--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ বিৰুদ্ধে নিউজিলেণ্ডৰ মিচেল ছাণ্টনাৰে ধৰা কেচটোক বিশ্বকাপৰ শ্ৰেষ্ঠ কেচ বুলি অভিহিত কৰা হৈছে। পিছলৈ দৌৰি গৈ এহাতেৰে কেচটো ধৰে তাৰকাগৰাকীয়ে। ছান্টনাৰ নিজেই এই কেচটোত আচৰিত হৈছে। নিউজিলেণ্ডৰ ক্ৰিকেটাৰগৰাকীয়ে গম পোৱা নাছিল যে তেওঁ বলটো ধৰিব পাৰিবনে নোৱাৰে।

সেই কেচটোৰ কথা উল্লেখ কৰি ছাণ্টনাৰে পিছত কয়, “প্ৰথম অৱস্থাত মই ভবা নাছিলো যে মই বলটোৰ ওচৰ পাব পাৰিম। কিন্তু অৱশেষত মই ধৰিলোঁ। মোৰ বাহু দুটা দলৰ বাকীসকলতকৈ বহুত দীঘল। হয়তো সেইবাবেই ধৰিলোঁ। সেই সময়ত উইকেটৰ অতি প্ৰয়োজন আছিল। কেচটো পাই মই নিজেই আচৰিত হৈছিলো।''

নিউজিলেণ্ডৰ লকি ফাৰ্গুচনে আফগানিস্তানৰ অধিনায়ক হাছমাতুল্লাহ শ্বাহিদীক এটা বাউন্স বল কৰে। শ্বাহিদীয়ে সেই বলটো চম্ভালিব পৰা নাছিল। যিকোনো প্ৰকাৰে শ্বট মাৰে। বলটো তেওঁৰ বেটত খুন্দা মাৰি স্কোৱাৰ লেগ অঞ্চললৈ যায়। ছান্টনাৰ তাত থিয় হৈ আছিল। তেওঁ যথেষ্ট আগবাঢ়ি আছিল। বলটো ওপৰলৈ উঠি যোৱাৰ লগে লগে ছাণ্টনাৰে পিছলৈ দৌৰি যায়। শেষ মুহূৰ্তত শূন্যলৈ জপিয়াই বাওঁহাতেৰে ধৰিলে। নিজে মাটিত পৰিলেও ছাণ্টনাৰে কেচটো এৰি যোৱা নাছিল। বলাৰ ফাৰ্গুচনেও তেওঁৰ কেচটো দেখি আচৰিত হৈছিল। দৌৰি গৈ ছান্টনাৰক সাৱটি ধৰিলে। মন্তব্যকাৰীসকলে ক’লে- এইবাৰ বিশ্বকাপৰ শ্ৰেষ্ঠ কেচ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত