--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ বিৰুদ্ধে নিউজিলেণ্ডৰ মিচেল ছাণ্টনাৰে ধৰা কেচটোক বিশ্বকাপৰ শ্ৰেষ্ঠ কেচ বুলি অভিহিত কৰা হৈছে। পিছলৈ দৌৰি গৈ এহাতেৰে কেচটো ধৰে তাৰকাগৰাকীয়ে। ছান্টনাৰ নিজেই এই কেচটোত আচৰিত হৈছে। নিউজিলেণ্ডৰ ক্ৰিকেটাৰগৰাকীয়ে গম পোৱা নাছিল যে তেওঁ বলটো ধৰিব পাৰিবনে নোৱাৰে।

সেই কেচটোৰ কথা উল্লেখ কৰি ছাণ্টনাৰে পিছত কয়, “প্ৰথম অৱস্থাত মই ভবা নাছিলো যে মই বলটোৰ ওচৰ পাব পাৰিম। কিন্তু অৱশেষত মই ধৰিলোঁ। মোৰ বাহু দুটা দলৰ বাকীসকলতকৈ বহুত দীঘল। হয়তো সেইবাবেই ধৰিলোঁ। সেই সময়ত উইকেটৰ অতি প্ৰয়োজন আছিল। কেচটো পাই মই নিজেই আচৰিত হৈছিলো।''

নিউজিলেণ্ডৰ লকি ফাৰ্গুচনে আফগানিস্তানৰ অধিনায়ক হাছমাতুল্লাহ শ্বাহিদীক এটা বাউন্স বল কৰে। শ্বাহিদীয়ে সেই বলটো চম্ভালিব পৰা নাছিল। যিকোনো প্ৰকাৰে শ্বট মাৰে। বলটো তেওঁৰ বেটত খুন্দা মাৰি স্কোৱাৰ লেগ অঞ্চললৈ যায়। ছান্টনাৰ তাত থিয় হৈ আছিল। তেওঁ যথেষ্ট আগবাঢ়ি আছিল। বলটো ওপৰলৈ উঠি যোৱাৰ লগে লগে ছাণ্টনাৰে পিছলৈ দৌৰি যায়। শেষ মুহূৰ্তত শূন্যলৈ জপিয়াই বাওঁহাতেৰে ধৰিলে। নিজে মাটিত পৰিলেও ছাণ্টনাৰে কেচটো এৰি যোৱা নাছিল। বলাৰ ফাৰ্গুচনেও তেওঁৰ কেচটো দেখি আচৰিত হৈছিল। দৌৰি গৈ ছান্টনাৰক সাৱটি ধৰিলে। মন্তব্যকাৰীসকলে ক’লে- এইবাৰ বিশ্বকাপৰ শ্ৰেষ্ঠ কেচ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ