--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত প্রতি দিনে ৩০-৪০ টাকৈ চাইবাৰ আক্ৰমণ কৰি আছে। এই চাইবাৰ আক্ৰমণবোৰৰ লক্ষ্য হৈছে চৰকাৰী বিত্তীয় প্রতিষ্ঠান, বিদ্যুৎ আৰু ডাটা চেণ্টাৰৰ দৰে বিভাগ তথা প্রতিষ্ঠান। 

এই চাইবাৰ আক্ৰমণবোৰৰ প্ৰধান লক্ষ্য হ'ল চৰকাৰী ৱেবছাইট হেক কৰা, ডাটা চুৰ কৰা আৰু ভুৱা ট্রেফিকৰ সহায়ত ৱেবছাইট বন্ধ কৰা। ভাৰত-পাকিস্তানৰ যুদ্ধৰ পৰৱৰ্তী সময়ৰ ভূ-ৰাজনৈতিক পৰিস্থিতি তথা চাইবাৰ স্পেচে সম্মুখীন হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী বিভাগসমূহৰ লগতে সকলোকে সতর্ক হৈ থকা তথা চাইবাৰ সুৰক্ষাৰ নিয়মসমূহ কঠোৰভাৱে পালন কৰাৰ নিৰ্দেশ দিয়া হৈছে। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ-বিৰতি হোৱাৰ পাছত চৰকাৰে চাইবাৰ আক্ৰমণৰ পৰা হাত সাৰি থকাৰ কাৰণে সকলো বিভাগলৈ কঠোৰ সতর্কবাণী প্ৰেৰণ কৰিছে। 

উল্লেখযোগ্য যে যুদ্ধ-বিৰতি হোৱাৰ পাছত নেশ্যনেল ইনফর্মেটিক্স চেন্টাৰে (এন আই চি) সকলো মন্ত্ৰ্যালয় তথা বিভাগলৈ যোৱা ১২ মে'ত চাইবাৰ স্পেচত বৃদ্ধি পোৱা আশংকাৰ প্ৰতি সতৰ্ক কৰি দিয়ে। চাইবাৰ আক্ৰমণৰ পৰা সুৰক্ষিত হৈ থকাৰ কাৰণে প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিবলৈ এন আই চিয়ে নির্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা ১০ মে'ত সকলো মন্ত্ৰ্যালয়ৰ সচিবসকললৈ প্ৰেৰণ কৰা এটা নির্দেশত অভ্যন্তৰীণ সুৰক্ষা প্ৰস্তুতিৰ অনুশীলন কৰাৰো নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে প্রযুক্তিৰ উন্নতিৰ লগে লগে চাইবাৰ আক্ৰমণৰ পৰিসৰো বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত জটিলতাও বৃদ্ধি পাইছে। ইলেক্ট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্র্যালয়, এন আই চি আৰু ভাৰতৰ কম্পিউটাৰ ইমার্জেন্সি ৰেছপন্স টীমে পহলগামত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণটোৰ পাছৰে পৰা চাইবাৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে যুঁজ দি আছে। চাইবাৰ সুৰক্ষাৰ বাবে ধাৰ্য কৰা নিয়মসমূহ ব্যক্তিগত ডেস্কটপ/লেপটপৰ লগতে এপ্লিকেশ্যন, ডাটাবেচ, ছাৰ্ভাৰ, ডাটা চেণ্টাৰ আৰু নেটৱৰ্ক পৰ্যায়তো কঠোৰভাৱে মানি চলিবলৈ কোৱা হৈছে। 

চৰকাৰে সকলো প্রতিষ্ঠান তথা সংগঠনত চাইবাৰ সুৰক্ষাৰ নিয়ম তৎক্ষণাৎ তথা কঠোৰভাৱে পালন কৰিবলৈ কয়। এই নিয়মবোৰৰ ভিতৰত আছে সঘনাই পাছৱৰ্ড সলনি কৰা, শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰা, সন্দেহজনক ই-মেইল বা স্পাম ই-মেইলৰ পৰা হাত সাৰি থকা, অপৰিচিত লেন (এল এ এন) নেটৱৰ্ক সঁজুলিৰ (ডিভাইচ) পৰা আঁতৰোৱা, সকলো পাৰ্ছনেল কম্পিউটাৰ/ডিভাইচত অপাৰেটিং ছিষ্টেম শেহতীয়া সংস্কৰণলৈ উন্নীত কৰা আৰু পুৰণি ভাৰ্ছন কম্পিউটাৰ তথা ডিভাইচৰ পৰা আঁতৰাই পেলোৱাও আছে। চৰকাৰে সকলো মন্ত্ৰ্যালয়ত চীফ ইনফর্মেশ্যন ছিকিউৰিটি অফিচাৰৰ জৰিয়তে অভ্যন্তৰীণ সুৰক্ষাৰ প্ৰস্তুতিৰ অনুশীলন কৰাৰো নিৰ্দেশ দিয়ে। 

চৰকাৰী সূত্ৰই এই কথা প্রকাশ কৰি কয় যে ভৱিষ্যতে চাইবাৰ আক্ৰমণৰ আশংকা অধিক বৃদ্ধি পাব আৰু সেয়েহে ইয়াৰ বাবে সতর্ক তথা প্রস্তুত হৈ - থাকিব লাগে। যিহেতু ই-অফিচৰ জৰিয়তে চৰকাৰৰ সৈতে সম্পৰ্ক থকা সকলো কাম-কাজ কৰা হয়, সেয়েহে ভি পি এন একছেছ প্রট'কল কঠোৰভাৱে পালন কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু ৰাজহুৱা কম্পিউটাৰ তথা সঁজুলি ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আনহাতে, চৰকাৰী কৰ্মচাৰী আৰু বিষয়াসকলক তেওঁলোকৰ ফ'ন তথা কম্পিউটাৰত চৰকাৰী তথ্য ষ্ট'ৰ নকৰিবলৈ, থার্ড পার্টি মেছেজিং এপ/ইমেইল বা সামাজিক মাধ্যমৰ জৰিয়তে কোনো স্পৰ্শকাতৰ তথ্য শ্বেয়াৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। চৰকাৰী ৱেবছাইট, এপ্লিকেশ্যন, ডাটাবেচ বা আই টি চি ইনফ্রাষ্ট্ৰাকচাৰ/ছার্ভিছেজ টেষ্টিং, অডিট, অপাৰেশ্যন আদিৰ সৈতে জড়িত সকলো চৰকাৰী বিষয়া-কৰ্মচাৰীলৈ চাইবাৰ সুৰক্ষাৰ বাবে বিশেষ নির্দেশনা প্ৰেৰণ কৰা হৈছে। 

উল্লেখযোগ্য যে পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণটোৰ পাছত ভাৰতত পাকিস্তানৰ সৈতে সম্পৰ্ক থকা হেকাৰে কেইবালাখ চাইবাৰ আক্রমণ কৰে যদিও ইয়াৰে অধিকাংশ ব্যৰ্থ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ