--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটিলে এহাল ভাতৃ-ভগ্নীয়ে।  একেলগে দুই সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ-মাতৃ। মহাৰাষ্ট্ৰৰ পালঘৰত ঘটিছে এই ঘটনা। এখন ট্ৰাকে খুন্দা মৰাত মটৰচাইকেলেৰে আহি থকা  ভাতৃ-ভগ্নীৰ মৃত্যু হয়। 

পালঘৰ আৰক্ষী থানাৰ এগৰাকী বিষয়াই জনোৱা মতে, নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পিছৰে পৰা ট্ৰাক চালকজন পলাতক হৈ আছে।

বিষয়াগৰাকীয়ে জনোৱা মতে,  নিশা ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত মংগেশ বিশ্বকৰ্মা (২২) আৰু তেওঁৰ ভগ্নী পূজা বিশ্বকৰ্মা (২৫) মটৰ চাইকেলেৰে আইচক্ৰীম খাবলৈ ওলাই যায়। তেতিয়াই তীব্ৰবেগী ট্ৰাক এখন আহি তেওঁলোকৰ মটৰ চাইকেলখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। 

বিষয়াগৰাকীয়ে জনোৱা মতে, সংঘৰ্ষৰ পিছত মটৰ চাইকেলত থকা আৰোহী দুয়োজনৰ থিতাতে মৃত্যু হয়।

পলাতক ট্ৰাক চালকজনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

ঘটনাটোক লৈ শোক প্ৰকাশ সকলোৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত