--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :পাকিস্তানৰ বিৰুদ্ধে 'অপাৰেচন সিন্দূৰ'ৰ বিষয়ে বিশ্বৰ বিভিন্ন দেশক অৱগত কৰিব সাংসদসকলৰ প্রতিনিধি দলে। 

কেন্দ্ৰীয় চৰকাৰে সকলো দলৰে নিৰ্বাচিত সাংসদসকলৰ প্রতিনিধি দলক ২২ বা ২৩ মে'ত দহ দিনৰ বাবে বিদেশলৈ প্রেৰণ কৰিব। সাংসদসকলৰ প্ৰতিনিধি দলে আমেৰিকা, ব্রিটেইন, দক্ষিণ আফ্রিকা, কাটাৰ আৰু সংযুক্ত আৰব আমিৰাটৰ দৰে দেশ ভ্ৰমণ কৰি পহলগামৰ সন্ত্রাসবাদী আক্ৰমণ আৰু 'অপাৰেচন সিন্দূৰ'ৰ বিষয়ে অৱগত কৰাৰ লগতে সন্ত্রাসবাদীৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা স্থিতিৰ বিষয়ে জনাব। 

সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, বিদেশলৈ কিমানজন সাংসদ যাব সেইটো এতিয়াও নিশ্চিত হোৱা নাই, কিন্তু সূত্ৰসমূহে প্রকাশ কৰা মতে ৩০জনতকৈ অধিক সাংসদৰ প্রতিনিধি দলক বিদেশলৈ প্ৰেৰণ কৰা হ'ব। আন এটা সূত্ৰৰ মতে, ৫-৬জন সাংসদৰ প্ৰায় ৮টা প্রতিনিধি দলে এই দেশবোৰ ভ্ৰমণ কৰিব। ইয়াত বিজেপি, কংগ্ৰেছ, টি এম চি, জে.ডি (ইউ), ডি এম কে, এন চি পি (শাৰদ), বি জেডি, চি পি আই (এম)ৰ সদস্য থাকিব। বিজেপিৰ তৰফৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু সাংসদ অপৰাজিতা সাৰংগী প্রতিনিধি দলৰ অংশ হ'ব। আনহাতে, কংগ্ৰেছৰ তৰফৰ পৰা শশী থাৰুৰ, মনীষ তিৱাৰী, ছলমান খুৰ্শ্বিদ আৰু অমৰ সিং প্রতিনিধি দলত অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেছীকো সাংসদসকলৰ প্ৰতিনিধি দলত লোৱা হৈছে। 

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই প্রসংগত বিভিন্ন দলৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইফালে, প্রতিনিধি দলৰ বাবে সাংসদ থাৰুৰৰ নাম চৰকাৰে প্ৰস্তাৱ কৰাক লৈ কংগ্রেছে প্রতিক্রিয়া প্রকাশ কৰিছে। কংগ্ৰেছৰ মতে প্রতিনিধি দলৰ সদস্য নিৰ্বাচন কৰাটো দলৰ অভ্যন্তৰীণ বিষয়। ইফালে, কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে প্রধানমন্ত্রীক সমালোচনা কৰিছে। তেওঁ কয় যে প্রধানমন্ত্রী মোদীয়ে দেশৰ সুৰক্ষাৰ প্ৰসংগত ৰাজনৈতিক দলবোৰক আস্থাত লোৱা নাই। ৰমেশে কয় যে পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত 'অপাৰেচন সিন্দূৰ'ক লৈ সৰ্বদলীয় বৈঠক আহ্বানৰ বাবে জনোৱা দাবী প্রধানমন্ত্রীয়ে দুবাৰ প্রত্যাখ্যান কৰে। কংগ্ৰেছে সংসদৰ বিশেষ অধিৱেশন আহ্বানৰ দাবী জনায় যদিও প্রধানমন্ত্রীয়ে ইয়াতো গুৰুত্ব নিদিলে। তেওঁ কয় যে কংগ্রেছ বিদেশলৈ যাব লগা সাংসদৰ প্ৰতিনিধি দলটোত অংশগ্ৰহণ কৰিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ