--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ বিৰুদ্ধে বলিং কৰি থাকোঁতে আঘাতপ্ৰাপ্ত হয় হাৰ্দিক পাণ্ডিয়া। নৱম অভাৰৰ শেষৰ তিনিটা বল বিৰাট কোহলীয়ে কৰে। সাধাৰণতে তেওঁ বলিং নকৰে। কিন্তু দলৰ প্ৰয়োজন হ’লে হাত ঘূৰাব পাৰি। হাৰ্দিকৰ আঘাতৰ পিছত কোহলিয়ে তেনেকুৱা কৰা দেখা গৈছিল। তেওঁ তিনিটা বলত ২ ৰান দিয়ে।

ইয়াৰ পূৰ্বেও কোহলীয়ে বিশ্বকাপত তিনিবাৰ বলিং কৰিছে। ২০১১ চনৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১ অভাৰত ৬ ৰান দিছিল। ফাইনেলতো শ্ৰীলংকাৰ বিৰুদ্ধে ১ অভাৰত ৬ ৰান বলিং কৰে। ২০১৫ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১ অভাৰত ৭ ৰান বলিং কৰিছিল। তাৰ আঠ বছৰৰ পাছত কোহলিয়ে পুনৰ বিশ্বকাপত বলিং কৰে।

কোহলীয়ে ছবছৰ পূৰ্বে শেষবাৰৰ বাবে এদিনীয়া ক্ৰিকেটত বলিং কৰিছিল। কলম্বোত শ্ৰীলংকাৰ বিৰুদ্ধে সেই মেচখনত তেওঁ ২ অভাৰত ১২ ৰান দিছিল। ইয়াৰ পিছত তেওঁ টেষ্টত চাৰিবাৰ আৰু টি-২০ত এবাৰ বলিং কৰে। কোহলীয়ে অন্তিমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মেচত বলিং কৰিছিল ২০২২ চনৰ ৩১ আগষ্টত। হংকঙৰ বিৰুদ্ধে এছিয়া কাপৰ খেলখনত কোহলীয়ে ১ অভাৰত ৬ ৰান দিয়ে।

কোহলিৰ প্ৰথমটো বল আছিল এদিনীয়া মেচত। ২০০৯ চনত পাকিস্তানৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফী মেচত তেওঁ ৩ অভাৰত বলিং কৰি ২১ ৰান খৰচ কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক