মীৰৰ পৰা আঁতৰাই অনা নহয়। কেৱল তেওঁলোকক কাশ্মীৰ উপত্যকাৰ নিৰাপদ স্থানতহে সংস্থাপিত কৰা হ’ব। জম্মু-কাশ্মীৰৰ পণ্ডিত সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকক জম্মু-কাশ্মীৰৰ পৰা আঁতৰাই নিয়াৰ বাবে দাবী কৰি থকাৰ সময়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই।

ইফালে, জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ধাৰাবাহিক ঘটনাৰ বাবে দেশৰ চোৰাংচোৱা সংস্থাসমূহে পুনৰ পাকিস্তানক জগৰীয়া কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত শুকুৰবাৰে দিল্লীত অনুষ্ঠিত নিৰাপত্তা বিষয়ক এখন বৈঠকত এই তথ্য প্ৰকাশ কৰিছিল চোৰাংচোৱা সংস্থাৰ মুৰব্বীয়ে। এই সম্পৰ্কত চৰকাৰী সূত্ৰই সংবাদ মাধ্যমৰ আগত কয় যে, ‘জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাম-কাজ বৃদ্ধি হ’ব পাৰে কিন্তু ই জেহাদ নহয়। এই কাৰ্য সংঘটিত কৰি আহিছে কিছুমান হতাশ আৰু লক্ষ্যভ্ৰষ্ট লোকে। এই হিংসাত উচতনি দিয়া লোকসকল পাকিস্তান সীমান্তৰ সমীপত বহি থকা বুলিও মন্তব্য কৰে কেন্দ্ৰই।

ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগত জম্মু-কাশ্মীৰৰ পৰিস্থিতি সম্পৰ্কত তথ্য দাঙি ধৰি বিভিন্ন নিৰাপত্তা সংস্থাসমূহ মুৰব্বীয়ে কয় যে, উপত্যকাটোত তালিবান সন্ত্ৰাসবাদীৰ উপস্থিতিৰ কোনো প্ৰমাণ নাই। নৰেন্দ্ৰ মোদী চৰকাৰে তালিবানৰ সৈতে কূটনৈতিক সম্পৰ্ক আৰম্ভ কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত এয়া এক উল্লেখযোগ্য কথা হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে, আজি জম্মু-কাশ্মীৰৰ পৰিস্থিতি সম্পৰ্কত তিনি লানি আলোচনা অনুষ্ঠিত হয়। নৰ্থ ব্লকত অনুষ্ঠিত প্ৰথমখন আলোচনাত আন্তঃ চোৰাংচোৱা আৰু বহিঃ চোৰাংচোৱা বিভাগৰ মুৰব্বী তথা আইবিৰ সঞ্চালক অৰবিন্দ কুমাৰ আৰু ৰিচাৰ্ছ এণ্ড এনালাইচিছ উয়িঙৰ মুৰব্বী সামন্ত গোৱেল, জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, আৰু আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিং উপস্থিত আছিল। তেওঁলোকে সমগ্ৰ পৰিস্থিতি সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগত বিতং তথ্য দাঙি ধৰে আৰু হিংসাত্মক ঘটনা প্ৰতিৰোধৰ উপায় উলিওৱাৰ বাবে আলোচনা কৰে।

এই বৈঠকতে সৰ্বসন্মতভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, কাশ্মীৰী পণ্ডিতসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হ’ব কিন্তু কাশ্মীৰৰ পৰা তেওঁলোকক আঁতৰাই লৈ অহা নহয়। কেন্দ্ৰৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াই প্ৰকাশ কৰে যে, ‘কেন্দ্ৰীয় চৰকাৰ নৃগোষ্ঠীয় চাফাইৰ অংশ হ’ব নোৱাৰে। চৰকাৰে বহু সাংস্কৃতিক সমাজত বিশ্বাস কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে