--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটিলে এহাল ভাতৃ-ভগ্নীয়ে।  একেলগে দুই সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ-মাতৃ। মহাৰাষ্ট্ৰৰ পালঘৰত ঘটিছে এই ঘটনা। এখন ট্ৰাকে খুন্দা মৰাত মটৰচাইকেলেৰে আহি থকা  ভাতৃ-ভগ্নীৰ মৃত্যু হয়। 

পালঘৰ আৰক্ষী থানাৰ এগৰাকী বিষয়াই জনোৱা মতে, নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পিছৰে পৰা ট্ৰাক চালকজন পলাতক হৈ আছে।

বিষয়াগৰাকীয়ে জনোৱা মতে,  নিশা ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত মংগেশ বিশ্বকৰ্মা (২২) আৰু তেওঁৰ ভগ্নী পূজা বিশ্বকৰ্মা (২৫) মটৰ চাইকেলেৰে আইচক্ৰীম খাবলৈ ওলাই যায়। তেতিয়াই তীব্ৰবেগী ট্ৰাক এখন আহি তেওঁলোকৰ মটৰ চাইকেলখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। 

বিষয়াগৰাকীয়ে জনোৱা মতে, সংঘৰ্ষৰ পিছত মটৰ চাইকেলত থকা আৰোহী দুয়োজনৰ থিতাতে মৃত্যু হয়।

পলাতক ট্ৰাক চালকজনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

ঘটনাটোক লৈ শোক প্ৰকাশ সকলোৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ