--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :পাকিস্তানৰ বিৰুদ্ধে 'অপাৰেচন সিন্দূৰ'ৰ বিষয়ে বিশ্বৰ বিভিন্ন দেশক অৱগত কৰিব সাংসদসকলৰ প্রতিনিধি দলে। 

কেন্দ্ৰীয় চৰকাৰে সকলো দলৰে নিৰ্বাচিত সাংসদসকলৰ প্রতিনিধি দলক ২২ বা ২৩ মে'ত দহ দিনৰ বাবে বিদেশলৈ প্রেৰণ কৰিব। সাংসদসকলৰ প্ৰতিনিধি দলে আমেৰিকা, ব্রিটেইন, দক্ষিণ আফ্রিকা, কাটাৰ আৰু সংযুক্ত আৰব আমিৰাটৰ দৰে দেশ ভ্ৰমণ কৰি পহলগামৰ সন্ত্রাসবাদী আক্ৰমণ আৰু 'অপাৰেচন সিন্দূৰ'ৰ বিষয়ে অৱগত কৰাৰ লগতে সন্ত্রাসবাদীৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা স্থিতিৰ বিষয়ে জনাব। 

সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, বিদেশলৈ কিমানজন সাংসদ যাব সেইটো এতিয়াও নিশ্চিত হোৱা নাই, কিন্তু সূত্ৰসমূহে প্রকাশ কৰা মতে ৩০জনতকৈ অধিক সাংসদৰ প্রতিনিধি দলক বিদেশলৈ প্ৰেৰণ কৰা হ'ব। আন এটা সূত্ৰৰ মতে, ৫-৬জন সাংসদৰ প্ৰায় ৮টা প্রতিনিধি দলে এই দেশবোৰ ভ্ৰমণ কৰিব। ইয়াত বিজেপি, কংগ্ৰেছ, টি এম চি, জে.ডি (ইউ), ডি এম কে, এন চি পি (শাৰদ), বি জেডি, চি পি আই (এম)ৰ সদস্য থাকিব। বিজেপিৰ তৰফৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু সাংসদ অপৰাজিতা সাৰংগী প্রতিনিধি দলৰ অংশ হ'ব। আনহাতে, কংগ্ৰেছৰ তৰফৰ পৰা শশী থাৰুৰ, মনীষ তিৱাৰী, ছলমান খুৰ্শ্বিদ আৰু অমৰ সিং প্রতিনিধি দলত অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেছীকো সাংসদসকলৰ প্ৰতিনিধি দলত লোৱা হৈছে। 

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই প্রসংগত বিভিন্ন দলৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইফালে, প্রতিনিধি দলৰ বাবে সাংসদ থাৰুৰৰ নাম চৰকাৰে প্ৰস্তাৱ কৰাক লৈ কংগ্রেছে প্রতিক্রিয়া প্রকাশ কৰিছে। কংগ্ৰেছৰ মতে প্রতিনিধি দলৰ সদস্য নিৰ্বাচন কৰাটো দলৰ অভ্যন্তৰীণ বিষয়। ইফালে, কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে প্রধানমন্ত্রীক সমালোচনা কৰিছে। তেওঁ কয় যে প্রধানমন্ত্রী মোদীয়ে দেশৰ সুৰক্ষাৰ প্ৰসংগত ৰাজনৈতিক দলবোৰক আস্থাত লোৱা নাই। ৰমেশে কয় যে পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত 'অপাৰেচন সিন্দূৰ'ক লৈ সৰ্বদলীয় বৈঠক আহ্বানৰ বাবে জনোৱা দাবী প্রধানমন্ত্রীয়ে দুবাৰ প্রত্যাখ্যান কৰে। কংগ্ৰেছে সংসদৰ বিশেষ অধিৱেশন আহ্বানৰ দাবী জনায় যদিও প্রধানমন্ত্রীয়ে ইয়াতো গুৰুত্ব নিদিলে। তেওঁ কয় যে কংগ্রেছ বিদেশলৈ যাব লগা সাংসদৰ প্ৰতিনিধি দলটোত অংশগ্ৰহণ কৰিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ