--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ বিৰুদ্ধে বলিং কৰি থাকোঁতে আঘাতপ্ৰাপ্ত হয় হাৰ্দিক পাণ্ডিয়া। নৱম অভাৰৰ শেষৰ তিনিটা বল বিৰাট কোহলীয়ে কৰে। সাধাৰণতে তেওঁ বলিং নকৰে। কিন্তু দলৰ প্ৰয়োজন হ’লে হাত ঘূৰাব পাৰি। হাৰ্দিকৰ আঘাতৰ পিছত কোহলিয়ে তেনেকুৱা কৰা দেখা গৈছিল। তেওঁ তিনিটা বলত ২ ৰান দিয়ে।

ইয়াৰ পূৰ্বেও কোহলীয়ে বিশ্বকাপত তিনিবাৰ বলিং কৰিছে। ২০১১ চনৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১ অভাৰত ৬ ৰান দিছিল। ফাইনেলতো শ্ৰীলংকাৰ বিৰুদ্ধে ১ অভাৰত ৬ ৰান বলিং কৰে। ২০১৫ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১ অভাৰত ৭ ৰান বলিং কৰিছিল। তাৰ আঠ বছৰৰ পাছত কোহলিয়ে পুনৰ বিশ্বকাপত বলিং কৰে।

কোহলীয়ে ছবছৰ পূৰ্বে শেষবাৰৰ বাবে এদিনীয়া ক্ৰিকেটত বলিং কৰিছিল। কলম্বোত শ্ৰীলংকাৰ বিৰুদ্ধে সেই মেচখনত তেওঁ ২ অভাৰত ১২ ৰান দিছিল। ইয়াৰ পিছত তেওঁ টেষ্টত চাৰিবাৰ আৰু টি-২০ত এবাৰ বলিং কৰে। কোহলীয়ে অন্তিমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মেচত বলিং কৰিছিল ২০২২ চনৰ ৩১ আগষ্টত। হংকঙৰ বিৰুদ্ধে এছিয়া কাপৰ খেলখনত কোহলীয়ে ১ অভাৰত ৬ ৰান দিয়ে।

কোহলিৰ প্ৰথমটো বল আছিল এদিনীয়া মেচত। ২০০৯ চনত পাকিস্তানৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফী মেচত তেওঁ ৩ অভাৰত বলিং কৰি ২১ ৰান খৰচ কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ